বঢ়মপুৰ, 27মে': ৰাজ্যত নেৰানেপেৰা বৰষুণৰ ফলত বাঢ়ি আহিছে নৈৰ বাঢ়নী পানী ৷ যাৰ ফলত নৈয়ে উটুৱাই নিছে এখনৰ পিছত আনখন বাঁহৰ দলং ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ধাৰাষাৰ বৰষুণৰ ফলত ওফন্দি পৰিল নগাঁও জিলাৰ কামপুৰৰ বৰপানী নৈৰ জলপৃষ্ঠ ৷ বৰপানীৰ নৈৰ বাঢ়নী পানীয়ে উটুৱাই নিলে হাতীখুটি পাৰঘাটৰ বাঁহৰ দলং । দলং উটুৱাই নিয়াত এতিয়া হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে কামপুৰৰ 15 খনকৈ গাঁৱৰ ৰাইজৰ মাজত ৷ ৰাইজৰ দান-বৰঙণিৰে নিৰ্মাণ কৰা দলংখন এতিয়া নৈৰ পানীয়ে উটুৱাই লৈ যোৱাত টুলুঙা নাৱেই একমাত্ৰ ভৰষা হৈ পৰিছে অঞ্চলটোৰ ৰাইজৰ ৷ আনহাতে গভীৰ সংকটত পৰা ৰাইজে চৰকাৰক অঞ্চলটোত ৰাইজৰ সুবিধাৰ্থে নতুন দলং নিৰ্মাণ কৰিবলৈ সংবাদমাধ্যমৰ জৰিয়তে আহ্বান জনাইছে ৷
লগতে পঢ়কঃ1 জুনৰ পৰা ভক্তৰ বাবে মুকলি হ'ব কৰ্ণাটকৰ মন্দিৰসমূহ