ETV Bharat / state

বিজেপিত আৰু নাথাকিব সংখ্যালঘু মৰ্চা ! - সংখ্যালঘু মৰ্চা

কি হ’ব বিজেপিৰ সংখ্যালঘু নেতাৰ ভৱিষ্যৎ ৷ স্থান হেৰুৱাই এতিয়া বিজেপি এৰিব নেকি বিজেপিৰ সংখ্যালঘু মৰ্চাৰ সভাপতি মুক্তাৰ হুছেইন খানে ৷

বিজেপিত আৰু নাথাকিব সংখ্যালঘু মৰ্চা !
বিজেপিত আৰু নাথাকিব সংখ্যালঘু মৰ্চা !
author img

By

Published : May 5, 2021, 10:59 PM IST

নগাঁও,5 মে’: সংখ্যালঘু নেতাৰ বিৰুদ্ধে ক্ষুব্ধ বিজেপিৰ ৰাজ্যিক নেতৃত্ব ৷ সদ্যঘোষিত অসম বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ পিছতেই বিজেপিৰ সংখ্যালঘু নেতাৰ বিৰুদ্ধে ক্ষুব্ধ হৈ পৰিছে বিজেপিৰ ৰাজ্যিক নেতৃত্ব । আপুনি হয়তো ভাবিছে অসমত বিজেপি মিত্ৰজোঁটে একক সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ পিছতো বিজেপিৰ ৰাজ্যিক নেতৃত্ব ক্ষোভিত হোৱাৰ কাৰণ কি ! উল্লেখযোগ্য যে, অসম ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক তথা সাংসদ ৰাজদীপ ৰায় স্বাক্ষৰিত এখন জাননীয়ে সকলো স্পষ্ট কৰিছে ।

বিজেপিত আৰু নাথাকিব সংখ্যালঘু মৰ্চা !
বিজেপিত আৰু নাথাকিব সংখ্যালঘু মৰ্চা !

নিৰ্বাচনী ফলাফল ঘোষণা হোৱাৰ তিনিদিন পিছতেই জাৰি কৰা এই জাননীখন অইন একো নহয়, বিজেপিৰ অসম প্ৰদেশ সংখ্যালঘু মৰ্চা ভংগ কৰাৰ জাননী । কাৰণ আন একো নহয়, সদ্য সমাপ্ত অসম বিধানসভা নিৰ্বাচনত সংখ্যালঘু এলেকাত ভোট লাভ কৰা নাই ভাৰতীয় জনতা পাৰ্টীয়ে । এআইইউডিএফৰে হোৱা কংগ্ৰেছৰ মহাজোঁটৰ প্ৰতি সংখ্যালঘু ভোটাৰ অধিক আকৰ্ষিত হোৱাৰ বিপৰীতে বিজেপিৰ যেন একেবাৰেই আস্থা নোহোৱা হৈ পৰিল সংখ্যালঘু লোকৰ । এইক্ষেত্ৰত বিজেপিৰ সংখ্যালঘু মৰ্চাৰ নেতৃত্ব হয়তো ব্যৰ্থ হৈছে সংখ্যালঘু ভোট আদায় কৰাত ।

বিজেপিত আৰু নাথাকিব সংখ্যালঘু মৰ্চা

উল্লেখযোগ্য যে, নগাঁৱৰ ৰূপহীহাটৰ দৰে সংখ্যালঘু অধ্যুষিত সমষ্টিত বিজেপিৰ প্ৰাৰ্থী নাজিৰ হুছেইনে দিন-ৰাতি প্ৰচাৰ কৰিও আমানতৰ ধন হেৰুওৱাৰ উপক্ৰম হৈছে । সমষ্টিটোত বিজেপিৰ কেবাগৰাকী সংখ্যালঘু নেতা আছে যদিও বিজেপিৰ প্ৰাৰ্থীগৰাকীক চিপৰাং মাৰি কংগ্ৰেছ প্ৰাৰ্থীক সহায় কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে । আনকি সংখ্যালঘু অধ্যুষিত অঞ্চলত দলটোৰ সংখ্যালঘু কাৰ্যকৰ্তাতকৈ ভোটৰ পৰিমাণ কম বুলিও পত্ৰখনত উল্লেখ কৰি ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ কুমাৰ দাসৰ নিৰ্দেশত অসম প্ৰদেশ সংখ্যালঘু মৰ্চাৰ লগতে সকলো মণ্ডল পৰ্যায়ৰ সমিতিসমূহ ভংগ ঘোষণা কৰিছে ।

বিজেপিত আৰু নাথাকিব সংখ্যালঘু মৰ্চা !
বিজেপিত আৰু নাথাকিব সংখ্যালঘু মৰ্চা !

এতিয়া প্ৰশ্ন হয়, বিজেপিৰ সংখ্যালঘু মৰ্চা নাথাকিলে কি কৰিব দলটোৰ সংখ্যালঘু নেতাসকলে ৷ স্থান হেৰুৱাব লাগিব নেকি ভাৰতীয় জনতা পাৰ্টীত ৷

লগতে পঢ়কঃ ক'ভিড-19 ত মৃত্যু হোৱা লোকৰ সৎকাৰৰ বাবে ঠাইৰ অভাৱ গুৱাহাটীত !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.