ETV Bharat / state

সুধাকণ্ঠৰ মৃত্যুবাৰ্ষিকী উপলক্ষ্যে কলিয়াবৰত মানৱতা দিৱসৰ আয়োজন

ৰাজ্যৰ ভিন্ন প্ৰান্তত সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ মৃত্যু দিৱস পালন কৰা হয় । কলিয়াবৰতো একাংশ দল, সংগঠনৰ সহযোগত মানৱতা দিৱস হিচাপে তেওঁৰ মৃত্যু দিৱসটো পালন কৰা হয় ।

Bhupen Hazarika
সুধাকণ্ঠৰ মৃত্যুবাৰ্ষিকী উপলক্ষ্যে কলিয়াবৰত মানৱতা দিৱসৰ আয়োজন
author img

By

Published : Nov 5, 2021, 8:30 PM IST

কলিয়াবৰ, ৫ নৱেম্বৰ : সমগ্ৰ ৰাজ‍্যৰ লগতে কলিয়াবৰতো পালন কৰা হয় সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ দশম সংখ্যক মৃত্যু বাৰ্ষিকী । শিলঘাটৰ মহামিলনৰ তীৰ্থ মহাবাহুৰ তীৰত স্থাপিত সুধাকণ্ঠ স্মৃতি উদ্যানত পালন কৰা হয় শিল্পীগৰাকীৰ মৃত্যু দিৱস । এই বিশেষ দিনটোত তেওঁক স্মৰণ কৰাৰ উদ্দেশ্যে কলিয়াবৰত 'মানৱতা দিৱস' শীৰ্ষক বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰা হয় ।

সুধাকণ্ঠৰ মৃত্যুবাৰ্ষিকী উপলক্ষ্যে কলিয়াবৰত মানৱতা দিৱসৰ আয়োজন

কলিয়াবৰ মহকুমা প্ৰশাসন, কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থা, লেখিকা সমাৰোহ সমিতি, শাখা সাহিত্য সভা, কলিয়াবৰ প্ৰেছ ক্লাৱ আদি অনুষ্ঠানে সন্মিলিত প্ৰচেষ্টাৰে উদযাপন কৰে 'মানৱতা দিৱস'ৰ । মহান শিল্পীগৰাকীৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ পাছতে শিল্পীগৰাকী অমৰ সৃষ্টিৰ জৰিয়তে তেওঁক স্মৰণ কৰা হয় ।

অনুষ্ঠানত ড৹ ভূপেন হাজৰিকাৰ গীতৰ চৰ্চাৰে প্ৰচাৰ-প্ৰসাৰত জড়িত হৈ থকা গায়ক তথা সুধাকণ্ঠৰ অনুৰাগী নয়নজ‍্যোতি শইকীয়াই গীতৰ জৰিয়তে মহান শিল্পীগৰাকীক স্মৰণ কৰে । অনুষ্ঠানত কেইবাগৰাকী বিশিষ্ট ব্যক্তি, সংগঠনসমূহৰ কৰ্মী লগতে স্থানীয় লোকসকল উপস্থিত থাকে ।

লগতে পঢ়ক : সুধাকণ্ঠৰ মৃত্যু বাৰ্ষিকী : তেজপুৰত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.