ETV Bharat / state

ধিঙত বিজেপিৰ কাৰ্যনিৰ্বাহক সভা সম্পন্ন - মৈৰাবাৰী

ধিং সমষ্টিৰ অন্তৰ্গত মৈৰাবাৰীত বিজেপি দলৰ সভা । মৈৰাবাৰী মণ্ডল বিজেপিৰ কাৰ্যনিৰ্বাহক সভা সম্পন্ন । নিৰ্বাচনী ৰণ কৌশলৰ বাবে সোমবাৰে ধিং সমষ্টিৰ মৈৰাবাৰী পাব্লিক লাইব্ৰেৰীত শাসকীয় দলৰ মণ্ডল বিজেপিৰ ২য় খন কাৰ্যনিৰ্বাহক সভা সম্পন্ন হয় ।

ধিঙত বিজেপিৰ কাৰ্যনিৰ্বাহক সভা সম্পন্ন
ধিঙত বিজেপিৰ কাৰ্যনিৰ্বাহক সভা সম্পন্ন
author img

By

Published : Jan 4, 2021, 6:09 PM IST

নগাঁও, ৪ জানুৱাৰী: ২০২১ৰ বিধানসভা নিৰ্বাচনৰ দিন ক্ৰমাৎ চমু চাপি অহাৰ লগে লগে ৰাজ্যখনৰ শাসক-বিৰোধী সকলোৱে তৎপৰ হোৱাৰ সমান্তৰালকৈ নগাঁৱতো ৰাজনৈতিক দলসমূহৰ মাজত ব্যাপক তৎপৰতা দেখা গৈছে । জিলাখনৰ ধিং সমষ্টিৰ মৈৰাবাৰী পাব্লিক লাইব্ৰেৰীত সোমবাৰে শাসকীয় দলৰ মণ্ডল বিজেপিৰ ২য় খন কাৰ্যনিৰ্বাহক সভা সম্পন্ন হয় । মৈৰাবাৰী মণ্ডল বিজেপিৰ উপ সভাপতি ভানু দাসৰ সভাপতিত্বত হোৱা সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সহ-সম্পাদক শ্বহিদুল ইছলাম । সভাৰ আৰম্ভণিতে বিজেপিৰ কৰ্মকৰ্তাসকলে দলীয় পতাকা উত্তোলন কৰি বন্তি প্ৰজ্বলন কৰে মৈৰাবাৰী মণ্ডল বিজেপিৰ প্ৰভাৰি ৰবিন বৰদলৈয়ে ।

ধিঙত বিজেপিৰ কাৰ্যনিৰ্বাহক সভা সম্পন্ন
ধিঙত বিজেপিৰ কাৰ্যনিৰ্বাহক সভা সম্পন্ন

উল্লেখযোগ্য যে, ধিং সমষ্টিত নিজৰ সাংগঠনিক ভেটি অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে,বিজেপিৰ পৰা যাতে কংগ্ৰেছ,এ আই ইউ ডি এফে বিতাড়িত কৰিব নোৱাৰে তাৰ বাবে ঘনে ঘনে ধিং সমষ্টিত বিজেপিয়ে সভা সমিতি অনুষ্ঠিত কৰি আহিছে । এই কাৰ্যনিৰ্বাহক সভাত অসম ৰাজ্যিক সংখ্যালঘু মৰ্চাৰ উপ-সভাপতি খলিলুৰ ৰহমান,ধিং সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা ন বিজেপি মজিবুৰ ৰহমান,ৰাজ্যিক সংখ্যালঘু মৰ্চাৰ কাৰ্যনিৰ্বাহক সদস্য আব্দুল কাদিৰ উপস্থিত থাকি সাংগঠনিক দিশৰ লগতে আগন্তক নিৰ্বাচনত ৰাইজৰ মাজত কেনেকৈ প্ৰস্তুতি আগবঢ়োৱা হ'ব সেই সম্পৰ্কে বক্তব্য আগবঢ়ায় । মৈৰাবাৰী মণ্ডলৰ মহিলা মৰ্চাৰ প্ৰভাৰি অনুপমা বৰা,বিজেপিৰ যুৱ মৰ্চাৰ সভাপতি ছেলিম চৌধুৰী ওৰফে দিপুৱে উপস্থিত থাকি কয় 'এইবাৰ আকৌ বিজেপিৰ চৰকাৰ হ'ব অসমত । ধিং সমষ্টিৰ পৰা বিজেপিৰ বিধায়ক নিৰ্বাচিত কৰিব পঠাব' ।

মৰিগাঁও জিলাৰ মৈৰাবাৰী মণ্ডল বিজেপিৰ অন্তৰ্গত এঘাৰখন গাওঁ পঞ্চায়তৰ বুথ সমিতিৰ সভাপতি,সম্পাদককে ধৰি বহু সদস্যই অংশগ্ৰহণ কৰে সভাখনত । লগতে মৈৰাবাৰী মণ্ডল বিজেপিৰ সম্পাদক আবুল কালাম আৰু সহ-সম্পাদক শ্বহিদুল ইছলামে উপস্থিত থাকি দলীয় নীতি-আদৰ্শ সম্পৰ্কে আলোচনা কৰে ।

লগতে পঢ়ক: অসমত আঞ্চলিকতাবাদ-জাতীয়তাবাদৰ ভেটি সবল কৰিব AJYCPয়ে!

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.