ETV Bharat / state

জৰাজীৰ্ণ কাঠৰ দলঙৰ বাবেই এম্বুলেঞ্চ হ'ল ঠেলা - জৰাজীৰ্ণ কাঠৰ দলং

জৰাজীৰ্ণ কাঠৰ দলঙৰ বাবেই দুৰ্ভোগ বিধায়ক নুৰুল হুদাৰ সমষ্টিৰ কেবাখনো গাঁৱৰ বাসিন্দাৰ । দলং নথকাৰ বাবেই নাযায় এম্বুলেঞ্চ। যাৰ বাবে ঠেলাৰে নিবলগীয়া হয় ৰোগী।

BROKEN BRIDGE MAKE PEOPLE IRRITATE
জৰাজীৰ্ণ কাঠৰ দলঙৰ বাবেই এম্বুলেঞ্চ হ'ল ঠেলা
author img

By

Published : Jan 27, 2020, 7:29 PM IST

নগাঁও, 27 জানুৱাৰীঃ মৰণফান্দলৈ পৰিণত হোৱা এখন কাঠৰ দলঙে জ্বালাকলা খুৱাইছে কেবাখনো গাঁৱৰ ৰাইজক ৷ দলংখন আছে কংগ্ৰেছী বিধায়ক নুৰুল হুদাৰ সমষ্টি ৰূপহীহাটৰ বৰপেটাত। সমষ্টিবাসীৰ এনে সমস্যাৰ খবৰ ৰাখিবলৈ আহৰি নোপোৱা বিধায়ক নুৰুল হুদাক আমি অৱগত কৰিব বিচাৰিছোঁ ৰূপহীহাটবাসীৰ দুৰ্ভোগ। এখন দলঙৰ অভাৱত পানীত হাঁহ নচৰা অৱস্থা হৈছে ৰাইজৰ। চাওঁক এই প্ৰতিবেদন..

জৰাজীৰ্ণ কাঠৰ দলঙৰ বাবেই এম্বুলেঞ্চ হ'ল ঠেলা

নগাঁও, 27 জানুৱাৰীঃ মৰণফান্দলৈ পৰিণত হোৱা এখন কাঠৰ দলঙে জ্বালাকলা খুৱাইছে কেবাখনো গাঁৱৰ ৰাইজক ৷ দলংখন আছে কংগ্ৰেছী বিধায়ক নুৰুল হুদাৰ সমষ্টি ৰূপহীহাটৰ বৰপেটাত। সমষ্টিবাসীৰ এনে সমস্যাৰ খবৰ ৰাখিবলৈ আহৰি নোপোৱা বিধায়ক নুৰুল হুদাক আমি অৱগত কৰিব বিচাৰিছোঁ ৰূপহীহাটবাসীৰ দুৰ্ভোগ। এখন দলঙৰ অভাৱত পানীত হাঁহ নচৰা অৱস্থা হৈছে ৰাইজৰ। চাওঁক এই প্ৰতিবেদন..

জৰাজীৰ্ণ কাঠৰ দলঙৰ বাবেই এম্বুলেঞ্চ হ'ল ঠেলা
Intro:জৰাজীৰ্ণ কাঠৰ দলঙৰ বাবেই দুৰ্ভোগ বিধায়ক নুৰুল হুদাৰ সমষ্টিৰ কেবাখনো গাঁৱৰ। দলং নথকাৰ বাবেই নাযায় এম্বুলেঞ্চ। যাৰ বাবে ঠেলাৰে নিবলগীয়া হয় ৰোগী। Body:দলং নে মৰণফান্দ।
হয় মৰণফান্দলৈ পৰিণত হোৱা এইখন কাঠৰ দলঙৰ কথাই কৈছোঁ। দলংখন আছে কংগ্ৰেছী বিধায়ক নুৰুল হুদাৰ সমষ্টি ৰূপহীহাটৰ বৰপেটাত। সমষ্টিবাসীৰ এনে সমস্যাৰ খবৰ ৰাখিবলৈ আহৰি নোপোৱা বিধায়ক নুৰুল হুদাক আমি দেখুৱাইছোঁ ৰূপহীহাটবাসীৰ দুৰ্ভোগ। এখন দলঙৰ অভাৱত এনে দুৰ্ভোগ ৰাইজৰ। চাওক এই দৃশ্য। এখন ঠেলাৰে লৈ যোৱা হৈছে সংকটজনক অৱস্থাৰ এগৰাকী ৰোগী। সোমবাৰে পুৱাই হঠাৎ অগ্নিদগ্ধ হোৱা ৰূপহীহাটৰ বৰপেটা গাঁৱৰ চাফিয়া খতানুক ঠেলাৰে লৈ যোৱা হৈছে চিকিৎসালয়লৈ। কাৰণ এইখন জৰাজীৰ্ণ দলঙৰ বাবে নাহে এম্বুলেঞ্চ। এম্বুলেঞ্চ নহাৰ বাবেই গাঁওবাসীৰ বাবে ঠেলাই হৈছে এম্বুলেঞ্চ। এখন দুখন নহয় কুৰিখনৰো অধিক গাঁৱৰ ৰাইজে যাতায়ত কৰে এইখন জৰাজীৰ্ণ দলঙেৰেই। প্ৰতিদিনেই এইখন দলঙেৰেই মৰণত হৰণ দি বিদ্যালয়লৈ অহা যোৱা কৰে বহু ছাত্ৰ ছাত্ৰী। অতিষ্ঠ ৰাইজে বহুবাৰ জনাইছে আবেদন নিবেদন। আবেদন জনাই জনাই ভাগৰি পৰিছে স্থানীয় ৰাইজ।
Bite-

কিন্তু কোনো গুৰুত্বই নাই স্থানীয় বিধায়ক তথা সংশ্লিষ্ট বিভাগৰ। যেন প্ৰতিশ্ৰুতিয়েই নুৰুল হুদাৰ শেষ দায়িত্ব , আৰু উন্নয়নৰ ঢাক ঢোল বজায়েই দায়িত্ব সামৰাটো চৰকাৰৰ লক্ষ্য হৈ পৰিছে। পৰিবৰ্তনৰ নামত গঠিত চৰকাৰৰ এয়াই বাস্তৱ উন্নয়ন
-------------------_______________
ৰকিবুল ওৱাহিদ, নগাঁও
27-1-20Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.