নগাঁও,12 নৱেম্বৰ: আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে ধৰ্মীয় সংখ্যালঘু ভোটাৰক আকৰ্ষণৰ চেষ্টা অব্যাহত ৰাখিছে শাসকীয় দল বিজেপিয়ে। সংখ্যালঘু অধ্যুষিত ৰূপহীহাট বিধানসভা সমষ্টিতো ভাৰতীয় জনতা পাৰ্টীয়ে ব্যাপক তৎপৰতা আৰম্ভ কৰিছে নিৰ্বাচনী প্ৰচাৰ । জুৰীয়াৰ সুঁতিৰপাৰত ন বিজেপি নেতা তথা প্ৰাক্তন বিধায়ক আব্দুল আজিজে আজি আয়োজন কৰা এখন সভাত সামাজিক দূৰত্ব ভালকৈয়ে মানিলে জুৰীয়াৰ জনতাই ৷ সভাত ৯০ শতাংশ খালী চকীৰ সন্মুখতেই ভাষণ প্ৰদান কৰিলে নেতাই । বিজেপিৰ নিৰ্বাচনী সভাখনত উপস্থিত আছিল জামাত ই উলেমা হিন্দৰ কেন্দ্ৰীয় নেতা ৱাজহত কাছিমি । দলটোৰ একাংশ নেতাৰ সাম্প্ৰদায়িক মন্তব্যৰ বাবেই হয়তো সংখ্যালঘু বসতি প্ৰধান অঞ্চলটোত খালী চকীৰ সন্মুখতেই ভাষণ দিব লগীয়া হ’ল কেন্দ্ৰীয় পৰ্যায়ৰ এগৰাকী নেতাই।
লগতে পঢ়ক : 2021ত অসমত কংগ্ৰেছৰে চৰকাৰ হ'ব : অনুশেষ শৰ্মা