বটদ্ৰৱা, 27 অক্টোবৰঃ পুত্ৰ কন্যাৰ পৰা অৱহেলিত এহাল বৃদ্ধ দম্পতি ৷ জীৱনৰ বিয়লি বেলাত অসহায় হৈ দম্পতীহালে চলাই গৈছে জীৱন সংগ্ৰাম ৷
বটদ্ৰৱাৰ ৰাইডঙীয়াৰ কুৰুলীয়া পামৰ ভেলাই বৰা আৰু যোগমাই বৰাৰ আছে পুত্ৰ ,কন্যা, বোৱাৰী নাতিসহ আছে এখন ভৰা সংসাৰ । বৰপুত্ৰ বোধেন চন্দ্ৰ বৰা এখন চৰকাৰী বিদ্যালয়ৰ প্ৰধান শিক্ষক আৰু তেওঁৰ দুই পুত্ৰ প্ৰতিষ্ঠিত ব্যৱসায়ী । কিন্তু ইমানৰ পাছতো পুত্ৰ বোৱাৰীৰ পৰা অৱহেলিত হৈ দুৰ্বিসহ জীৱন অতিবাহিত কৰিছে এই বৃদ্ধ দম্পতিয়ে । অনিদ্ৰা অনাহাৰে দিন পাৰ কৰা পিতৃ মাতৃৰ খবৰ ল’বলৈ আহৰি নাই শিক্ষিত পুত্ৰ বোৱাৰীৰ ৷
আনহাতে মানসিক ৰোগত আক্ৰান্ত সৰু পুত্ৰ বিগত আঠ বছৰে শোৱাপাটীত ৷ চৰকাৰৰ পৰা পোৱা বিনামূলীয়া চাউল আৰু ওচৰ চুবুৰীয়াই কৰা সহায়েৰে জীৱন অতিবাহিত কৰিবলগীয়া হৈছে এই দুৰ্ভগীয়া বৃদ্ধ দম্পতিহালে ।