ETV Bharat / state

SI Junmoni Rabha Case: কি কি প্ৰশ্নৰ সন্মুখীন হ’ল এছ পি লীনা দলে ! - CBI Summons SP Leena Doley

অৱশেষত প্ৰায় পাঁচ ঘণ্টাৰো অধিক সময় চি বি আইৰ জেৰাৰ সন্মুখীন হ'ল এছ পি লীনা দলে। দীঘলীয়া সময় জেৰাৰ অন্তত সন্ধিয়া এছ পি লীনা দলেক যাবলৈ দিয়ে চি বি আইৰ দলে ।

SI Junmoni Rabha Case
কি কি প্ৰশ্নৰ সন্মুখীন হ’ল এছ পি লীনা দলে
author img

By ETV Bharat Assamese Team

Published : Oct 7, 2023, 9:57 PM IST

কি কি প্ৰশ্নৰ সন্মুখীন হ’ল এছ পি লীনা দলে

নগাঁও,7 অক্টোবৰ : ৰাজ্য জোকাৰি যোৱা অসম আৰক্ষীৰ এছ আই জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ তদন্ত কোন দিশে ! ৰহস্য ভেদ কৰিব পাৰিব নে চি বি আয়ে ! ৰাইজৰ মাজত এই প্ৰশ্নৰ অৱতাৰনাৰ মাজতে শনিবাৰে জেৰাৰ সন্মুখীন হ’ল হাইলাকান্দিৰ এচ পি লীনা দলে ৷

শনিবাৰে চি বি আইৰ দলে প্ৰায় পাঁচ ঘণ্টাৰো অধিক সময় জেৰা চলায় এছ পি লীনা দলেক । নগাঁৱৰ তদানীন্তন আৰক্ষী অধীক্ষক তথা বৰ্তমানৰ হাইলাকান্দিৰ আৰক্ষী অধীক্ষক লীনা দলেক শনিবাৰে দীঘলীয়া সময় জেৰা চলোৱাৰ অন্তত সন্ধিয়া যাবলৈ দিয়ে চি বি আইৰ দলে ।

চি বি আয়ে জেৰাৰ বাবে তলব কৰা আৰক্ষী অধীক্ষক লীনা দলে শনিবাৰে পুৱাই নগাঁও আৱৰ্ত ভৱনত থকা চি বি আইৰ দলৰ সন্মুখত উপস্থিত হয় । এছ আই জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ বিতৰ্কত সাঙোৰ খাইছিল এছ পি লীনা দলেৰ নাম ৷

উল্লেখ্য যে, বিগত 15 মে'ৰ নিশা এক দুৰ্ঘটনাত মৃত্যু হোৱা অৱস্থাত উদ্ধাৰ হৈছিল নগাঁৱৰ মৰিকলং আৰক্ষী চকীৰ সেই সময়ৰ ভাৰপ্ৰাপ্ত বিষয়া জোনমণি ৰাভাৰ । এছ আই জোনমণি ৰাভাৰ মৃত্যুৰ পিচতেই সমগ্ৰ ৰাজ্যজুৰি সৃষ্টি হৈছিল চাঞ্চল্যৰ ।

এছ আই জোনমণি ৰাভাৰ মৃত্যুক হত্যাৰ সন্দেহ প্ৰকাশ কৰি উচ্চ পৰ্য্যায়ৰ তদন্তৰ দাবী কৰিছিল জোনমণি ৰাভাৰ পৰিয়ালৰ লগতে বিভিন্ন মহলে । সেই সময়ত লখিমপুৰ জিলাৰ নকল সোণ আৰু জালনোট সৰবৰাহৰ এক বিতৰ্কতো সাঙোৰ খাইছিল প্ৰয়াত এছ আই জোনমণি ৰাভা ।

পৰিয়াল তথা ৰাজ্যজুৰি উত্থাপন হোৱা দাবীত মৃত্যুৰ এটা দিন পিচতেই অসম আৰক্ষীৰ অনুসন্ধান শাখা আৰম্ভ কৰিছিল তদন্ত । কিন্তু পৰৱৰ্তী সময়ত এছ আই জোনমণি ৰাভাৰ মৃত্যুৰ তদন্তৰ দায়িত্ব চি বি আইক অৰ্পণ কৰে অসম চৰকাৰে । গোচৰটোৰ তদন্তৰ দায়িত্ব লাভ কৰিয়েই চি বি আইৰ ডি আই জি লাভলী কটিয়াৰৰ নেতৃত্বত চি বি আইৰ এটা দল উপস্থিত হৈ আৰম্ভ কৰে তদন্ত প্ৰক্ৰিয়া ।

এছ আই জোনমণি ৰাভাৰ মৃত্যুৰ পিচতেই বিতৰ্কত সাঙোৰ খাইছিল সেই সময়ৰ নগাঁৱৰ আৰক্ষী অধীক্ষক লীনা দলেসহ কেইবাজনো আৰক্ষী বিষয়াৰ নাম । জোনমণি ৰাভাৰ মৃত্যু বিতৰ্কত সাঙোৰ খোৱা আটাইকেইজন অভিযুক্ত আৰক্ষী বিষয়াক চি বি আইয়ে জেৰা চলাইছিল যদিও এছ পি লীনা দলেক জেৰা নকৰা বিষয়টোক লৈ আৰম্ভ হৈছিল ব্যাপক চর্চা।

অৱশেষত এছ পি লীনা দলেক শনিবাৰে নগাঁও আৱৰ্ত ভৱনত জেৰা চলায় চি বি আয়ে ।

লগতে পঢ়ক;SP Leena Doley in Nagaon : নগাঁও আৱৰ্ত ভৱনত উপস্থিত SP লীনা দলে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.