ETV Bharat / state

মুঠিৰ ধন খৰচ কৰি স্বাৱলম্বীতাৰ সপোন ৰচা এজাক মহিলা - নগাঁও জিলা

অসম চৰকাৰে মহিলা সকলৰ বাবে লোৱা এক পদক্ষেপ কনকলতা মহিলা সবলীকৰণ আচনী ৷ এই আচনীৰ জৰিয়তে পঞ্জিয়নভুক্ত আত্ম সহায়ক গোটসমূহে লাভ কৰিব 10,000 টকাৰ আৰ্থিক অনুদান ৷ পৰ্যায়ক্ৰমে 5 লাখ টকালৈ বৃদ্ধি পাব এই আৰ্থিক অনুদান ৷ কিন্তু আজিও চৰকাৰৰ এই অনুদানৰ পৰা বঞ্চিত ধিঙৰ 10 গৰাকী মহিলা ৷

মুঠিৰ ধন কৰচ কৰি স্বাৱলম্বীতাৰ সপোন ৰচা এজাক মহিলা
author img

By

Published : Jul 2, 2019, 4:52 PM IST

Updated : Jul 2, 2019, 10:00 PM IST

10 গৰাকী মহিলাৰ এটা ক্ষুদ্ৰ গোট..গোটটোৱে দেখুৱাইছে স্বাৱলম্বীতাৰ নিদৰ্শন..সবিশেষ চাওক এই প্ৰতিবেদনত...

10 গৰাকী মহিলাৰ এটা ক্ষুদ্ৰ গোট..গোটটোৱে দেখুৱাইছে স্বাৱলম্বীতাৰ নিদৰ্শন..সবিশেষ চাওক এই প্ৰতিবেদনত...

Intro:থলুৱা অসমীয়া খাদ্য প্ৰস্তুত কৰি স্বাৱলম্বী হৈ আশাৰ বতৰা কঢ়িয়াই আনিছে ধিঙৰ ১০ গৰাকী মহিলাই । মহিলা সকলৰ এনে নিদৰ্শনক সকলোৰে প্ৰসংশা ।Body:পুৰুষৰ সমানে সমানে মহিলা সকলো যে কোনো গুণেই পিছ পৰা নহয় তাকেই প্ৰমাণ কৰিলে ধিঙৰ এজাক মহিলাই । ঘৰৰ কাম বনৰ মাজতো মহিলা সকলে এক গোট হৈ স্বাৱলম্বী হোৱাৰ পথ বাচি প্ৰস্তুত কৰি আহিছে থলুৱা খাদ্য । তেওঁ লোকৰ উদ্দেশ্যে স্বাৱলম্বী হোৱা । গাৰ ঘাম মাটিত পেলাই মহিলা সকলে খাদ্য প্ৰস্তুত কৰি ব্যৱসায় প্ৰতিষ্ঠানত বিক্ৰী কৰি স্বাৱলম্বী হৈ আশাৰ বতৰা কঢ়িয়াই আনিছে এই সকল মহিলাই । মাহৰ গুৰা , গাজ টেঙা, তিল পিঠা, নাৰিকলৰ লাৰু, বৰ পিঠাকে ধৰি বিভিন্ন ধৰণৰ সুস্বাদু খাদ্য প্ৰস্তুত কৰে এই মহিলা সকলে । নগাঁও জিলাৰ ধিং পৌৰ সভাৰ অন্তৰ্গত ৫ নং ৱাৰ্ডৰ আৰ্থিকভাৱে দুৰ্বল ১০ গৰাকী মহিলাই এক গোট হৈ ২০০২ চনতে স্থাপিন কৰিছিল বৰ্ণালী নামৰ আত্ম সহায়ক গোটটো । কিন্তু পৰিতাপৰ বিষয় যে চৰকাৰী পঞ্জীয়ন হোৱা এই আত্ম সহায়ক গোটটোৱে বৰ্তমানলৈকে চৰকাৰৰ পৰা নাপালে কোনো সাহায্য । কিন্তু এই দৰিদ্ৰ মহিলা কেইগৰাকীয়ে দুগুণ উচ্চাহে পৰিয়াল পোহপালৰ বাবে কৰি গৈছে জীৱন সংগ্রাম কাৰন পৰিয়াল পোহপাল দিয়া এক মাত্ৰ উপাৰ্জনৰ আহিলা এই গোটটো। তেওঁলোক আশাবাদী তেওঁলোকৰ এই গোটটোত এদিন নহয় এদিন চৰকাৰে দিব কিছু সাহায্য । সেইহে মহিলা সকলেও কৰি গৈছে সংগ্রাম ।উল্লেখ্য যে এই ১০ গৰাকী মহিলাৰ উপাৰ্জনৰ এক মাত্ৰ ভৰসা তেওঁলোকে প্ৰস্তুত কৰি বিক্ৰী হোৱা লাভাংশ । সেইহে তেওঁলোকক প্ৰয়োজন চৰকাৰ সাহায্য । বিধায়িকা আঙুৰলতা ডেকালৈ এই মহিলা সকলৰ আহ্বান চকু মেলি চাওক এই দুৰ্ভগীয়া মহিলা সকলক । দুগুণ উচ্চাহে কাম কৰি যাবলৈ দিয়ক আমাক কিছু সাহায্য । এতিয়া প্ৰশ্ন হয় বটদ্ৰৱা সমষ্টিৰ চাৰিও দিশে তদাৰক কৰি থকা বিধায়িকা আঙুৰলতা ডেকাই শুনিবনে এই মহিলা সকলৰ বিননি? নে এনেকৈ চৰকাৰী সাহায্য অবিহনেই মহিলা সকলে চলাই যাব তেওঁলোকৰ জীৱন সংগ্ৰাম?_______________________বটদ্ৰৱাৰ পৰা প্ৰাঞ্জল বৰা ই টি ভি ভাৰত ।Conclusion:
Last Updated : Jul 2, 2019, 10:00 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.