ETV Bharat / state

Congress Slams BJP: কেলেংকাৰীৰে জড়িত লোকক লৈ চৰকাৰ চলাইছে বিজেপিয়ে: কংগ্ৰেছ - বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰৱ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে সৰৱ হ’ল কংগ্ৰেছ নেতা গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইন (Congress Slams BJP) ৷ বিজেপি চৰকাৰে দমনমূলক নীতিৰে কাম কৰাৰ অভিযোগ গৌৰৱ গগৈৰ (Adani stock manipulation) ৷ প্ৰধানমন্ত্ৰীয়ে গৌতম আদানীক ক্লীনশ্বিট দিয়াৰো অভিযোগ কংগ্ৰেছ সাংসদগৰাকীৰ ৷

Congress Slams BJP
কেলেংকাৰীৰে জড়িত লোকক লৈ চৰকাৰ চলাইছে বিজেপিয়ে: কংগ্ৰেছ
author img

By

Published : Feb 12, 2023, 8:50 PM IST

কেলেংকাৰীৰে জড়িত লোকক লৈ চৰকাৰ চলাইছে বিজেপিয়ে: কংগ্ৰেছ

নগাঁও, 12 ফেব্ৰুৱাৰী: মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক পাঠান ছবিৰ (Pathaan Controversy) ব্ৰেণ্ড এম্বেচাদৰ আখ্যা কংগ্ৰেছ বিধায়ক ৰকিবুল হুছেইনৰ ৷ লগতে কেলেংকাৰীৰে জড়িত লোকক লৈ বিজেপিয়ে শাসন চলোৱাৰ অভিযোগ কংগ্ৰেছ নেতা তথা কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈৰ ৷ দেওবাৰে প্ৰদেশ কংগ্ৰেছৰ মাণ্ডলিক সভাত এই দৰেই মুখ্যমন্ত্ৰী আৰু বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰিল কংগ্ৰেছ (Congress Slams BJP) ৷

লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগেই তৎপৰ হৈ পৰিছে অসম প্ৰদেশ কংগ্ৰেছ ৷ দেওবাৰে নগাঁও ৰাজীৱ ভৱনত সাংসদ প্ৰদ্যুত বৰদলৈৰ অনুপস্থিতিত অনুষ্ঠিত হয় কংগ্ৰেছৰ এখন মাণ্ডলিক সভা (APCC meeting in Nagaon) । এই সভাৰ অন্তত সংবাদমেল সম্বোধন কৰি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিল সাংসদ গৌৰৱ গগৈৰ (MP Gaurav Gogoi) লগতে কংগ্ৰেছ নেতা ৰকিবুল হুছেইন (MLA Rakibul Hussain) ।

আদানী প্ৰসংগক লৈয়ো বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰৱ হ’ল কংগ্ৰেছ ৷ আদানীৰ বিৰুদ্ধে ই ডি (ED) অথবা আয়কৰ বিভাগে তদন্ত কৰাৰ পূৰ্বেই প্ৰধানমন্ত্ৰীয়ে আদানীক ক্লীনশ্বিট দিয়া বুলি অভিযোগ সাংসদ গৌৰৱ গগৈৰ (Gaurav Gogoi allegation against Modi) ৷ সংসদত আদানীৰ প্ৰসংগ উত্থাপন কৰাৰ পাচতো প্ৰধানমন্ত্ৰীয়ে আদানীৰ বিষয়ে মাত মাতিবলৈ ভয় কৰা বুলিও মন্তব্য কৰে গৌৰৱ গগৈয়ে ৷ ইয়াৰোপৰি অপৰাধ, ছিণ্ডিকেট, হত্যা, লুইজ বাৰ্জাৰ আদি কেলেংকাৰীত জড়িত ব্যক্তিক লৈ বিজেপিয়ে শাসন কৰা বুলিও বিস্ফোৰক অভিযোগ গৌৰৱ গগৈৰ ৷

কেৱল সিমানেই নহয়, বিজেপি চৰকাৰে দমনমূলক নীতিৰে কাম কৰা বুলিও অভিযোগ উত্থাপন কৰে কংগ্ৰেছ সাংসদগৰাকীয়ে ৷ ইফালে, বিজেপি চৰকাৰ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰৱ হৈ পৰিল বিধায়ক তথা কংগ্ৰেছ নেতা ৰকিবুল হুছেইন (Gaurav Gogoi slammed CM) ৷ একালৰ সতীৰ্থ হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰি ৰকিবুল হুছেইনে কয়, ‘‘মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা পাঠান ছবিৰ ব্ৰেণ্ড এম্বেচেডৰ (Rakibul Hussain on Pathan Movie) ৷’’ পাঠান ছবিক থাৰ্ডক্লাছ বুলিও মন্তব্য ৰকিবুল হুছেইনৰ ৷

ইফালে, দাম বৃদ্ধিৰ বিৰুদ্ধেও সৰৱ হৈ পৰিল ৰকিবুল হুছেইন (Price Hike in Assam) ৷ দাম বৃদ্ধি ৰোধ কৰাত বিজেপি চৰকাৰ ব্যৰ্থ বুলি উল্লেখ কৰি ৰকিবুল হুছেইনে কয় যে, এতিয়া পাঁচশ টকাৰ বিদ্যুৎ বিল দিয়া পৰিয়ালে অহা মাহৰ পৰা পাঁচশ টকাৰ বিপৰীতে দুহেজাৰ টকাকৈ বিদ্যুৎ মাচুল আদায় দিব লাগিব ৷ উল্লখ্য যে, ৰাইজৰ ঘৰে ঘৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ পত্ৰ বিতৰণ কৰাৰ লক্ষ্যৰে আয়োজন কৰা হৈছিল এই মাণ্ডলিক সভাৰ ৷

লগতে পঢ়ক: Earthquake Strikes Nagaon : ৪ প্ৰাবল্যৰ ভূমিকম্পই জোঁকাৰিলে মধ্য অসমক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.