ETV Bharat / state

কলিয়াবৰত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছে দেহশ্ৰী প্ৰতিযোগিতা - মিষ্টাৰ কলিয়াবৰ

ইণ্ডিয়ান বডী বিল্ডিং ফেডাৰেচনৰ সহযোগত কলিয়াবৰৰ শিলঘাট নাট‍্য‍ মন্দিৰত পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হয় দেহশ্ৰী প্ৰতিযোগিতা ৷ প্ৰতিযোগিতা খনত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ প্ৰতিযোগীয়ে অংশ গ্ৰহণ কৰে ৷

কলিয়াবৰত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছে দেহশ্ৰী প্ৰতিযোগিতা

author img

By

Published : Jan 19, 2021, 9:29 AM IST

কলিয়াবৰ,19 জানুৱাৰী: কলিয়াবৰত সোমবাৰে আনুষ্ঠানিকভাবে পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছে শৰীৰ চৰ্চা প্ৰতিযোগিতা ৷ ইণ্ডিয়ান বডী বিল্ডিং ফেডাৰেচনৰ সহযোগত শিলঘাট উন্নয়নশীল যুৱ সমাজ আৰু শিলঘাট ফিটনেছ চেণ্টাৰৰ উদ‍্যোগত,অসম বডী বিল্ডাৰ্চ এণ্ড ফিটনেচ এচ'চিয়েচনৰ ব‍্যৱস্থাপনাত শিলঘাট নাট‍্য‍ মন্দিৰত অনুষ্ঠিত হয় 'মিষ্টাৰ কলিয়াবৰ' শীৰ্ষক এখনি শৰীৰ চৰ্চা প্ৰতিযোগিতা ৷

কলিয়াবৰত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছে দেহশ্ৰী প্ৰতিযোগিতা

প্ৰতিযোগিতাখনত মিষ্টাৰ কলিয়াবৰ ২০২১ৰ বিজয়ী হয় গুৱাহাটীৰ ৰাহুল শ্বেখ ৷ তাৰ সমান্তৰালকৈ নলবাৰীৰ বিক্ৰম ডেকাই মডেল ফিজিক চেম্পিয়ন ২০২১, ক্লাচিক বডী বিল্ডিং আৰু মডেল ফিজিক চেম্পিয়নশ্বিপৰ বিজয়ী হয় ৷ এই প্ৰতিযোগিতাখনে কলিয়াবৰৰ ক্ৰীড়া জগতলৈ এক নতুন সম্ভাৱনা কঢ়িয়াই আনিছে বুলি মত প্ৰকাশ কৰে বিজয়ী প্ৰতিযোগীসকলে ৷

লগতে পঢ়ক: প্ৰাগজ্যোতিষপুৰ প্ৰেছ ক্লাৱৰ সপ্তদশ প্ৰতিষ্ঠা দিৱস সম্পন্ন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.