নগাঁও, 8 জুনঃ জলসম্পদ বিভাগৰ কোটিটকীয়া আচঁনিক প্ৰত্যাহ্বান জনায় অব্যাহত আছে বৰলুইতৰ খহনীয়া । দিনে-নিশাই হোৱা খহনীয়াত জাহ গৈছে কৃষি ভূমি, ঘৰ-দুৱাৰ,বিদ্যালয়,মছজিদ। কলিয়াবৰত ঈদৰ দিনাৰ পৰা আৰম্ভ হোৱা বৰলুইতৰ দিনে-নিশাই খহাই আছে বহু পৰিমাণৰ ভূমি । এই খহনীয়াৰ ফলত সংকুচিত হৈ পৰিছে সংখ্যালঘু বসতিপ্ৰধান বৰঘূলীৰ ভৌগলিক চাৰিসীমা ।
জল সম্পদ বিভাগৰ সকলো প্ৰচেষ্টা বিফল হোৱাৰ পিচত নৈপৰীয়া ৰাইজৰ এতিয়া ভৰষা নেদেখাজন । সমুখত ভয়ানক বাৰিষা,ত্ৰস্তমান বৰঘূলীবাসী । কৃষিজীৱি বৰঘূলীবাসীৰ জীৱন-জীৱিকাৰ প্ৰতি এতিয়া আহিছে চুড়ান্ত ভাবুকি।