ETV Bharat / state

চামগুৰিত বিজেপিৰ সংখ্যালঘু মৰ্চাৰ কৰ্মী সভা - চামগুৰি বিধান সভা সমষ্টি

নগাঁৱৰ চামগুৰি বিধান সভা সমষ্টিৰ অন্তৰ্গত সোনাৰীবালিত বিজেপিৰ সংখ্যালঘু মৰ্চাৰ কৰ্মী সভা ৷ সভা উপলক্ষে বিশাল বাইক ৰেলী বাহিৰ কৰে প্ৰায় তিনি শতাধিক বিজেপিৰ নেতা-কৰ্মীয়ে ৷

bjps-minority-morcha-workers-meeting
চামগুৰিত বিজেপিৰ সংখ্যালঘু মৰ্চাৰ কৰ্মী সভা
author img

By

Published : Jan 7, 2021, 1:34 PM IST

নগাঁও,7জানুৱাৰী:বৃহস্পতিবাৰে নগাঁও জিলাৰ চামগুৰি বিধান সভা সমষ্টিৰ অন্তৰ্গত সোনাৰীবালিত অনুষ্ঠিত হয় বিজেপিৰ সংখ্যালঘু মৰ্চাৰ এখন কৰ্মী সভা ৷ বাজিয়া মণ্ডল বিজেপিৰ সংখ্যালঘু মৰ্চাৰ উদ্যোগত আৰু কলিয়াবৰ জিলা বিজেপি সংখ্যালঘু মৰ্চাৰ সহযোগত অনুষ্ঠিত কৰ্মী সভাত অংশগ্ৰহণ কৰে কলিয়াবৰ জিলা বিজেপিৰ সভাপতি অনিল শইকীয়া, ৰূপহী বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক আব্দুল আজিজ, বাজিয়া মণ্ডল বিজেপিৰ প্ৰাক্তন সভাপতি বিৰেন শইকীয়া, বাজিয়া মণ্ডল বিজেপিৰ সভাপতি প্ৰাণজিত বৰাৰ লগতে কেইবাগৰাকীও বিজেপি নেতাই ৷

চামগুৰিত বিজেপিৰ সংখ্যালঘু মৰ্চাৰ কৰ্মী সভা

ইপিনে, সভাৰ প্ৰাকমূৰ্হুতত চামগুৰি বিজেপিৰ যুৱ নেতা পাৰ্থ প্ৰতিম হাজৰিকা আৰু বাজিয়া মণ্ডলৰ বিজেপিৰ প্ৰাক্তন সভাপতি বিৰেন শইকীয়াৰ নেতৃত্বত বহ্মচাৰী সত্ৰৰ সমীপৰ বকুলতল অঞ্চলৰ পৰা সোনাৰিবালিলৈ প্ৰায় তিনি শতাধিক বিজেপিৰ নেতা-কৰ্মীয়ে এক বিশাল বাইক ৰেলী উলিয়ায় ৷

লগতে পঢ়কঃ জামিন নাপালে অখিল গগৈয়ে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.