ETV Bharat / state

তপতজুৰিৰ 18 টাকৈ বন্যহস্তীৰ মৃত্যু সন্দৰ্ভত জামিনবিহীন গোচৰ ৰুজু

author img

By

Published : Jul 27, 2021, 9:27 PM IST

এইবাৰ বিপদৰ সন্মুখীন হৈছে নগাঁও বন সংমণ্ডল বিষয়াকে ধৰি কেইবাজনো উচ্চপদস্থ বিষয়া ৷ জামিনবিহীন ধাৰাত বিষয়াকেইজনৰ বিৰুদ্ধে ৰুজু হৈছে গোচৰ ৷ বিভাগীয় বিষয়াক দোষমুক্ত কৰিবলৈ আপ্ৰাণ চেষ্টা অব্যাহত ৰখাৰ অভিযোগ উত্থাপন হৈছে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ বিৰুদ্ধে ৷

case-registered-against-high-profile-forest-officers-over-death-of-18-elephants
তপতজুৰিৰ 18 টাকৈ বন্যহস্তীৰ মৃত্যু সন্দৰ্ভত জামিনবিহীন গোচৰ ৰুজু

নগাঁও, 27 জুলাই : বিগত 14 মে'ত নগাঁৱৰ বামুণীৰ তপতজুৰিৰ পাহাৰত একেলগে 18 টাকৈ বন্যহস্তীৰ মৃত্যুক কেন্দ্ৰ কৰি আজিও অব্যাহত প্ৰতিক্ৰিয়া ৷ ঘটনা সন্দৰ্ভত শেহতীয়াকৈ নগাঁও বন সংমণ্ডল বিষয়াকে ধৰি কেইবাজনো উচ্চ পদস্থ বিষয়াৰ বিৰুদ্ধে ৰুজু হৈছে গোচৰ ৷ এজিউৰ নামৰ সৌৰশক্তি প্ৰকল্প নিৰ্মাণ কৰা কোম্পানীৰ বিৰুদ্ধেও ইতিমধ্যে জামিনবিহীন ধাৰাত ৰুজু হৈছে গোচৰ ৷ এই গোচৰৰ ভিত্তিত নিৰপেক্ষ তদন্ত কৰিবলৈ অসম আৰক্ষীক আহ্বান জনাইছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৷

উক্ত ঘটনাক লৈ বিশিষ্ট পৰিৱেশ কৰ্মী অপূৰ্ব পল্লৱ গোস্বামীয়ে 3 জুনত স্থানীয় চামগুৰি আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল ৷ তেওঁ নগাঁও বন সংমণ্ডল বিষয়াকে ধৰি কেইবাজনো উচ্চপদস্থ বিষয়াৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল যদিও বিভিন্ন অজুহাত দেখুৱাই আৰক্ষীয়ে গোচৰটো ৰুজু নকৰাৰ অভিযোগ উত্থাপন হৈছিল ৷ অৱশেষত 3 জুনত দাখিল কৰা এজাহাৰৰ ভিত্তিত চামগুৰি আৰক্ষীয়ে সম্প্ৰতি ৰুজু কৰিছে গোচৰ ৷ চামগুৰি আৰক্ষীয়ে 247/21 নম্বৰত ভাৰতীয় দণ্ডবিধিৰ 120B/427/429 ধাৰাৰ অধীনত ৰেঞ্জাৰ, নগাঁৱৰ বন সংমণ্ডল বিষয়াকে ধৰি কেইবাজনো উচ্চপদস্থ বন বিষয়াৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে ৷

উক্ত ৰুজু হোৱা গোচৰৰ ভিত্তিত নিৰপেক্ষ তদন্ত কৰিবলৈ আহ্বান জনাইছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিয়ে ৷ বামুণী অঞ্চলত কৃষকক উচ্ছেদ কৰি হস্তীদণ্ডিত সৌৰ শক্তি প্ৰকল্প নিৰ্মাণ কৰা এজিউৰ নামৰ প্ৰকল্পটোৰ বিৰুদ্ধেও ৰুজু হোৱা গোচৰৰ ভিত্তিত কোম্পানীটোৰ সৈতে জড়িত লোকক গ্ৰেপ্তাৰৰ দাবী জনাইছে সংগঠনটোৱে ৷ উল্লেখ্য যে, ঘটনাটো সংঘটিত হোৱাৰ দিনৰ পৰাই বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই বজ্ৰপাতৰ ফলত হাতীকেইটাৰ মৃত্যু হোৱা বুলি দাবী কৰি আহিছিল ৷

আনকি মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনতো বজ্ৰপাতত মৃত্যু হোৱা বুলি ৰাজহুৱা ঘোষণা কৰিছিল বিভাগীয় মন্ত্ৰী পৰিমল শুক্লবৈদ্যই ৷ কেৱল দুটা হাতীৰ মৰণোত্তৰ পৰীক্ষা কৰিয়েই প্ৰতিবেদন ৰাজহুৱা কৰাৰ অভিযোগ উত্থাপন কৰিছে পৰিৱেশ কৰ্মী অপূৰ্ব পল্লব গোস্বামীয়ে ৷ এতিয়া ৰাইজৰ মনত প্ৰশ্নৰ উদয় হৈছে, জামিনবিহীন ধাৰাত গোচৰ ৰুজু হোৱাৰ পিছত এতিয়া বিয়াগোম বিষয়াসকলৰ লগতে ব্যক্তিগত কোম্পানীটোৰ সৈতে জড়িত লোকক গ্ৰেপ্তাৰ কৰি সাহস দেখুৱাব পাৰিব নে চামগুৰি আৰক্ষীয়ে ?

লগতে পঢ়কঃ গোলাঘাটত বন্যহস্তীৰ গচকত এজনৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.