ETV Bharat / state

নগাঁৱত সত্ৰাধিকাৰ কৃষ্ণ গোস্বামীৰ দুখন গ্ৰন্থ উন্মোচন - নগাঁৱৰ পুৰণিগুদাম

নগাঁৱৰ পুৰণিগুদামত লেটুগ্ৰাম সত্ৰৰ সত্ৰাধিকাৰ তথা কবি-সাহিত্যিক কৃষ্ণ গোস্বামীৰ দুখন গ্ৰন্থ উন্মোচন । পুৰণিগুদাম শতদল শাখা সাহিত্য সভাৰ উদ্যোগত অনুষ্ঠিত গ্ৰন্থ উন্মোচন সভাৰ আয়োজন । 'পদ্য উপপদ্য' নামৰ এখন কবিতা পুথি আৰু 'বিচ্ছুৰিত অনুভৱ' শীৰ্ষক গ্ৰন্থ দুখন উন্মোচন কৰা হয় ।

নগাঁৱত সত্ৰাধিকাৰ কৃষ্ণ গোস্বামীৰ দুখন গ্ৰন্থ উন্মোচন

author img

By

Published : Dec 15, 2020, 12:09 PM IST

চামগুৰি, ১৫ ডিচেম্বৰ: উন্মোচন হ'ল নগাঁৱৰ পুৰণিগুদামস্থিত লেটুগ্ৰাম সত্ৰৰ সত্ৰাধিকাৰ তথা কবি-সাহিত্যিক কৃষ্ণ গোস্বামীৰ দুখন নতুন গ্ৰন্থ । ঐতিহ্যমণ্ডিত বাপুজী ভৱন আৰু পুথিভঁৰালত পুৰণিগুদাম শতদল শাখা সাহিত্য সভাৰ উদ্যোগত এখন গ্ৰন্থ উন্মোচনী সভাৰ আয়োজন কৰা হয় । গ্ৰন্থ উন্মোচনী সভাখনত নগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ তথা স্বনাম ধন্য কবি শৰৎ বৰকটকীয়ে কৃষ্ণ গোস্বামী ৰচিত 'পদ্য উপপদ্য' নামৰ কবিতা পুথিখন উন্মোচন কৰে ।

নগাঁও জিলা সাহিত্য সভাৰ সভাপতি, বিশিষ্ট কবি, প্ৰৱন্ধকাৰ পৰাণ বৰুৱাই কৃষ্ণ গোস্বামীৰ আনখন প্ৰবন্ধ গ্ৰন্থ 'বিচ্ছুৰিত অনুভৱ' আনুষ্ঠানিকভাৱে উন্মোচন কৰে । সভাখনত প্ৰাক্তন মন্ত্ৰী তথা বি কে বি মহাবিদ্যালয়ৰ অধ্যাপক গিৰীন্দ্ৰ কুমাৰ বৰুৱা উপস্থিত থাকি গ্ৰন্থ দুখনে অসমীয়া ভাষা-সাহিত্যৰ ভঁৰাল টনকিয়াল কৰাৰ লগতে ভৱিষ্যতৰ দিনত দুয়োখন গ্ৰন্থয়ে অসমীয়া ভাষা-সাহিত্যৰ উত্তম সমল হিচাবে চিহ্নিত হ'ব বুলি মত প্ৰকাশ কৰে ।

উন্মোচিত দুয়োখন গ্ৰন্থই নৱ প্ৰজন্মৰ মাজত কিতাপৰ প্ৰতি থকা ৰুচিবোধ বৃদ্ধি কৰিব বুলি আশাবাদী পুৰণিগুদাম শতদল শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা লেখক কৃষ্ণ গোস্বামী। উল্লেখ্য যে, বিগত সময়ত বিভিন্ন কাকত, আলোচনীত প্ৰকাশ পোৱা প্ৰবন্ধ আৰু স্ব-ৰচিত কবিতাসমূহক পুনৰাই সংস্কৰণ কৰি গ্ৰন্থ ৰূপত পাঠকৰ মাজলৈ আগবঢ়াই দিছে সত্ৰাধিকাৰগৰাকীয়ে ।

লগতে পঢ়ক:বিজেপিক থাইলেণ্ড মাগুৰৰ সৈতে তুলনা সাংসদ প্ৰদ্যুত বৰদলৈৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.