কলিয়াবৰ,15 নৱেম্বৰঃ কলিয়াবৰ মহকুমাৰ অন্তৰ্গত বাগৰিৰ পিচতেই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যঘ্ৰ প্ৰকল্পৰ অন্তৰ্গত বুঢ়াপাহাৰ বনাঞ্চল দৰ্শনাৰ্থীৰ বাবে আনুষ্ঠানিকভাবে মুকলি কৰে দেওবাৰে জল সম্পদ মন্ত্ৰী কেশৱ মহন্তই । ৰাষ্ট্ৰীয় উদ্যানখনত নতুনকৈ সংযোগ হোৱা বান্দৰডুবিৰ লগতে চিৰাং পাহাৰৰ প্ৰাকৃতিক সৌদৰ্য উপভোগ কৰিব পৰাকৈ উদ্যান কৰ্তৃপক্ষই সু-ব্যৱস্থা কৰিছে ।
দেওবাৰে মুকলি অনুষ্ঠানত উপস্থিত থাকে অসমীয়া ছবি জগতৰ অভিনেত্ৰী আশা বৰদলৈ, বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যঘ্ৰ প্ৰকল্পৰ সঞ্চালক পি. শিৱকুমাৰ, নগাঁও বন সংমণ্ডলৰ প্ৰাধিকাৰী ৱিগ্নেশ, নগাঁও জিলাৰ অতিৰিক্ত উপায়ুক্ত তথা কলিয়াবৰ মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি বিতোপন নেওগ, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যঘ্ৰ প্ৰকল্পৰ বন প্ৰাধিকাৰী ৰমেশ চন্দ্ৰ গগৈসহ অনান্য বিষয়াবৰ্গ উপস্থিত থাকে।
উল্লেখযোগ্য যে, ক’ৰণা সংক্ৰমণৰ সময়তে দেশীয় পৰ্যটকৰ বাবে কজিৰঙা ৰাষ্ট্ৰীয় উদ্যান যোৱা ২১ অক্টোবৰ তাৰিখে কঁহৰা আৰু বাগৰি, ৮ নৱেম্বৰত অগৰাতলী বনাঞ্চল দৰ্শনাৰ্থীৰ বাবে মুকলি কৰাৰ পিছত দেওবাৰে বুঢ়াপাহাৰ বনাঞ্চলৰ লগতে বান্দৰডুবি আৰু চিৰাং পাহাৰ মুকলি কৰে।

লগতে পঢ়কঃনগা ভূমিৰ অখণ্ডতাকলৈ আকৌ তৎপৰ এন এছ চি এন, উত্তপ্ত হোৱাৰ আশংকা মনিপুৰ !