ETV Bharat / state

কলিয়াবৰত বিশ্বকৰ্মা পূজাৰ ব্যাপক প্ৰস্তুতি: মূৰ্তি নিৰ্মাণত ব্যস্ত দুই ভগ্নী - Biswakarma puja preparation in Assam

সমাগত বিশ্বকৰ্মা পূজা । বিশ্ব খনিকৰক আৰধনা কৰিবলৈ ৰাজ্য়ৰ চুকে কোনে চলিছে ব্যাপক প্ৰস্তুতি(Biswakarma puja preparation in Assam) । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে কলিয়াবৰতো চলিছে ব্যাপক প্ৰস্তুতি । কলিয়াবৰৰ কামাখ‍্যা গাঁৱৰ মহিলা মৃণ্ময় শিল্পী কবিতা পাল আৰু ৰীতা পালো ব্য়স্ত হৈ পৰিছে মৃণ্ময় প্ৰতিমা নিৰ্মাণত(Pottery artists are busy making clay idols) ।

biswakarma puja preparationat at kaliabor
কলিয়াবৰত বিশ্বকৰ্মা পূজাৰ ব্যাপক প্ৰস্তুতি, মূৰ্তি নিৰ্মাণত ব্যস্ত দুই ভগ্নী
author img

By

Published : Sep 11, 2022, 12:54 PM IST

Updated : Sep 11, 2022, 1:26 PM IST

কলিয়াবৰ,১১ ছেপ্টেম্বৰ: সমাগত শ্ৰীশ্ৰীবিশ্বকৰ্মা পূজা । বিশ্ব খনিকৰক আৰধনা কৰিবলৈ সাজু হৈছে ৰাজ্যবাসী(Biswakarma puja preparation in Assam) । পূজাৰ প্ৰাকক্ষণত ব্যস্ত হৈ পৰিছে মৃণ্ময় শিল্পীসকলো । কলিয়াবৰতো বিশ্বকৰ্মা আৰু দূৰ্গা পূজাক লৈ ব্যস্ত হৈ পৰিছে মৃণ্ময় মূৰ্তি নিৰ্মাণ কৰা শিল্পী সকল(Pottery artists are busy making clay idols) ।

কলিয়াবৰত বিশ্বকৰ্মা পূজাৰ ব্যাপক প্ৰস্তুতি, মূৰ্তি নিৰ্মাণত ব্যস্ত দুই ভগ্নী

কলিয়াবৰৰ কামাখ‍্যা গাঁৱৰ মহিলা মৃণ্ময় শিল্পী কবিতা পাল আৰু ৰীতা পালৰ এতিয়া ভীষণ ব্যস্ততা । কলিয়বৰৰ কামাখ‍্যা গাঁৱৰ মহিলা মৃণ্ময় শিল্পী কবিতা আৰু ৰীতা পাল ব‍্যস্ত বিশ্বকৰ্মা মূৰ্তি নিৰ্মাণত । কলিয়াবৰৰ দুই ভগ্নীদ্বয়ে স্থানীয় পূজাসমূহৰ চাহিদা পূৰ্ণত ব‍্যস্ত হৈ পৰিছে । যোৱা চল্লিশ বছৰ ধৰি এই মহিলা মৃণ্ম শিল্পীদ্বয়ে এই বৃত্তিটো জীয়াই ৰখাৰ চেষ্টা চলাই আছে ।

ইফালে ধনেখোৱাৰ উত্তম পালে নিৰ্মাণ কৰিছে দুই শতাধিক বিশ্বকৰ্মাৰ মূৰ্তি । কলিয়াবৰৰ ধনেখোৱাটো উত্তম পাল নামৰ ব্যক্তি গৰাকীৰ নেতৃত্বত ১০ জনকৈ শিল্পী দিনে নিশাই ব্যস্ত হৈ পৰিছে বিশ্বকৰ্মাৰ মূৰ্তি নিৰ্মাণত । ২০০৪ চনৰ পৰা বিভিন্ন দেৱীৰ মূৰ্তি নিৰ্মাণ কৰি উত্তম পালে নিজে স্বাৱলম্বী হোৱাৰ লগতে ১০ জনকৈ লোকক দিছে কৰ্ম সংস্থাপন । কলিয়াবৰৰ ধনেখোৱাৰ বৃহৎ মুৰ্তি নিৰ্মাণ কৰা প্ৰতিষ্ঠানটোয়ে কলিয়াবৰৰ লগতে তেজপুৰৰো বিভিন্ন স্থানৰ দেৱ-দেৱীৰ মুৰ্তিৰ চাহিদা পূৰণ কৰি আছে ।

লগতে পঢ়ক: ড্ৰাগছৰ বিৰুদ্ধে নগাঁৱৰ ৰাজপথত দৌৰিছে গৌৰৱ গগৈয়ে

Last Updated : Sep 11, 2022, 1:26 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.