নগাঁও,28জুন: টেবুলৰ তলেৰে নহয়, এইবাৰ ডিজিটেল পদ্ধতিত চলিছে উৎকোচৰ বজাৰ । নিবনুৱাৰ নাম পঞ্জীয়নৰ বাবেও এতিয়া দিব লগীয়া হয় চাহ পানীৰ খৰচ । নগাঁৱৰ নিয়োগ বিনিময় কেন্দ্ৰৰ কৰ্মচাৰীয়ে নিবনুৱাৰ পৰা অনলাইন যোগে ধন সংগ্ৰহ কৰাৰ অভিযোগে সৃষ্টি কৰিছে প্ৰতিক্ৰিয়াৰ । দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ডিজিটেল পদ্ধতিৰ লেনদেন কৰাত গুৰুত্ব দিয়াৰ সময়তে একাংশ বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে উত্থাপন হৈছে ডিজিটেল পদ্ধতিত উৎকোচ লোৱাৰ অভিযোগ ৷
নগাঁৱৰ নিয়োগ বিনিময় কেন্দ্ৰত নাম পঞ্জীয়নৰ বাবে যোৱা এগৰাকী যুৱতীক চাহ খৰছৰ বাবে ধন বিচৰাৰ অভিযোগ উত্থাপন হৈছে নগাঁৱৰ নিয়োগ বিনিময় কেন্দ্ৰটোৰ এগৰাকী কৰ্মচাৰীৰ বিৰুদ্ধে । হাতত ধন নথকা যুৱতীগৰাকীয়ে অৱশেষত গুগল পে কৰি হলেও দিব লগীয়া হল ধন ।
দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনীল নীতিৰ কথা কোৱা সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখনে উৎকোচৰ এনে অভিনৱ পন্থাৰ বিৰুদ্ধে এতিয়া কেনে ব্যবস্থা গ্ৰহণ কৰে সেয়া হব লক্ষণীয় ।