ETV Bharat / state

Book release: নগাঁও প্ৰেছ ক্লাৱত উন্মোচন ‘অশ্ৰুকন্যাৰ সাধু’

author img

By

Published : Dec 30, 2021, 6:03 PM IST

সামাজিক মাধ্যমৰ ইতিবাচক দিশ ৷ নগাঁও প্ৰেছ ক্লাৱত উন্মোচন "অশ্ৰুকন্যাৰ সাধু" (Book release of Ashrukanya Sadhu) ৷ উন্মোচনী অনুষ্ঠানত উপস্থিত থাকে বিশিষ্ট সাংবাদিক ছায়ামণি ভূঁঞা, নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ ৷

Book release of Ashrukanya Sadhu
নগাঁও প্ৰেছ ক্লাৱত উন্মোচন ‘অশ্ৰুকন্যাৰ সাধু’

নগাঁও, 30 ডিচেম্বৰ : ‘‘পুৰুষ আৰু মহিলাৰ মাজত কোনো পাৰ্থক্য নাই । এগৰাকী মহিলাই নিজৰ জীৱনত সাহসিকতাৰে সকলো প্ৰত্যাহ্বান নেওচি আগবাঢ়ি যোৱাটোহে লক্ষ্য হ'ব লাগে’’ । এই মন্তব্য নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ (IPS Anand Mishra)ৰ ।

বুধবাৰে নগাঁও প্ৰেছ ক্লাৱত উন্মোচন কৰা হয় যুৱ-সাহিত্যিক ৰশ্মিতা শইকীয়াৰ উপন্যাস "অশ্ৰুকন্যাৰ সাধু" ৷ এই গ্ৰন্থ উন্মোচনী অনুষ্ঠানত উপস্থিত থাকি এই মন্তব্য কৰে আইপিএছ বিষয়াগৰাকীয়ে । এই গ্ৰন্থ উন্মোচনী অনুষ্ঠানত উপস্থিত থাকে বিশিষ্ট সাংবাদিক ছায়ামণি ভূঁঞা (Journalist Sayamoni Bhuyan)ও ।

বন্দুক নহয় এইবাৰ আনন্দ মিশ্ৰই হাতত তুলি ল'লে কিতাপ

সভাত ভাষণ প্ৰসংগত ছায়ামণি ভূঁঞাই ৰশ্মিতা শইকীয়াক প্ৰশংসা কৰি কয় যে, "অৰ্ধআকাশৰ দৰে ফেচবুক গ্ৰুপবোৰে সামাজিক মাধ্যমক ইতিবাচক দিশত আগুৱাই নিছে’’ ।

আনহাতে, গ্ৰন্থ উন্মোচনী সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি "অশ্ৰুকন্যাৰ সাধু" গ্ৰন্থখনি পাঠকে আদৰি ল’ব বুলি আশা প্ৰকাশ কৰে চুটি-চবি পৰিচালক পাৰ্থজিৎ বৰুৱাই ৷ উল্লেখ্য যে, নগাঁৱৰ ৰশ্মিতা শইকীয়াই অৰ্ধআকাশ নামৰ গ্ৰুপৰ জৰিয়তে বিগত সময়ছোৱাত নাৰী নিৰ্যাতনৰ বিষয়ে লিখি জনপ্ৰিয়তা অৰ্জন কৰিছিল । আলিবাট প্ৰকাশনৰ স্বত্বাধিকাৰী প্ৰাঞ্জল মহন্ত আৰু সাংবাদিক নীলোৎপল বৰাই আঁত ধৰা অনুষ্ঠানটিত নগাঁৱৰ জ্যেষ্ঠ সাংবাদিক শৈলেন শইকীয়াইয়ো ভাষণ প্ৰদান কৰে ।

লগতে পঢ়ক : Heparin spray to fight Covid-19:প্ৰতিষেধকৰ পাছত ক'ভিডৰ বিৰুদ্ধে যুঁজিবলৈ এইবাৰ নাকৰ স্প্ৰে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.