নগাঁও, 23 এপ্ৰিল: মোৰ কোনো নাই, আপোনালোকেই মোৰ সকলো ৷ ৰঙালী বিহুৰ আনন্দৰ মাজতেই সোমবাৰে উচুপি উঠি এনেদৰেই ক’লে এগৰাকী আইতাই ৷ হোজাইৰ লংকাৰ এইগৰাকী আইতাই বিগত তিনি বছৰ ধৰি জীৱনৰ অন্তিম ঠিকনা হিচাপে বাচি লৈছে নগাঁৱৰ এখন বৃদ্ধাশ্ৰম ৷ এই বৃদ্ধাশ্ৰমত সোমবাৰে অনুষ্ঠিত বিহুৰ অনুষ্ঠানত ঢোলৰ চেৱে চেৱে কঁকাল ভাঙি নাচি বিহুৰ আনন্দ ল’লে বৃদ্ধাশ্ৰমত বাস কৰা আইতাইসকলৰ লগতে বহু অনাথ শিশুয়ে ৷
উল্লেখ্য যে, নগাঁৱৰ ঐতিহ্যমণ্ডিত নগাঁও আৰু আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ সকলৰ প্ৰচেষ্টাত প্ৰতিষ্ঠা লাভ কৰা ‘সহায়:মানৱতাই আমাৰ ধৰ্ম, মানৱ সেৱাই আমাৰ কৰ্তব্য' নামৰ বেচৰকাৰী সন্থাই সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰ সহযোগত আয়োজন কৰিছে এই ব্যতিক্ৰমী বিহুৰ । আইতাসকলৰ লগতে অনাথ শিশুসকলক বিহুৰ আনন্দ দিয়াৰ লগতে প্ৰদান কৰে বিহুৰ জলপান । জীৱনৰ বহু দুখ বেদনা পাহৰি কিছু সময়ৰ বাবে হ’লেও আনন্দত আত্মহাৰা হ'ল এইসকল আইতাৰ লগতে অনাথ শিশু সকল ।