বটদ্ৰৱা,7 মে’ঃ প্ৰতিবছৰে বুদ্ধ পূৰ্ণিমাৰ দিনটোত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্রৱাত তিনি উৎসৱৰ সমাহাৰ ঘটে । ফলত তীৰ্থস্থানখনিত পৰিলক্ষিত হয় ভক্তৰ অভূতপূৰ্ব জন সমাগম ৷ কিন্তু পূৰ্বৰ ইতিহাস দোহৰাৰ পৰিৱৰ্তে বৃহস্পতিবাৰে থানত বিৰাজ কৰে নিমাওমাও পৰিৱেশে ৷ লক্ ডাউনৰ বাবে প্ৰভাৱিত বটদ্ৰৱা থানত জনশূন্য পৰিৱেশ দ্বিতীয়বাৰৰ বাবে সৃষ্টি হয় ৷ ইয়াৰ পূৰ্বে কা বিৰোধী আন্দোলনৰ সময়ত থানখনত সৃষ্টি হৈছিল জনশূন্য পৰিৱেশ ৷
আনহাতে, থানখনৰ কৰ্মকৰ্তাই অনুষ্টুপীয়াকৈ অনুষ্ঠিত কৰা বুদ্ধ পূৰ্ণিমা বটদ্ৰৱা থানৰ বাবে ইতিহাস হৈ ৰ’ব ৷ ইয়াৰ লগতে প্রতিবছৰে ব’হাগ মাহৰ পূৰ্ণিমাত সতী ৰাধিকা উৎসৱ উদযাপন কৰা হয় । এইবছৰ থান পৰিচালনা সমিতিৰ উদ্যোগত ধৰ্মধ্বজা উত্তোলন আৰু নিয়মীয়া নাম-কীৰ্তনৰ মাজেৰে অনুষ্টুপীয়াকৈ এই উৎসৱ পালন কৰে ৷ সত্ৰাধিকাৰ দেৱানন্দ দেৱগোস্বামীয়ে থান পৰিচালনা কৰ্তৃপক্ষৰ তৰফৰ পৰা ধৰ্মধ্বজা উত্তোলন কৰে ।
লগতে চাওকঃ ফুড ট্ৰাকৰ জৰিয়তে দৰিদ্ৰজনক খাদ্য বিতৰণ চলমান খানৰ