ETV Bharat / state

নগাঁৱত আৰক্ষীৰ জালত চোৰাং গৰু সৰবৰাহকাৰী

ৰাজ্যত অব্যাহত আছে গৰুৰ ছিণ্ডিকেট ৷ অবৈধভাৱে গৰু সৰবৰাহ কৰা কেইবাখনো বাহন জব্দ ৷ নগাঁও আৰক্ষীৰ বৃহৎ সফলতা ৷

নগাঁৱত অব্যাহত গৰুৰ চোৰাং বেহা
নগাঁৱত অব্যাহত গৰুৰ চোৰাং বেহা
author img

By

Published : Feb 22, 2021, 10:38 AM IST

নগাঁও,22 ফেব্ৰুৱাৰী : ৰাজ্যৰ আৰক্ষীৰ চকুত ধূলিত মাৰি আজিও অব্যাহত আছে পশুধনৰ সৰবৰাহ ৷ এই সৰবৰাহৰ সমান্তৰালকৈ চলি আছে ছিণ্ডিকেটৰাজ ৷ কিছুদিন পূৰ্বে নগাঁৱত আৰক্ষীয়ে কৰায়ত্ত কৰিছিল গৰু সৰবৰাহকাৰীক ৷ পুনৰাই আৰক্ষীৰ চকুত ধূলি মাৰি একাংশ দুষ্টচক্ৰই অব্যাহত ৰাখিছে এই সৰবৰাহ কাৰ্য ৷ শেহতীয়াকৈ নগাঁও আৰক্ষীয়ে জব্দ কৰিছে চোৰাং গৰুসহ কেইবাখনো বাহন ৷ ঘটনাৰ বিৱৰণী অনুসৰি, জিলাখনৰ বৰঘাট বাইপাছত দেওবাৰে নিশা আৰক্ষীয়ে এখন ট্ৰাক আৰু পাঁচখন বলেৰ’ পিক আপ ভানত কঢ়িয়াই অনা প্ৰায় 56 টাকৈ পশুধন জব্দ কৰে ৷ লগতে ঘটনা সন্দৰ্ভত আটক কৰে বহুকেইজন লোকক ৷

কলিয়াবৰৰ দিশৰ পৰা আনি থকা পশুধনসমূহ যোৰাবাটেৰে মেঘালয় হৈ বাংলাদেশলৈ নিয়াৰ পৰিকল্পনা কৰিছিল চক্ৰটোৱে ৷ এই সন্দেহ প্ৰকাশ কৰিছে অভিযানকাৰী আৰক্ষীৰ দলে ৷ সম্প্ৰতি অধিক তথ্যৰ বাবে আটক কৰা ব্যক্তি কেইজনক সোধ-পোছ অব্যাহত ৰাখিছে নগাঁও আৰক্ষীয়ে ৷ উল্লেখ্য যে,দলটোৱে ৰূপহীহাট, চামগুৰি, জুৰীয়া আৰু কলিয়াবৰ আদি অঞ্চলৰ বিভিন্ন স্থানৰ পৰা প্ৰায়ে চোৰাংকৈ বাংলাদেশলৈ পশুধন সৰবৰাহ কৰি আহিছিল গৰুৰ ছিণ্ডিকেটৰ লগত জড়িত আন এক অসাধু চক্ৰ ৷

লগতে চাওক: দেশবাসীলৈ 88 টা ৰে’ল প্ৰকল্প উপহাৰ পীযুষ গোৱেলৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.