ETV Bharat / state

ব'হাগ পালেহি: পুৰণিগুদামত পূৰ্ণগতিত বিহুৰ কৰ্মশালা

author img

By

Published : Mar 21, 2022, 8:22 PM IST

গা-মন ৰাইজাই কৰা ব'হাগ সমাগত । ব'হাগক আদৰাৰ প্ৰস্তুতি প্ৰান্তে প্ৰান্তে আৰম্ভ (Rangali Bihu preparation in Assam) । ঢোলৰ গুমগুমনি, পেঁপাৰ মাতে মন মতলীয়া কৰিছে নাচনী-বিহুৱা । আৰম্ভ বিহুৰ কৰ্মশালা ।

bihu workshop is going on samaguri
পুৰণিগুদামত পূৰ্ণগতিত বিহুৰ কৰ্মশালা

ছামগুৰি,২১,মাৰ্চ: আবিৰৰে ৰঙীণ হৈ ৰাজ্যবাসী সাজু ৰঙালীক আদৰিবলৈ । দিনচেৰেক পাছতেই হেঁপাহৰ ৰঙালী বিহু । ৰঙালী বিহুক আদৰিবলৈ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আৰম্ভ হৈছে প্ৰস্তুতি (Rangali Bihu preparation in Assam) । সংস্কৃতিৰ বৰপথাৰ নগাঁৱৰ বিভিন্ন প্ৰান্তটো আৰম্ভ হৈছে বিহুৰ কৰ্মশালা (Bihu workshop underway in Puranigudam) ।

পুৰণিগুদামৰ চলচলি-হালোৱাগাঁৱত "পুৰণিগুদাম প্ৰেছ ক্লাৱ"ৰ উদ্যোগত তথা হালোৱাগাঁও আঞ্চলিক যুৱ মঞ্চৰ সহযোগত আয়োজন কৰা কৰ্মশালাটিত অংশগ্ৰহণ কৰিছে বৃহত্তৰ অঞ্চলটোৰ প্ৰায় অৰ্ধ শতাধিক কণ কণ শিশুৰ পৰা আৰম্ভ কৰি কিশোৰ-কিশোৰী, যুৱক-যুৱতীয়ে । হালোৱাগাঁওস্থিত "ভেৰভেৰী মজলীয়া আৰু প্ৰাক্-প্ৰাৰ্থমিক বিদ্যালয়"ৰ প্ৰাংগণত বহাগ বিহুৰ উৰুকা পৰ্য্যন্ত অনুষ্ঠিত হ'ব লগীয়া কৰ্মশালাখনত ঢোলবাদন আৰু বিহু নৃত্যৰ প্ৰশিক্ষণ প্ৰদান কৰা নগাঁও জিলাৰ অন্যতম এগৰাকী প্ৰবীণ বিহুৱা ৰাজু শইকীয়াই ।

পুৰণিগুদামত পূৰ্ণগতিত বিহুৰ কৰ্মশালা

শইকীয়াৰ মতে বিহুৰ দৰে অসমীয়াৰ জাউতিযুগীয়া কলা-সংস্কৃতিক চামে-চামে শিশু সকলৰ মাজত প্ৰবাহিত কৰাটোৱেই তেওঁৰ মূল উদ্দেশ্য । ইফালে পুৰণিগুদাম প্ৰেছ ক্লাৱেও আয়োজন কৰা এই কৰ্মশালাৰ আখৰাত ব্যস্ত চেমনীয়া ঢুলীয়াহঁতৰ ঢোলৰ গুমগুমনিত ফুলকুমলীয়া নাচনীৰ নৃত্য আৰূ বিহু সুৰৰ মূৰ্চনাৰে এতিয়া মুখৰিত কৰিছে কৰ্মশালা থলীৰ আকাশ-বতাহ ।

লগতে পঢ়ক: হৰ্ছ ট্ৰেডিঙক লৈ উত্তাল বিধানসভা : বিৰোধীৰ ঐক্যবদ্ধ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.