বটদ্ৰৱা, 25 ফেব্ৰুৱাৰীঃ নগাঁও জিলাৰ ৰাইদঙীয়াৰ কৰচুঙৰ এগৰাকী বিশেষভাৱে সক্ষম যুৱক ৷ পিতৃৰ বিয়োগৰ পাছত মাতৃৰ সৈতে জীৱন অতিবাহিত কৰা পাপুলৰ মনত সৰুৰে পৰাই হেঁপাহ এগৰাকী ভাল পাঞ্জা খেলুৱৈ হোৱাৰ ৷ সেইবাবেই পাপুলে শাৰীৰিক বাধাকো নেওচি দোপত-দোপে আগুৱাই গৈছিল ক্ৰীড়া জগতত ৷ ৰাজ্যিক, ৰাষ্ট্ৰীয় পৰ্যায়ৰ লগতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো সুনাম অৰ্জন কৰি ৰাজ্য তথা জন্মভূমি নগাঁৱলৈ গৌৰৱ কঢ়িয়াই অনা পাপুল আজি দিশহাৰা ৷ কাৰণ আৰ্থিক অনাটনৰ বাবেই বহু ইচ্ছা আৰু সক্ষমতা থকা পাছতো বহু প্ৰতিযোগিতাত অংশ ল’বলৈ অসমৰ্থ এইজন প্ৰতিভাসম্পন্ন খেলুৱৈ ৷ তৎসত্বেও খবৰ ল’বলৈ আহৰি নাই সমষ্টিটোৰ বিধায়িকা আঙুৰলতা ডেকাৰ লগতে অসম চৰকাৰৰ ৷
আনহাতে নিজাববীয়াকৈ বিভাগীয় কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰিলেও গুৰুত্ব নিদিয়া অভিযোগ ক্ৰীড়াবিদগৰাকীৰ ৷ এতিয়া অসহায় খেলুৱৈগৰাকীৰ সংবাদ মাধ্যমৰ আগত চৰকাৰলৈ অনুৰোধ আৰ্থিক ভাৱে কিছু সহায় আগবঢ়াই ক্ৰীড়াক্ষেত্ৰত আগুৱাই যোৱাত সহায় কৰক ।
এতিয়া প্ৰশ্ন হৈছে এনেকৈ অৰ্থৰ অভাৱৰ বাবেই যদি নিজৰ প্ৰতিভাক বিসৰ্জন দিব দিবলগীয়া পৰিস্থিতিৰ সন্মুখীন হয় তেন্তে চৰকাৰৰ অভিলাষী আঁচনি সমূহ তেন্তে কাৰ্যক্ষম কাৰ বাবে হৈছে ?
আৰু পঢ়ক : অষ্ট্ৰেলিয়াত ‘‘আইচিচি মহিলা টি-20 ক্ৰিকেট বিশ্বকাপ 2020’’