কলিয়াবৰ, ২৪ নৱেম্বৰ : আজি লাচিত দিৱস । মহাবীৰ লাচিত বৰফুকনৰ ৪০১ সংখ্যক জন্মদিন সমগ্ৰ ৰাজ্যত উদযাপন কৰা হৈছে । ৰাজ্য়ৰ আন ঠাইৰ লগতে কলিয়াবৰতো অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কলিয়াবৰ জিলা সমিতিৰ উদ্যোগত লাচিত দিৱস উদযাপন কৰা হয় । কলিয়াবৰ তিনিআলিৰ গৌৰী ভৱনত দেশপ্ৰেমৰ উজ্জ্বল নিদৰ্শনেৰে অসমীয়া জাতিক সদা উদ্বুদ্ধ কৰা বীৰ লাচিতক সোঁৱৰণ কৰে যুৱ-ছাত্ৰ পৰিষদে ।
এই উপলক্ষে পতাকা উত্তোলন, লাচিতৰ প্ৰতিমূৰ্তিত মাল্য প্ৰদানৰ লগতে সম্বৰ্ধনা অনুষ্ঠান, সাংগঠনিক কৰ্মশালা আৰু ছাত্ৰ-ছাত্ৰীৰ মাজত চিত্ৰাঙ্কন প্ৰতিযোগিতাৰ আয়োজন কৰা হয় । আনহাতে, কুঁৱৰীটোল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আজিৰে পৰা আৰম্ভ হোৱা মহাৰজত জয়ন্তী অনুষ্ঠানতো বীৰ লাচিতক শ্ৰদ্ধাৰে সোঁৱৰণ কৰে ।
লাচিত বৰফুকন আছিল অসমৰ আহোম সাম্ৰাজ্যৰ সৰ্বশ্ৰেষ্ঠ সেনাপতি । ১৬৬৯ত লাচিতে অসমীয়া সেনাৰ দ্বাৰা বিশাল মোগল সৈন্য-বাহিনীক পৰাজিত কৰি অসমৰ পৰা আঁতৰাই পঠিয়াইছিল । শৰাইঘাটৰ যুদ্ধত লাচিতে দেখুওৱা বিক্ৰমৰ ফল স্বৰূপে অসমৰ বুৰঞ্জীত লাচিত বৰফুকনৰ নাম আজিও জিলিকি আছে । লাচিতে একেদিনাই বৰফুকনৰ পদ লাভ কৰাৰ আগতে প্ৰথমে আছিল ঘোঁৰা বৰুৱাৰ পদত । এই পদত থাকোতে তেওঁ অতি দুৰ্দান্ত ঘোঁৰাক বশ কৰিছিল । ঘোঁৰা বৰুৱা, দুলীয়া বৰবৰুৱা, শিমুলগুৰীয়া ফুকনৰ পৰৱৰ্তী সময়ত দোলাকাষৰীয়া বৰুৱা হোৱাৰ পিছতহে স্বৰ্গদেউ চক্ৰধ্বজ সিংহৰ বৰফুকন হৈছিল ।
লগতে পঢ়ক:কংগ্ৰেছ শাসিত ৰাজস্থানৰ ৩০০ টা সেৱা মাচুলৰ তালিকাৰে বিৰোধীক প্ৰত্যুত্তৰ পীযুষ হাজৰিকাৰ
দোলাকাষৰীয়া বৰুৱা পদত থাকোতে লাচিতৰ দক্ষতা স্বৰ্গদেউৰ চকুত পৰে । স্বৰ্গদেউ চক্ৰধ্বজ সিংহই লাচিতক এখন সোণোৱালী হেংদাং পুৰস্কাৰ দি সেনাপতি আৰু বৰফুকন পদত অধিষ্ঠিত কৰে । তাৰ পাছতে লাচিতে দেহে-কেহে খাতি ১৬৬৭ চনৰ জহকালি আহোমৰ সেনাবাহিনী প্ৰশিক্ষণ দি মোগলৰ বিৰুদ্ধে যুঁজ দিবলৈ প্ৰস্তুত কৰি তোলে ।
লগতে পঢ়ক:তিনিদিনে সন্ধান নাই চিকিৎসক বিকাশ ৰঞ্জন দাসৰ, কি আছে আত্মহত্যা টোকাত ?