ETV Bharat / state

বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত বটদ্ৰৱাৰ হাইডুবি গাৱঁৰ ৰাইজ

জনস্বাস্থ্য কাৰিকৰী বিভাগে বিশুদ্ধ খোৱাপানী যোগানৰ নামত লাখ লাখ টকা ব্যয় কৰি বিভিন্ন ঠাইত পানী যোগান আঁচনি স্থাপন কৰিছে যদিও বিভাগটোৰ একাংশ অকৰ্মন্য বিষয়া কৰ্মচাৰীৰ চুড়ান্ত অৱহেলাৰ বাবেই সম্প্ৰতি সৰহ সংখ্যক পানী যোগান আঁচনি পৰিত্যক্ত অৱস্থাত আছে

বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত বটদ্ৰৱাৰ হাইডুবি গাৱঁৰ ৰাইজ
author img

By

Published : Apr 9, 2019, 8:42 PM IST

মৰিগাঁও, 9 এপ্ৰিলঃ বটদ্ৰৱা সমষ্টিৰ ধিং জনস্বাস্থ্য কাৰিকৰী বিভাগৰ চূড়ান্ত অৱহেলাৰ বাবেই বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত বটদ্ৰৱাৰ হাইডুবি গাৱঁৰ ৰাইজ ৷
জনস্বাস্থ্য কাৰিকৰী বিভাগে বিশুদ্ধ খোৱাপানী যোগানৰ নামত লাখ লাখ টকা ব্যয় কৰি বিভিন্ন ঠাইত পানী যোগান আঁচনি স্থাপন কৰিছে যদিও বিভাগটোৰ একাংশ অকৰ্মন্য বিষয়া কৰ্মচাৰীৰ চুড়ান্ত অৱহেলাৰ বাবেই সম্প্ৰতি সৰহ সংখ্যক পানী যোগান আঁচনি পৰিত্যক্ত অৱস্থাত আছে ৷
এইয়া নগাঁও জিলাৰ ধিং জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পৰিত্যক্ত অৱস্থাত থকা বিশুদ্ধ খোৱাপানী যোগান আঁচনিৰ দৃশ্য । দুবছৰ ধৰি বিশুদ্ধ খোৱাপানীৰ পৰা বঞ্চিত হৈ আছে বটদ্ৰৱা সমষ্টিৰ হাইডুবি গাৱঁৰ ৰাইজ। পানীৰ পৰা হোৱা বিভিন্ন বেমাৰ আজাৰ ডায়েৰিয়া আৰু মেলেৰীয়া অধ্যূষিত অঞ্চল হিচাপে পৰিচিত বটদ্ৰৱা হাইডুবি গাৱঁৰ ৰাইজক বিশুদ্ধ খোৱাপানী যোগানৰ উদ্দেশ্যে নগাঁও জিলা ধিং জনস্বাস্থ্য কাৰিকৰী বিভাগে এই পানী যোগান আঁচনিটো স্থাপন কৰিছিল। আঁচনিখনৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হোৱাৰ পিছত দুই তিনি মাহ ৰাইজক পানী যোগান ধৰিয়েই দায়িত্ব সামৰিলে বিভাগটোৱে। তাৰ ফলস্বৰূপে দুবছৰ ধৰি বিকল হৈ পৰি আছে আঁচনিটো ।

বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত বটদ্ৰৱাৰ হাইডুবি গাৱঁৰ ৰাইজ

আচঁনিখনত থকা কৰ্মচাৰীয়ে চৰকাৰৰ পৰা মাহে মাহে লৈ আছে বেতন কিন্তু দুৰ্ভাগ্যজনক ভাৱে দুবছৰ ধৰি আঁচনিখনৰ পৰা আজিলৈকে ৰাইজে নাপালে এটুপি খোৱা পানীও ৷ বিভাগীয় কৰ্তৃপক্ষৰ চুড়ান্ত অৱহেলা আৰু অমনোযোগিতাৰ বাবেই বিগত দুই বছৰ ধৰি পৰিত্যক্ত অৱস্থাত থকা বিশুদ্ধ খোৱাপানী যোগান আঁচনিখনৰ অতি প্ৰযোজনীয় ৱাটাৰ ফিল্টাৰ, ৱাটাৰ টেংক আদিত হাবি-জংঘলেৰে ভৰি পৰাৰ লগতে ভাঙি ছিগি গৈছে ৷ আনকি দীৰ্ঘদিন ধৰি পৰিত্যক্ত অৱস্থাত থকাৰ বাবেই আঁচনিখনৰ পৰা পানী যোগান ধৰা ড্ৰাইনেমাৰ,পানী পৰিবাহী পাইপবোৰো ফাঁটি গৈছে ৷ বিশুদ্ধ খোৱাপানী যোগানৰ নামত জনস্বাস্থ্য কাৰিকৰী বিভাগে চৰম প্ৰতাৰণা কৰা গাঁওখনৰ ৰাইজে আইৰনযুক্ত পানী সেৱন কৰি ইতিমধ্যে বিভিন্ন বেমাৰত ভুগিব লগা হৈছে ৷ ৰাইজে অতি সোনকালেই এই পৰিত্যক্ত বিশুদ্ধ খোৱাপানী যোগান আঁচনিখন কাৰ্যক্ষম কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছে ৷

Intro:বটদ্ৰৱা সমষ্টিৰ ধিং জনস্বাস্থ্য কাৰিকৰী বিভাগৰ চুড়ান্ত অবহেলাৰ বাবেই বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত বটদ্ৰৱাৰ হাইডুবি গাৱঁৰ ৰাইজ ৷Body:জনস্বাস্থ্য কাৰিকৰী বিভাগে বিশুদ্ধ খোৱাপানী যোগানৰ নামত লাখ লাখ টকা ব্যয় কৰি বিভিন্ন ঠাইত পানী যোগান আচনি স্হাপন কৰিছে যদিও বিভাগটোৰ একাংশ অকৰ্মন্য বিষয়া কৰ্মচাৰীৰ চুড়ান্ত অৱহেলাৰ বাবেই সম্প্ৰতি সৰহ সংক্ষক পানীযোগান আচনি পৰিত্যক্ত অৱস্হাত আছে ৷ এইয়া নগাঁও জিলাৰ ধিং জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পৰিত্যক্ত অৱস্থাত থকা বিশুদ্ধ খোৱাপানী যোগান আচনিৰ দৃশ্য । দুবছৰ ধৰি বিশুদ্ধ খোৱাপানীৰ পৰা বঞ্চিত হৈ আছে বটদ্ৰৱা সমষ্টিৰ হাইডুবি গাৱঁৰ ৰাইজ । পানীৰ পৰা হোৱা বিভিন্ন বেমাৰ আজাৰ ডাইৰীয়া আৰু মেলেৰীয়া অধ্যুষিত অঞ্চল হিচাপে পৰিচিত বটদ্ৰৱা হাইডুবি গাৱঁৰ ৰাইজক বিশুদ্ধ খোৱাপানী যোগানৰ উদ্দেশ্যে নগাঁও জিলা ধিং জনস্বাস্থ্য কাৰিকৰী বিভাগে এই পানীযোগান আচনিটো কৰিছিল স্থাপন । আঁচনিখন নিৰ্মানকাৰ্য সম্পূৰ্ণ হোৱাৰ পিছত দুই তিনি মাহ ৰাইজক পানী যোগান ধৰিয়েই দায়িত্ব সামৰিলে বিভাগটোৱে । তাৰ ফলস্বৰূপে দুবছৰ ধৰি বিকল হৈ পৰিল আচনিটো । কিন্তু আচঁনিখনত থকা কৰ্মচাৰীয়ে চৰকাৰৰ পৰা মাহে মাহে লৈ আছে বেতন । দুৰ্ভাগ্যজনক ভাবে দুবছৰ ধৰি আচনিখনৰ পৰা আজিলৈকে ৰাইজে নাপালে এটুপি খোৱা পানী ৷ বিভাগীয় কৰ্তৃপক্ষৰ চুড়ান্ত অবহেলা আৰু অমনোযোগিতাৰ বাবেই বিগত দুই বছৰ ধৰি পৰিত্যক্ত অৱস্থাত থকা বিশুদ্ধ খোৱাপানী যোগান আচনি খনৰ অতি প্ৰযোজনীয় ৱাটাৰ ফিল্টাৰ, ৱাটাৰ টেংক আদিত হাবি- জংঘলেৰে ভৰি পৰাৰ লগতে ভাঙি ছিগি গৈছে ৷আনকি দীৰ্ঘ দিনধৰি পৰিত্যক্ত অৱস্থাত থকাৰ বাবেই আচনিখনৰ পৰা পানী যোগান ধৰা ড্ৰাইনেমাৰ , পানী পৰিবাহী পাইপবোৰো ফাটিগৈছে ৷বিশুদ্ধ খোৱাপানী যোগানৰ নামত জনস্বাস্থ্য কাৰিকৰী বিভাগে চৰম প্ৰতাৰনা কৰা গাঁওখনৰ ৰাইজে আইৰনযুক্ত পানীসেৱন কৰি ইতিমধ্যে বিভিন্ন বেমাৰত ভূগিবলগা হৈছে ৷ ৰাইজে অতি সোনকালেই এই পৰিত্যক্ত বিশুদ্ধ খোৱাপানী যোগান আচনিখন কাৰ্যক্ষম কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছে ৷____________________বটদ্ৰৱাৰ পৰা প্ৰাঞ্জল বৰা ই টি ভি ভাৰত ।Conclusion:

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.