ETV Bharat / state

বটদ্ৰৱাত উদ্ধাৰ দুষ্প্ৰাপ্য প্ৰজাতিৰ বৰটোকোলা - বটদ্ৰৱাত উদ্ধাৰ দুষ্প্ৰাপ্য প্ৰজাতিৰ বৰটোকোলা

এটাৰ অৱস্থা অলপ সুস্থ যদিও এটাৰ অৱস্থা সংকটজনক । শনিবাৰে সাংবাদিকৰ তৎপৰতাত আঘাতপ্রাপ্ত পক্ষীটোৰ বিষয়ে প্ৰকৃতিপ্ৰেমী সংগঠন এ উব্লিউ আৰ আৰ অ' (Aassam wildlife rescue and research organization)ক খবৰ দিয়াত বটদ্ৰৱা থানত উপস্থিত হয় সংগঠনটোৰ সদস্য সুৰঞ্জন দেৱনাথ আৰু স্থানীয় বিধায়িকা আঙুৰলতা ডেকা ।

বটদ্ৰৱাত উদ্ধাৰ দুষ্প্ৰাপ্য প্ৰজাতিৰ বৰটোকোলা
প্ৰজাতিৰ বৰটোকোলা
author img

By

Published : Apr 11, 2020, 9:21 PM IST

Updated : Apr 11, 2020, 10:04 PM IST

নগাঁও, 11 এপ্ৰিল : শনিবাৰে গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানত আঘাতপ্রাপ্ত অৱস্থাত উদ্ধাৰ হয় দুটাকৈ দুষ্প্ৰাপ্য প্ৰজাতিৰ বৰটোকোলা । বটদ্ৰৱা থান পৰিচালনা সমিতিৰ লগতে ই টি ভি ভাৰতৰ সাংবাদিকৰ তৎপৰতাত উদ্ধাৰ কৰা হয় বৰটোকোলা দুটা। দৰাচলতে, বটদ্ৰৱা থানৰ আকাশী গংগা আৰু থান চৌহদৰ ওখ গছসমূহ বহু দুষ্প্ৰাপ্য প্ৰজাতিৰ লগতে বিলুপ্তপ্ৰায় পক্ষীৰ বাসস্থান । পৰিভ্ৰমী পক্ষীৰ কোলাহলত থানলৈ আগমন ঘটা ভকত বৈষ্ণৱৰ লগতে দৰ্শনাথীয়ে উপভোগ কৰে ইয়াৰ নৈসর্গিক পৰিবেশ ।

বটদ্ৰৱাত উদ্ধাৰ দুষ্প্ৰাপ্য প্ৰজাতিৰ বৰটোকোলা

কিন্তু বৃহস্পতিবাৰে অহা ধুমুহাই এই পক্ষীৰ বাহসমূহ ভাঙি তছ নচ কৰে । ফলত ওখ গছৰ পৰা পৰি আঘাতপ্রাপ্ত হয় দুটাকৈ বৰটোকোলা চৰাই । এটাৰ অৱস্থা অলপ সুস্থ যদিও এটাৰ অৱস্থা সংকটজনক । শনিবাৰে সাংবাদিকৰ তৎপৰতাত আঘাতপ্রাপ্ত পক্ষীটোৰ বিষয়ে প্ৰকৃতিপ্ৰেমী সংগঠন এ উব্লিউ আৰ আৰ অ' (Aassam wildlife rescue and research organization)ক খবৰ দিয়াত বটদ্ৰৱা থানত উপস্থিত হয় সংগঠনটোৰ সদস্য সুৰঞ্জন দেৱনাথ আৰু স্থানীয় বিধায়িকা আঙুৰলতা ডেকা । বিধায়িকা গৰাকীয়ে দুষ্প্ৰাপ্য পক্ষীৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে বন বিভাগক চমজাই দিয়াৰ সময়তো উপস্থিত থাকে ।

Last Updated : Apr 11, 2020, 10:04 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.