ETV Bharat / state

বিজেপি নেতাৰ দম্ভালি : চৰকাৰে দৰমহা দিছে, চৰকাৰৰ মতেই চলিব লাগিব কৰ্মচাৰী

author img

By

Published : Sep 9, 2020, 11:15 AM IST

ৰকিবুল হুছেইনৰ সমষ্টিত বিজেপি নেতাৰ দম্ভালি ৷ চৰকাৰী আঁচনিত কংগ্ৰেছীৰ নাম বেছি থাকিলে প্ৰ-পত্ৰ ফালি পেলোৱাৰ ভাবুকি ৷ চৰকাৰী কৰ্মচাৰীৰ প্ৰতিও কটু মন্তব্য নেতাগৰাকীৰ ৷

bjp leader
bjp leader

নগাঁও, 9 ছেপ্টেম্বৰ : ক্ষমতাই মূৰত ধৰা এগৰাকী বিজেপি দলৰ নেতাৰ উদ্ভট আচৰণক কেন্দ্ৰ কৰি চামগুৰিত সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়া । চৰকাৰী চাকৰিয়ালৰ প্ৰতি এক কটু মন্তব্য প্ৰকাশ কৰিছে বিজেপি নেতা গৰাকীয়ে ৷ বিজেপিৰ বাজিয়া মণ্ডলৰ নৱ নিৰ্বাচিত সভাপতি প্ৰাণজিৎ বৰাই নিজৰ উদ্ভত মন্তব্যত কয় যে, ‘‘চৰকাৰী কৰ্মচাৰীৰ দৰমহা আমাৰ চৰকাৰে দিয়ে । কৰ্মচাৰী আমাৰ মতেই চলিব লাগিব। চৰকাৰী আঁচনিত কংগ্ৰেছীৰ নাম বেছি থাকিলে ফালি পেলোৱা হ’ব প্ৰ-পত্ৰ’’।

বিজেপি নেতাৰ দম্ভালি

হাতচাপৰি বজাই সন্তুষ্টি লাভ কৰি অহা একাংশ সমৰ্থকৰ মাজত দলটোৰ বিয়াগোম নেতা ৰূপে জাহিৰ কৰিবলৈ গৈ এই গৰাকী নেতাই সমগ্ৰ পঞ্চায়তী ৰাজ ব্যৱস্থাটোকেই নস্যাৎ কৰাৰ ধৃতষ্টা প্ৰদৰ্শন কৰা কাৰ্য‌ই নেতাগৰাকীৰ জ্ঞানৰ পৰিসীমাকো দাঙি ধৰিলে। চামগুৰিৰ কুসুমতলি, কনুৱামাৰি আদি পঞ্চায়তত কেৱল বিজেপি কৰ্মীক কাম দিব লাগে, ৱাৰ্ডৰ সভাত দলীয় বেনাৰ লগাই আঁচনিৰ প্ৰ-পত্ৰ গ্ৰহণ কৰিব লাগে আদি যুক্তি দি সমৰ্থকৰ মাজত একপ্ৰকাৰ হি'ৰ হ’বলৈ চেষ্টা কৰিছে প্ৰাণজিৎ বৰাই ।

ইয়াৰোপৰি পঞ্চায়ত সচিবে কংগ্ৰেছ কৰ্মীক কাম দিলে বদলি কৰি দিয়াৰ ভয় দেখুৱাই অভৱ্য আচৰণ প্ৰদৰ্শন কৰে নেতা গৰাকীয়ে । আনহাতে চৰকাৰী কৰ্মচাৰীক বিজেপি চৰকাৰে দৰমহা দিছে, গতিকে সকলো চৰকাৰী কৰ্মচাৰী আমাৰ মতে চলিব লাগিব বুলি হুমকি দিয়া আদি কেইবাটাও ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পাচত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে নগাঁও জিলাৰ চামগুৰি সমষ্টিবাসীৰ মাজত ।

বিজেপি নেতাৰ বিৰুদ্ধে সৰব কংগ্ৰেছী

ইফালে ঘটনাক কেন্দ্ৰ কৰি সমষ্টিৰ কংগ্ৰেছী মহলে পুৱাই প্ৰকাশ কৰিলে প্ৰতিক্ৰিয়া, বিজেপি নেতাৰ এনে আচৰণক গৰিহণা দিয়ে কংগ্ৰেছৰ নেতা-সদস্যই । বিজেপি নেতা জনৰ বিৰুদ্ধে চামগুৰি আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ কথাও সমষ্টিৰ কংগ্ৰেছী মহলে এখন সংবাদ মেলত সদৰি কৰে ।

লগতে পঢ়ক : বড়ো কছাৰী কল্যাণকামী স্বায়ত্ব শাসিত পৰিষদ সন্দৰ্ভত মন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্মৰ প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.