চামগুৰি, ২৬ ডিচেম্বৰ : ৰাজ্যত অব্যাহত আছে গৰু চিণ্ডিকেট (Cattle syndicate in Assam)। চিণ্ডিকেটৰ সৈতে জড়িত একাংশ দুষ্টচক্ৰই ৰাজ্যৰ ভিন্ন প্ৰান্তত চোৰাং গৰুৰ সৰবৰাহ অব্যাহত ৰাখিছে । ইয়াৰ মাজতে চিণ্ডিকেট চক্ৰৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত আছে । এইবাৰ নগাঁও জিলাত আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ নেতৃত্বত চলিছে গৰু চিণ্ডিকেটৰ বিৰুদ্ধে অভিযান(Nagaon police against cattle smuggling) ।
![Cattle syndicate in Assam](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-smg-01-26dec-cattle-recover-visbite-asc10079_26122021181849_2612f_1640522929_897.jpg)
তেনে এক অভিযানৰ মাজতে বৰঘাটত আৰক্ষীয়ে আটক কৰে ৫ গৰু সৰবৰাহকাৰীক (Cattle smugglers detained in Nagaon)। অভিযানত এখন চুইফট ডিজায়াৰ বাহন আৰু দুখন ট্ৰাকো জব্দ কৰে আৰক্ষীয়ে । সৰবৰাহকাৰী কেইটাৰ পৰা আৰক্ষীয়ে ৪২ টাকৈ চোৰাং গৰু উদ্ধাৰ কৰে ।
ধৃত গৰু সৰবৰাহকাৰী কেইজন ক্ৰমে জান বৰা, মোস্তাফা আহমেদ, ৰুছতম আলী, ভৃগু বাইলুং আৰু আজিবুৰ ৰহমান বুলি জানিব পৰা গৈছে । আৰক্ষী সূত্ৰই জানিবলৈ দিয়া মতে AS-০১-NC-১৮৪৩ আৰু AS-০১-LC-৫১৫৭ নম্বৰৰ দুখন ট্ৰাকেৰে শিৱসাগৰ জিলাৰ ৰাজমাই বজাৰৰ পৰা ন-খুটিৰ দিশে গৰুখিনি সৰবৰাহৰ চেষ্টা কৰিছিল লোককেইজনে ।
![Cattle syndicate in Assam](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-smg-01-26dec-cattle-recover-visbite-asc10079_26122021181849_2612f_1640522929_114.jpg)
আৰক্ষীয়ে গৰু সৰবৰাহকাৰী কেইটাই ব্যৱহাৰ কৰা AS-০২-Z-৬১১১ নম্বৰৰ চুইফট ডিজায়াৰ খন জব্দ কৰে । ইফালে এই গৰু সৰবৰাহকাৰী চক্ৰটোৰ সৈতে বৰঘাট আৰক্ষী চকীৰ এজন কনিষ্টবল আৰু এজন হোম গাৰ্ড জড়িত থকাৰো গুৰুতৰ অভিযোগ উত্থাপন হৈছে ।
লগতে পঢ়ক :Police officer attacked in Karimganj : ড্ৰাগছ বিৰোধী অভিযান চলাই আক্ৰমণৰ বলি OC সুৰজ দত্ত