নগাঁও,9 ডিচেম্বৰ : নগাঁৱত ক'লা পতাকা উৰুৱাই ক'লা দিৱস পালন অগপ নেতা-কৰ্মীৰ। কেবৰ বিৰুদ্ধে সৰৱ হৈ অগপ নেতা-কৰ্মীয়ে পালন কৰে এই ক'লা দিৱস ৷
আজি লোকসভাত কেন্দ্ৰীয় চৰকাৰে উত্থাপন কৰে নাগৰিকত্ব সংশোধনী বিধেয়ক ৷ ইতিমধ্যেই এই বিধেয়কখন বাতিলৰ বাবে দাবী জনায় ৰাজ্যবাসী তথা প্ৰতিটো দল-সংগঠনে সাব্যস্ত কৰি আহিছে প্ৰতিবাদ ৷ এই বিধেয়কখন একাংশ অগপ নেতৃত্বই সমৰ্থন কৰাৰ সময়তে আঞ্চলিক দলটোৰ বহু নেতা-কৰ্মীয়ে কেবৰ বিৰুদ্ধে ক'লা পতাকা উৰুৱাই সাব্যস্ত কৰে প্ৰতিবাদ। নগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ প্ৰৱেশদ্বাৰৰ সমীপৰ মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিৰ সন্মুখত ক'লা পতাকা উৰুৱাই ক'লা দিৱস পালন কৰে আঞ্চলিক দলটোৰ নগাঁও সদৰ সমষ্টি কমিটিয়ে।
অন্য এক খবৰৰ বাবে : ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বন্ধৰ সৰ্বাত্মক প্ৰভাৱ
আনহাতে,বিজেপি চৰকাৰে জাতিৰ পিতা মহাত্মা গান্ধীয়ে প্ৰতিষ্ঠা কৰা গণতন্ত্ৰক হত্যা কৰা বুলি নগাঁও জিলা অগপৰ বহুকেইজন নেতাই উল্লেখ কৰি চৰকাৰৰ বিৰুদ্ধে সাব্যস্ত কৰে প্ৰতিবাদ। প্ৰতিবাদকাৰীসকলৰ দাবী কোনো কাৰণত মানি লোৱা নহ'ব জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক।