ETV Bharat / state

যোগৰ লগত ওত:প্ৰোত সম্পৰ্ক থকা নগাঁৱৰ এজন শিক্ষক - লক্ষ্মীনাৰায়ণ বৰা

২১ জুনত বিশ্বজুৰি পালন কৰা হ'ব পঞ্চম বাৰ্ষিক আন্তৰ্জাতিক বিশ্ব যোগ দিৱস, যোগ দিৱসৰ বাবে প্ৰস্তুতি চলাইছে নগাঁৱৰ শিক্ষক লক্ষ্মীনাৰায়ণ বৰাই ৷

নগাঁৱৰ যোগাসনৰ প্ৰশিক্ষক
author img

By

Published : Jun 20, 2019, 2:41 PM IST

Updated : Jun 20, 2019, 2:54 PM IST

নগাঁও,২০জুন : ২১ জুনত ৰাজ্যৰ লগতে বিশ্বজুৰি পালন কৰা হ'ব পঞ্চম বাৰ্ষিক আন্তৰ্জাতিক বিশ্ব যোগ দিৱস । যোগ দিৱসৰ বাবে নগাঁৱৰ কৃতি শিক্ষক লক্ষ্মীনাৰায়ণ বৰা সাজু হৈছে । শিক্ষকজনে ১৫ বছৰ ধৰি যোগৰ লগত জড়িত । নিজ ১০বছৰীয়া সন্তানকো দিছে যোগাসনৰ প্ৰশিক্ষণ । নগাঁৱৰ ভিন্ন প্ৰান্তত শিক্ষকজনে দিয়ে যোগৰ বিনামূলীয়া প্ৰশিক্ষণ । শিক্ষকজনৰ এই পদক্ষেপক ধন্যবাদ জনায় অঞ্চলবাসীয়ে । এইজন শিক্ষক সন্দৰ্ভত চাও আহক এই বিশেষ প্ৰতিবেদন ...

যোগৰ লগত থকা ওত:প্ৰোত সম্পৰ্ক থকা নগাঁৱৰ এজন শিক্ষক

নগাঁও,২০জুন : ২১ জুনত ৰাজ্যৰ লগতে বিশ্বজুৰি পালন কৰা হ'ব পঞ্চম বাৰ্ষিক আন্তৰ্জাতিক বিশ্ব যোগ দিৱস । যোগ দিৱসৰ বাবে নগাঁৱৰ কৃতি শিক্ষক লক্ষ্মীনাৰায়ণ বৰা সাজু হৈছে । শিক্ষকজনে ১৫ বছৰ ধৰি যোগৰ লগত জড়িত । নিজ ১০বছৰীয়া সন্তানকো দিছে যোগাসনৰ প্ৰশিক্ষণ । নগাঁৱৰ ভিন্ন প্ৰান্তত শিক্ষকজনে দিয়ে যোগৰ বিনামূলীয়া প্ৰশিক্ষণ । শিক্ষকজনৰ এই পদক্ষেপক ধন্যবাদ জনায় অঞ্চলবাসীয়ে । এইজন শিক্ষক সন্দৰ্ভত চাও আহক এই বিশেষ প্ৰতিবেদন ...

যোগৰ লগত থকা ওত:প্ৰোত সম্পৰ্ক থকা নগাঁৱৰ এজন শিক্ষক
Intro:যোগ সাধনাৰে ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠি গৌৰৱ কঢ়িয়াই আনিছে নগাঁৱৰ এগৰাকী চৰকাৰী শিক্ষক আৰু পুত্ৰই ।  
Body:যি সময়ত কেন্দ্ৰীয়্ চৰকাৰে যোগক লৈ  অান্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰি আহিছে ঠিক  তেনে সময়তে নগাঁও জিলাৰ বেবেজীয়াৰ এগৰাকী শিক্ষকে যোগ সাধনা কৰি সমগ্ৰ অসম তথা নগাঁও জিলালৈ সফলতাৰ মুকুতা বুটলি গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। পেচাত এগৰাকী  শিক্ষক যদিও শিক্ষক গৰাকীয়ে আজৰি সময়ত কৰে যোগ সাধনা । বিভিন্ন কঠিন যোগ ভংগীমাৰে  বহি: ৰাজ্যৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত যোগাসন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি খ্যাতি বুটলিবলৈ সক্ষম হৈছে শিক্ষক গৰাকীয়ে ।হয়  এইজনেই হৈছে শিক্ষক লক্ষ্মীনাৰায়ণ বৰা । নগাঁও জিলাৰ বিৰহ বেবেজীয়া মজলীয়া বিদ্যালয়ৰ সহ শিক্ষক লক্মীনাৰায়ন বৰা । সৰুৰে পৰাই যোগা ভাল পোৱা লক্ষ্মীনাৰায়নে নিজৰ একাগ্রতা আৰু নিষ্ঠাৰে যোগ সাধনা কৰিছিল । পৰবৰ্তী সময়ত শিক্ষকতাৰ দৰে পৱিত্ৰ বৃত্তিৰ মাজৰে সময় উলিয়াই যোগ সাধনা কৰি প্ৰথমে নগাওঁ জিলাত দুবাৰকৈ প্ৰথম স্থান, ৰাজ্যিক ভিত্তিত অনুষ্ঠিত যোগাসন প্ৰতিযোগিতাত দুবাৰকৈ প্ৰথম স্থান লগতে দিল্লী আৰু  তামিলনাডুত অনুষ্ঠিত ৰাষ্ট্ৰীয় যোগাসন প্ৰতিযোগিতাত  প্ৰথম দহটাৰ ভিতৰত স্থান লাভ কৰিবলৈ সক্ষম হয় লক্ষ্মীনাৰায়ণ বৰাই ।আনহাতে লক্ষ্মীনাৰায়ণ  বৰাৰ ১০ বছৰীয়া পুত্ৰ তন্ময় নাৰায়ন কাশ্যপও সৰুৰে পৰাই দেউতাকৰ পৰা যোগা শিক্ষা আহৰণ কৰি বহু কঠিন যোগা কৰি নগাঁৱৰ বিভিন্ন অঞ্চলত অনুষ্ঠিত যোগা প্ৰতিযোগিতাত স্থান দখল কৰিবলৈ সক্ষম হৈছে  । বৰ্তমান শিক্ষক গৰাকীক ব্যস্ত দেখা গৈছে যোগ প্ৰশিক্ষণ প্ৰদান কৰাত । নিজৰ ঘৰৰ চোতালত কন কন শিশুৰ লগতে জীয়ৰী বোৱাৰী বৃদ্ধ লোকক নিতৌ এনেদৰেই যোগ প্ৰশিক্ষণ সম্পূৰ্ণ বিনামূলীয়াকৈ প্ৰদান কৰি আহিছে শিক্ষক লক্ষ্মীনাৰায়ণ বৰাই । স্থানীয় ৰাইজৰ মন্তব্য যোগা প্ৰশিক্ষণ লৈ বহুগুণে উপকৃত হৈছে স্থানীয় ৰাইজ । এনেদৰে যোগা কৰি লক্ষ্মীনাৰায়ণ বৰাই নগাঁৱৰ বিভিন্ন প্রান্তত যোগাৰ শিবিৰ স্থাপন কৰি  ৰাইজক যোগা কৰিবলৈ প্ৰশিক্ষণ দি আহিছে আৰু ২০১৩ চনত বেবেজীয়া স্বাস্থ্য মন্দিৰ যোগা বিদ্যালয় স্থাপন কৰি বিশেষ ভাৱে প্ৰশিক্ষক হিচাপে জড়িত হৈ আছে । শিক্ষক জনৰ এনে নিদৰ্শনক সকলোৱে শলাগ লৈছে ।_________________________বটদ্ৰৱাৰ পৰা প্ৰাঞ্জল বৰা ই টি ভি ভাৰত অসম ।Conclusion:
Last Updated : Jun 20, 2019, 2:54 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.