ETV Bharat / state

ৰাভা দিৱসতেই চৰ্চালৈ অহা আমগুৰিৰ এজন কমৰেড

author img

By

Published : Jun 20, 2019, 12:00 PM IST

স্বাধীনতা আন্দোলনত জপিয়াই বহুবাৰ কাৰাবাস খটা আৰু হাতত গুলী লগাৰ পিচতো আজিও পূৰ্ণানন্দ গগৈয়ে নাপালে কোনো চৰকাৰী সুবিধা ।

ৰাভা দিৱসতেই চৰ্চালৈ অহা আমগুৰিৰ এজন কমৰেড

আমগুৰি , ২০ জুন : আজি কলাগুৰু বিষ্ণু ৰাভা দিৱস । এই ৰাভা দিৱসতে চৰ্চালৈ আহিছে এজন কমৰেডৰ প্ৰসংগ । শিৱসাগৰ জিলাৰ আমগুৰিৰ দ্বিতীয় কমৰেড হিচাপে পৰিচিত ৯৭ বছৰীয়া এই চৰ্চিত ব্যক্তিজন হ'ল কমৰেড পূৰ্ণানন্দ গগৈ । নেতাজী সুভাষ চন্দ্ৰ বসুৰ আজাদ হিন্দ ফৌজৰ অন্যতম এজন সেনানী তথা স্বাধীনতা আন্দোলনৰ বীৰ যোদ্ধা পূৰ্ণানন্দ গগৈ আছিল বিষ্ণু প্ৰসাদ ৰাভাৰ দেহৰক্ষী । ১৯৪৫ চনৰ পৰা এবছৰ তিনিমাহ ধৰি দেহৰক্ষী হিচাপে কৰ্মৰত আছিল পূৰ্ণানন্দ গগৈ । জননেতা খগেন বৰবৰুৱাৰো দেহৰক্ষী হিচাপে কৰ্মৰত পূৰ্ণানন্দ গগৈয়ে স্বাধীনতাৰ মুখ দেখিলে যদিও নিজে পৰাধীন হৈ ৰ'ল । স্বাধীনতা আন্দোলনত জপিয়াই বহুবাৰ কাৰাবাস খটা আৰু হাতত গুলী লগাৰ পিচতো আজিও পূৰ্ণানন্দ গগৈয়ে নাপালে কোনো চৰকাৰী সুবিধা । মুক্তিযুঁজাৰু পেঞ্চনৰ বাদেই এইজন সেনানীক ৰজাঘৰে নিদিলে এটা চৰকাৰী বাসগৃহ । স্বাধীনতা আন্দোলনৰ বহু ঘটনা-পৰিঘটনাৰ সাক্ষী পূৰ্ণানন্দ গগৈৰ এই দুৰৱস্থা দেখিও চকু খোল খাবনে জাতীয় নায়ক সৰ্বানন্দ সোণোৱালৰ ?

Intro:Body:A V - আজি কলাগুৰু বিষ্ণু ৰাভা দিৱস।এই ৰাভা দিৱসতে চৰ্চালৈ আহিছে এজন কমৰেডৰ প্ৰসংগ।
শিৱসাগৰ জিলাৰ আমগুৰিৰ দ্বিতীয় কমৰেড হিচাপে পৰিচিত ৯৭ বছৰীয়া এই জন চৰ্চিত ব্যক্তি হ'ল কমৰেড পূৰ্ণানন্দ গগৈ।

V O 1 - নেতাজী সুভাষ চন্দ্ৰ বসুৰ আজাদ হিন্দ ফৌজৰ অন্যতম এজন সেনানী, স্বাধীনতা আন্দোলনৰ বীৰ যোদ্ধা পূৰ্ণানন্দ গগৈ আছিল বিষ্ণু প্ৰসাদ ৰাভাৰ দেহৰক্ষী। ১৯৪৫ চনৰপৰা এবছৰ তিনিমাহ ধৰি দেহৰক্ষী হিচাপে কৰ্মৰত আছিল পূৰ্ণানন্দ গগৈ। অটব্য হাবি জংঘলত স্বাধীনতাৰ বাবে বৃটিছৰ পৰাধীনতা ছিঙিবৰ বাবে প্ৰশিক্ষণপ্ৰাপ্ত পূৰ্ণানন্দ গগৈয়ে বিষ্ণুৰাভাৰ আদৰ্শৰে অনুপ্ৰাণিত হৈছিল।

V O 2 - জননেতা খগেণ বৰবৰুৱাৰো দেহৰক্ষী হিচাপে কৰ্মৰত পূৰ্ণানন্দ গগৈয়ে স্বাধীনতাৰ মুখ দেখিলে যদিও নিজে পৰাধীন হৈ ৰ'ল। স্বাধীনতা আন্দোলনত জপিয়াই বহুবাৰ কাৰাবাস খটা, হাতত গুলী লগাৰ পিছতো আজিও পূৰ্ণানন্দ গগৈয়ে নাপালে চৰকাৰী সুবিধা। মুক্তিযুজাৰু পেঞ্চন বাদেই এইজন সেনানীক ৰজাঘৰে নিদিলে এটা চৰকাৰী বাসগৃহ। উৰুখা পজাতে জীৱনৰ ৯৭ টা বছৰ অতিক্ৰম কৰা কমৰেড পূৰ্ণানন্দ গগৈ আজিও তজবজীয়া হৈয়ে আছে। বয়সে আচোৰ পৰিলেও নিজেই চাইকেল চলাই সমাজৰ হিতৰ কাৰণে ঘূৰি ফুৰা এইজন কমৰেডলৈ শাসনাধিষ্ঠিত চৰকাৰৰ দৃষ্টিগোচৰ হ'বনে?

বিষ্ণুৰাভাৰ দেহৰক্ষী হৈ ধন্য হোৱা পূৰ্ণানন্দ গগৈক ৰজাঘৰে এলাগী কৰিছে। স্বাধীনতা আন্দোলনৰ বহু ঘটনা পৰিঘটনাৰ সাক্ষী পূৰ্ণানন্দ গগৈৰ আহ্বান … জাতীয় নায়ক সৰ্বানন্দ সোণোৱাল চৰকাৰে মোক স্বীকৃতি দিয়ক… অলপ সহায় কৰক।

E V - আজি ৰাভা দিৱসৰ পৱিত্ৰ দিনটোতে এইজন কমৰেডৰ জীৱনৰ কৰুণ গাথা আৰু চৰকাৰী বঞ্চনাৰ কাহিনীয়ে তলাব পাৰিবনে চৰকাৰৰ হৃদয়। নে এনেদৰেই বঞ্চিত হৈ ৰ'ব ।

আমগুৰিৰ পৰা সমীৰণ দুৱৰা ইটিভি ভাৰত অসমConclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.