ETV Bharat / state

নাট‍্যকাৰ ভূপেন্দ্ৰ নাথ হাজৰিকাৰ কথাৰে... - নাট‍্যকাৰ ভূপেন্দ্ৰ নাথ হাজৰিকাৰ কথাৰে

কৰ'ণাসৃষ্ট পৰিৱেশৰ মাজেৰেই পাৰ হৈছে বৰ্তমানৰ জটিল সময়ছোৱা ৷ নাট কৰ্মশালাৰ ব্যস্ততা আৰু নাট প্ৰতিযোগিতাৰ বাবে নাটকৰ তাগিদাৰ অভাৱে চুই যোৱা এই সময়ছোৱাত সাহিত্য কৰ্মত ব্যস্ত হৈ পৰিছে এগৰাকী নাট্যকাৰ ৷ নাট‍্যকাৰ ভূপেন্দ্ৰ নাথ হাজৰিকাৰ কথাৰে...

ভূপেন্দ্ৰ নাথ হাজৰিকা
ভূপেন্দ্ৰ নাথ হাজৰিকা
author img

By

Published : Sep 30, 2020, 2:14 PM IST

কলিয়াবৰ, 30 চেপ্তেম্বৰ: অসমৰ অপেছাদাৰী নাট্য জগতৰ অন্যতম চিনাকী নাট‍্যকাৰ ভূপেন্দ্ৰ নাথ হাজৰিকা ৷ 30 খন একাংক, ১০ খন পূৰ্ণাংগ নাট, 5 খন পূৰ্ণাংগ শিশুনাট আৰু ১৫ খন চুটি শিশু নাটেৰে তেওঁ চহকী কৰিছে নাট্য-সাহিত্যৰ ভঁৰাল ৷ নাটৰ সমান্তৰালকৈ তেওঁ অব্যাহত ৰাখিছে গল্প, কবিতা আৰু প্ৰবন্ধ চৰ্চা ৷ তেওঁৰ ফেছবুকত প্ৰকাশিত প্ৰথম উপন্যাস "স্মৃতিগন্ধা"ই অতিক্ৰম কৰিলে ১০০ টা খণ্ড ৷ মনোৰঞ্জনৰ জগতখন বা সাহিত্যৰ জগতখনত মহামাৰীৰ প্ৰাদুৰ্ভাৱে স্থবিৰতা আনিছে ৷ বিশেষকৈ নাট্যকৰ্মীসকলৰ জীৱনলৈ নামি আহিছে অমানিশা ৷ তাৰ মাজতে নাট্যকাৰ গৰাকীয়ে নিজকে এনেবোৰ চৰ্চাৰ মাজত ব্যস্ত ৰাখি পাঠক সমাজৰ পৰা ভূয়সী প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে ৷

নাট‍্যকাৰ ভূপেন্দ্ৰ নাথ হাজৰিকাৰ কথাৰে...

৮৩ ৰ আন্দোলনৰ আন্দোলনৰ সময়তে "ব্লাড্‌লেচ চাৰ্জাৰী"ৰে নাট‍্য-সাহিত‍্যত খোজ পেলাইছিল তেওঁ ৷ তাৰ পাচত তেওঁৰ ইখনৰ পাচত সিখন নাট আৰু সাহিত্য চৰ্চাই চহকী কৰিছে অসমীয়া নাট্য-সাহিত্যৰ জগত খন ৷ অসমৰ একাংকিকা নাট্য জগতৰ এগৰাকী চিনাকী নাট‍্যকাৰ ভূপেন্দ্ৰ নাথ হাজৰিকাই কৰ'ণাসৃষ্ট পৰিৱেশৰ মাজেৰেই পাৰ কৰিছে বৰ্তমানৰ জটিল সময়ছোৱা ৷ নাট কৰ্মশালাৰ ব্যস্ততা আৰু নাট প্ৰতিযোগিতাৰ বাবে নাটকৰ তাগিদাৰ অভাৱে চুই যোৱা এই সময়ছোৱাত সাহিত্য কৰ্মত ব্যস্ত হৈ পাঠক সমাজক ফেছবুকৰ জৰিয়তেই উপন্যাসৰ সোৱাদ দিবলৈ সক্ষম হৈছে ৷ পাঠক সমাজেও আদৰি লৈছে ভূপেন্দ্ৰ নাথ হাজৰিকাৰ প্ৰথমখন উপন্যাস "স্মৃতিগন্ধা"ক ৷

তেওঁ চহকী কৰিছে অসমীয়া নাট্য-সাহিত্যৰ ভঁৰাল

আনহাতে ভূপেন্দ্ৰ নাথ হাজৰিকাৰ আন এখন নাট্য সংকলন 'খিৰিকী' প্ৰকাশিত হৈছিল ২০১২ চনত । ইয়াৰোপৰি শান্তনু তামুলী সম্পাদিত, সাহিত্য অকাডেমীৰ দ্বাৰা প্ৰকাশিত 'নিৰ্বাচিত অসমীয়া শিশুনাট গ্ৰন্থ'ত তেওঁৰ 'ৰং' নাটকখনে স্থান লাভ কৰিছে । অসম নাট্য সন্মিলনৰ 'নাট্যৰংগ' নাট সংকলনত "অন্তঃ সলিলা"ৰ লগতে অসম সাহিত্য সভাৰ ৭৩ সংখ্যক কলিয়াবৰ অধিৱেশনত প্ৰকাশিত "কলিয়াবৰৰ নাট‍" সংকলনতো ভূপেন্দ্ৰ নাথ হাজৰিকাৰ নাটক "আলাপ" সন্নিবিষ্ট হৈছে ৷ ২০০৮ চনত ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ সহযোগত অনুষ্ঠিত হোৱা চিত্ৰলেখা ড্ৰামা প্ৰডাকশ্যনৰ নাট কৰ্মশালাৰ নাটক 'প্ৰেমে-প্ৰতিবাদে' ৰচনা কৰাৰ পাচতেই তেওঁ দিল্লীত অনুষ্ঠিত নাট্য বিদ্যালয়ৰ নাট ৰচনাৰ প্ৰশিক্ষণ লাভ কৰে‌, যিটোয়ে তেওঁৰ নাট ৰচনাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ অৰিহণা যোগাইছে বুলি নাট্যকাৰ গৰাকীয়ে উল্লেখ কৰে ৷ তেওঁ জানিবলৈ দিয়া অনুসৰি, পৰৱৰ্তী সময়ত ফেছবুকত লিখি থকা উপন্যাস খন পাঠক সমাজক ছপা ৰূপতো আগবঢ়োৱাৰ ইচ্ছা প্ৰকাশ কৰিছে ভূপেন্দ্ৰ নাথ হাজৰিকাই ৷

লগতে পঢ়ক: প্ৰাকৃতিক আশ্চৰ্যৰ মাধ্যমেৰে চিকিৎসা সেৱাৰ বাবে সাজু সুখীভৱ ৱেলনেছ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.