ETV Bharat / state

Bhogali Bihu 2023 : ভগৱানৰ ভেলাঘৰে দৃষ্টি কাঢ়িছে সকলোৰে

author img

By

Published : Jan 9, 2023, 9:45 PM IST

চাওঁতে চাওঁতে আহি পৰালেহি হেঁপাহৰ ভোগালী (Bhogali Bihu 2023) ৷ মাজত আৰু কেইটামান দিন ৷ ভোগালীক আদৰিবলৈ সাজু হৈছে প্ৰত্যকজন অসমীয়া ৷ অইনবাৰৰ দৰে এইবাৰো ৰহাত ভগৱান সেনাপতিৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে হাতী-মানুহৰ সংঘাতৰ প্ৰতিচ্ছবিৰ ভেলাঘৰ (Building Bhelaghar at Raha) ৷

Bhogali Bihu 2023
পদূলি মুখত হেঁপাহৰ ভোগালী
পদূলি মুখত হেঁপাহৰ ভোগালী

ৰহা, 9 জানুৱাৰী : পদূলি মুখত হেঁপাহৰ ভোগালী (Bhogali Bihu 2023) । ভোগালীক আদৰিবলৈ গাত তৰণি নাই চহা কৃষকৰ ৷ গাঁৱৰ চুকে-কোণে শুনিবলৈ পোৱা গৈছে এতিয়া কেৱল ঢেকীৰ মাত ৷ কোনোবাই যদি বনাইছে তিলপিঠা, আন কোনোবাই বনাইছে আকৌ নাৰিকলৰ লাড়ুৰ পৰা আদি কৰি মিঠৈ আৰু তিলৰ লাড়ু ৷ মুঠৰ ওপৰত গাঁৱৰ জীয়ৰী-বোৱাৰীৰ আখলৰ পৰা বাহিৰলৈ আহিবলৈ যেন এতিয়া কাৰো আহৰি নাই ৷

উজনিৰ পৰা নামনিলৈ ৰাজ্যৰ চাৰিওফালে এতিয়া ভোগালীক আদৰাৰ ব্যাপক প্ৰস্তুতি (Bhogali Bihu preparation in Assam) । পথাৰৰ সোণগুটি চপোৱাৰ পিচত এতিয়া ভোগালীৰ বাবে ব্যস্ত অসমবাসী । সাজু হৈছে ভগৱানৰো ভেলাঘৰ । ৰহাৰ আমনিশালীৰ ভগৱান সেনাপতি নামৰ এজন থলুৱা শিল্পীৰ নাম হয়তো সকলোৱে শুনিছে ।

প্ৰতি বছৰে আটকধুনীয়া বাৰ্তাবাহক ভেলাঘৰ সাজি চৰ্চা লাভ কৰা ৰহাৰ আমনিশালীৰ ভগৱান সেনাপতিয়ে এইবাৰো সাজি উলিয়াইছে চমক লগা ভেলাঘৰ (Building Bhelaghar at Raha) । শিল্পীপ্ৰাণ ভগৱানে 2012 চনৰ পৰাই ভোগালী বিহুত নিৰ্মাণ কৰি আহিছে আটকধুনীয়া ভেলাঘৰ । টাইটানিক, শান্তিৰ কপৌ, গোলক পৃথিৱী, প্ৰকৃতি সুৰক্ষা তথা গছ থাকিলেহে মানুহ থাকিব, গঁড় সুৰক্ষা আদি বাৰ্তাৰে ভেলাঘৰ নিৰ্মাণ কৰি ৰাইজৰ বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল ৷ বাদ পৰি ৰোৱা নাই এইবাৰো ৷

এইবাৰ ভগৱানে ভেলাঘৰত উপস্থাপন কৰিছে সাম্প্ৰতিক কালৰ অতি গুৰুত্বপূৰ্ণ বিষয় হাতী-মানুহৰ সংঘাত । অতি নিভাঁজ আৰু সাৱলীলভাৱে ভগৱানে নিজস্ব চিন্তাধাৰাৰে প্ৰতিবছৰে এনেদৰে ভেলাঘৰ সাজি সমাদৰ লাভ কৰি আহিছে । এইবাৰো ইয়াৰ ব্যতিক্ৰম নহয় । হাতী-মানুহৰ সংঘাত সুন্দৰকৈ উপস্থাপন কৰিছে এই ভেলাঘৰৰ জড়িয়তে ।

প্ৰায় এমাহজোৰা শ্ৰমৰ অন্তত ভগৱান সেনাপতিয়ে প্ৰায় 5 বিঘা পথাৰৰ নৰা আৰু 200 ডাল বাঁহেৰে নিৰ্মাণ কৰি উলিয়াইছে সম্পূৰ্ণ ভেলাঘৰটো (Bhogoban Senapoti build Bhelaghar at Raha) ৷ প্ৰায় এমাহৰ অন্তত সম্পূৰ্ণ হৈ উঠিছে এই ভেলাঘৰটো ৷ দৃষ্টিনন্দন এই ভেলাঘৰটো সোমবাৰে আনুষ্ঠানিকভাৱে উদ্বোধন কৰে তিৱা স্বায়ত্তপৰিষদৰ কাৰ্যবাহী সদস্য প্ৰণৱজ্যোতি মছৰঙে । ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে নিৰ্মাণ কৰা ভেলাঘৰটো চাবলৈ ৰহাৰ আমনিশালীলৈ ইতিমধ্যে জনস্ৰোত বোৱা পৰিলক্ষিত হৈছে ৷

ইফালে টীয়কৰ জাঁজী বামুনপুখুৰী বৰা গাঁৱৰ ৰাইজেও বাৰীৰ বাঁহ আৰু পথাৰৰ পৰা নৰা কাটি নিৰ্মাণ কৰাত লাগিছে ভেলাঘৰ (Locals are Busy Building Bhelaghar at Teok) । গাঁৱৰ ডেকাহঁতে নিৰ্মাণ কৰি থকা ভেলাঘৰটিয়ে বৰ্তমান সকলোকে আকৰ্ষিত কৰিবলৈ সক্ষম হৈছে । আনকি গাঁৱৰ ডেকা-বুঢ়া, জীয়ৰী-বোৱাৰী সকলোৱে ভেলঘৰৰ বাকৰিত বিহু গীতত গাই, নাচি-বাগি আনন্দত আত্মহাৰা হৈ পৰিছে ।

লগতে পঢ়ক : Bhelaghar at Teok: ভেলাঘৰ নিৰ্মাণত ব্যস্ত টীয়কৰ বামুণপুখুৰীবাসী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.