ETV Bharat / state

নতুন ৰূপত ঐতিহাসিক ভঁৰালী বৰুৱা পুখুৰী - কমলা কুঁৱৰী

সংৰক্ষণৰ অভাৱত এতিয়া হাবি জংঘলেৰে ভৰি পৰিছে ঐতিহাসিক এই ভঁৰালী বৰুৱা পুখুৰী ৷ পুখুৰীটোৰ সৌন্দৰ্যবৰ্ধন আৰু সংৰক্ষণৰ বাবে পূৱ-পূৱথৰীয়া আঞ্চলিক পঞ্চায়তে গ্ৰহণ কৰিছে এক বিশেষ পদক্ষেপ ৷

নতুন ৰূপ দিয়া হ’ল ঐতিহাসিক ভঁৰালী বৰুৱা পুখুৰীক

author img

By

Published : Jul 13, 2021, 9:19 PM IST

Updated : Jul 14, 2021, 12:10 PM IST

কলিয়াবৰ, 13 জুলাই : আহোম যুগৰ সুৰীয়া মালিতাৰ অন্যতম হ’ল কমলাকুঁৱৰীৰ সাধু আৰু এইগৰাকী কমলাকুঁৱৰীৰে স্মৃতি বিজড়িত আহোম যুগৰ ঐতিহাসিক ভঁৰালী বৰুৱা পুখুৰী ৷ কিন্তু সংৰক্ষণৰ অভাৱত এতিয়া হাবি জংঘলেৰে ভৰি পৰিছে ঐতিহাসিক এই ভঁৰালী বৰুৱা পুখুৰীটো ৷ শেহতীয়াকৈ ভঁৰালী বৰুৱা পুখুৰীৰ সৌন্দৰ্যবৰ্ধন আৰু সংৰক্ষণৰ বাবে পূৱ-পূৱথৰীয়া আঞ্চলিক পঞ্চায়তে গ্ৰহণ কৰিছে এক বিশেষ পদক্ষেপ ৷

পুখুৰীটোৰ চৌহদৰ বেৰ আৰু পাৰত গছপুলি ৰোপণৰ বাবে আঁচনিৰ কাম সম্পূৰ্ণ কৰি উলিয়াইছে পঞ্চায়তখনে ৷ পুখুৰীটোৰ চৌপাশে বিভিন্ন গছ পুলি ৰোপণৰ লগতে ইয়াক জৈৱ বৈচিত্ৰৰ ভঁড়াল হিচাপে গঢ় দিয়াৰ প্ৰয়াস কৰিছে পঞ্চায়তখনে ৷ আঁচনিখনৰ নামত মুঠ আৱণ্টিত ধনৰ পৰিমান ১৬ লাখ ৬৯ হাজাৰ ৪৩৮ টকা ৷ ইয়াৰে মহাত্মা গান্ধী নিশ্চিত নিয়োগ অধিনিয়মৰ অধীনত প্ৰায় ১১ লাখ ৯৬ হাজাৰ ৮১৫ টকা আৰু ৪ লাখ ৭২ হাজাৰ ৬২২ টকা সা-সামগ্ৰীৰ ব্যয়ৰ বাবে নিৰ্ধাৰণ কৰা হৈছে ৷

নতুন ৰূপত ঐতিহাসিক ভঁৰালী বৰুৱা পুখুৰী

প্ৰবাদ অনুসৰি আহোম স্বৰ্গদেউ চক্ৰধ্বজ সিংহৰ দিনত ঠিক শৰাইঘাট ৰণৰ আগে-আগে ৰাজ্যত ভয়ানকভাৱে পানীৰ আকাল হৈছিল ৷ সেই সময়ত কলিয়াবৰত আহোম ৰাজ বিষয়া জয়ধ্বজ ভঁৰালী বৰুৱাই পানীৰ অভাৱ আৰু প্ৰজাৰ কষ্ট নিবাৰণৰ বাবে বহুলোকক লগাই পুখুৰী খন্দাইছিল ৷

কিন্তু দিনে-ৰাতিয়ে খান্দিও পুখুৰীৰ পানী উলিয়াব নোৱাৰিলে ৷ অৱশেষত সপোনত আদেশ লাভ কৰি ভঁৰালী বৰুৱাই মৰমৰ নুমলীয়া কমলা কুঁৱৰীক দান দিয়াত পুখুৰীটো পানীৰে উপচি পৰে ৷ প্ৰজা তথা ৰাজ্যৰ বাবে নিজৰ জীৱনকো তুচ্চ জ্ঞান কৰা কমলা কুঁৱৰীয়ে সেই পানীতে ডুবি কৰুণ মৃত্যুক সাৱতি লয় ৷

ঐতিহাসিক ভঁৰালী বৰুৱা পুখুৰীৰ উন্নয়নৰ আঁচনি সঠিক ৰূপায়নৰ ক্ষেত্ৰত অসমৰ হেৰাই যাবলৈ ধৰা ফল-মূলৰ পুলি ৰোপন কাৰ্য‍সূচী সোমবাৰে আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে কলিয়াবৰ মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি পবিত্ৰ কুমাৰ দাসে ।

লগতে পঢ়ক- খাকীত হাত দিয়াৰ মৰসাহ উদণ্ড যুৱকৰ

Last Updated : Jul 14, 2021, 12:10 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.