গুৱহাটী, নগাঁও, 13 মে'ঃ "স্পৰ্শ" দৃষ্টিহীনসকলৰ জীৱনৰ একমাত্ৰ পদ্ধতি অথবা সম্বল...কিন্তু এই স্পৰ্শই বিপদ মাতিব পাৰে তেওঁলোকৰ জীৱনলৈ ৷ কাৰণ একেখন কিতাপ পঢ়ি, একেখন বিচনাতে শুই লক্ ডাউনৰ দিন অতিবাহিত কৰিছে নগাঁৱৰ অন্ধবিদ্যালয়ৰ ছাত্ৰসকলে ৷ ছাত্ৰাবাসত থকা সময়ৰ কথা বাদেই, বাহিৰলৈ ওলাই যাবলগীয়া হ'লেও তেওঁলোকে এজনে আনজনৰ সহায় ল'বলগীয়া হয় ৷ সেইখিনি সময়ত তেওঁলোকে মানিব নোৱাৰে কোনো সামাজিক দূৰত্ব ৷ আনকি পঢ়াৰ ক্ষেত্ৰটো যিহেতু তেওঁলোকে ব্ৰেইল পদ্ধতি অনুসৰণ কৰে, ফলত তেওঁলোকে স্পৰ্শ কৰিবলগীয়া হয় একেখন কিতাপ ৷ শাৰীৰিক দূৰত্ব কৰ'ণা সংক্ৰমণ ৰোধৰ অন্যতম উপায় ৷ কিন্তু এনেকুৱা কিছু সময়ত স্পৰ্শৰ অবিহনে অন্য কোনো গন্ত্যতৰ নাই তেওঁলোকৰ ৷
আনহাতে, নগাঁৱৰ অন্ধ বিদ্যালয়খনৰ বিপৰীতে গুৱাহাটীৰ বশিষ্ঠস্থিত দৃষ্টিহীন উচ্চ মাধ্যমিক বিদ্যালয়ত চলিছে অডিঅ' ক্লাছ ৷ মহানগৰীৰ বশিষ্ঠৰ এই বিদ্যালয় কতৃপক্ষই লক্ ডাউন মানি বন্ধ ৰাখিছে বিদ্যালয়খন ৷ বিদ্যালয় বন্ধৰ লগে লগে নিজ নিজ ঘৰলৈ প্ৰেৰণ কৰা হৈছে ছাত্ৰ-ছাত্ৰীসকলক ৷ কিন্তু ইয়াৰ ফলত স্তব্ধ হৈ পৰা নাই দৃষ্টিহীন ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক দিশ ৷ কাৰণ বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ বাবে অনলাইন ক্লাছৰ ব্যৱস্থা কৰিছে বিদ্যালয় কতৃপক্ষই ৷ ইমানেই নহয় whats aap আৰু youtube চেনেলত পাঠ্যপুথিৰ অধ্যায়সমূহ অডিঅ' জৰিয়তে আপল'ড কৰি দৃষ্টিহীন ছাত্ৰ-ছাত্ৰীক শিক্ষা প্ৰদান কৰিছে বশিষ্ঠস্থিত দৃষ্টিহীন উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষকসকলে । ব্ৰেইল পদ্ধতিৰে শিক্ষাগ্ৰহণ কৰা এই ছাত্ৰ-ছাত্ৰীসকলে যাতে কোনো কাৰণতে একেখন কিতাপ স্পৰ্শ নকৰে তাৰ প্ৰতি লক্ষ্য ৰাখি ছাত্ৰ-ছাত্ৰীসকলৰ বাবে অডিঅ' ক্লাছৰ ব্যৱস্থা কৰিছে বিদ্যালয় কতৃপক্ষই ৷ একমাত্ৰ কিতাপৰ শিক্ষাই নহয় অডিঅ' ক্লাছৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলক কৰ'ণা সজাগতাও প্ৰদান কৰিছে শিক্ষকসকলে ৷
লগতে পঢ়ক : ৰাজধানী এক্সপ্ৰেছঃ ৰাজ্যৰ স্বাস্থ্য বিভাগলৈ ডাঙৰ প্ৰত্যাহ্বান