ETV Bharat / state

মৈৰাবাৰী মণ্ডল বিজেপিৰ দুদিনীয়া প্ৰশিক্ষণ শিৱিৰৰ সামৰণি

author img

By

Published : Nov 17, 2020, 8:06 AM IST

প্ৰথম দিনা ৯ বজাত প্ৰতিনিধি পঞ্জীয়নৰ পিছতে মৈৰাবাৰী মণ্ডল বিজেপিৰ সভানেত্ৰী আফিয়া বেগমে বন্তি প্ৰজ্বলন আৰু মাতৃ বন্দনাৰে শুভাৰম্ভণি কৰা প্ৰশিক্ষণ শিবিৰৰ উদ্দেশ্য ব্যখ্যা কৰে মৈৰাবাৰী মণ্ডল বিজেপিৰ সহ-সম্পাদক আবুল কালামে । "ভাৰতীয় জনতা পাৰ্টীৰ ইতিহাস" আৰু "সামাজিক মাধ্যমৰ প্ৰভাৰী সঞ্চালনৰ" নিৰ্বাচন ব্যৱস্থাপনা আৰু ৰণকৌশলৰ ওপৰত আলোচনা আগবঢ়াই মৈৰাবাৰী মণ্ডল বিজেপিৰ প্ৰভাৰী তথা আৰ পি ৰবিন বৰদলৈয়ে ।

bjp-meeting-at-dhing
মৈৰাবাৰী মণ্ডল বিজেপিৰ দুদিনীয়া প্ৰশিক্ষণ শিৱিৰৰ সামৰণি

ধিং,17নৱেম্বৰঃ সমাগত ২০২১ চনৰ বিধান সভা নিৰ্বাচন। ৰাজনৈতিক দল সমূহে সাংগঠনিক কাম কাজৰ লগতে নিজ নিজ নিৰ্বাচনী ৰণকৌশলৰে আৰম্ভ কৰিছে প্ৰচাৰ অভিযান ৷ বিভিন্ন ৰাজনৈতিক দলৰ সমান্তৰালভাৱে ককালত টঙালি বান্ধিছে ভাৰতীয় জনতা পাৰ্টীয়ে ৷ তৃণমূল পৰ্যায়ৰ নেতাৰ পৰা আৰম্ভ কৰি শীৰ্ষ পৰ্যায়ৰ নেতা কৰ্মীৰ মাজত সু-সম্পৰ্ক গঢ়ি তোলাৰ উদ্দেশ্যে প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছিল নেতা কৰ্মীৰ মাজত। বিগত 14 আৰু 15 নৱেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে মৰিগাঁও জিলাৰ মৈৰাবাৰী মণ্ডল বিজেপিৰ উদ্যোগত মৈৰাবাৰী মণ্ডল বিজেপিৰ কাৰ্য্যালয়ত এই প্ৰশিক্ষণ শিবিৰটো অনুষ্ঠিত হৈ যায়।

ইপিনে 'আমাৰ বিচাৰ পৰিবাৰ’ বিষয়ৰ ওপৰত আলোচনা কৰে সমল ব্যক্তি ধৰনী বৰদলৈয়ে। প্ৰাক্তন বিধায়ক তথা বিজেপি নেতা মজিবুৰ ৰহমানে সমল ব্যক্তি হিচাপে উপস্থিত থাকি ভাৰতীয় জনতা পাৰ্টীৰ আৰু আমাৰ কৰ্তব্য বিষয়ত বক্তব্য আগবঢ়াই। বৰ্তমান ভাৰতবৰ্ষৰ বৈচাৰিক মূলধাৰা আৰু আমাৰ বিচাৰ, ব্যক্তিত্ব বিকাশৰ ওপৰত মতামত আগবঢ়াই অসম সংখ্যালঘু মৰ্চাৰ বিজেপিৰ ৰাজ্যিক উপ-সভাপতি খলিলুৰ ৰহমানেও। যোৱা ৬ বছৰৰ অন্তদয়া প্ৰয়াস আৰু ভাৰতবৰ্ষৰ আত্মনিৰ্ভৰতাৰ লগতে ৰাষ্ট্ৰীয় সুৰক্ষা বিষয় ওপৰতো আলোচনা কৰে মৈৰাবাৰী মণ্ডল বিজেপিৰ সম্পাদকদ্বয় ক্ৰমে আবুল কালাম আৰু শ্বহিদুল ইছলামে। উল্লেখযোগ্য যে, এই দুদিনীয়া প্ৰশিক্ষণ শিবিৰত ৮০ জনৰো অধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে।

লগতে পঢ়কঃ ভূ-স্বৰ্গত চলিত বৰ্ষৰ প্ৰথমজাক তুষাৰপাতঃ আনন্দিত পৰ্যটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.