ETV Bharat / state

ভক্তিৰসেৰে মুখৰিত 450 বছৰীয়া বটদ্ৰৱা সত্ৰ - ভক্তিৰস

নগাঁৱৰ বটদ্ৰৱাৰ শলগুৰি সত্ৰত ৪৫০ বছৰীয়া ঐতিহ্য পৰম্পৰা ৰক্ষা কৰি পালন কৰা হয় পালনাম

ভক্তিৰসত মুগ্ধ হ'ল নগাও
author img

By

Published : Apr 19, 2019, 11:25 PM IST

নগাও,১৯ এপ্ৰিল : ভক্তিৰসত মুগ্ধ হ'ল নগাও জিলাৰ বটদ্ৰৱাৰ শলগুৰি সত্ৰ । ৪৫০ বছৰীয়া ঐতিহ্য পৰম্পৰা ৰক্ষা কৰি গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা সত্ৰত পালন কৰা হয় পালনাম । সত্ৰখনত একাদশী তিথিৰ পৰা পালন কৰা পালনামৰ সামৰণি পৰে শুকুৰবাৰে । পালনাম উপলক্ষে সত্ৰখনত মঞ্জিৰা নাম, আইসকলৰ নাম, প্ৰসংগ আৰু হৰি-নাম কীৰ্তনৰ আয়োজন কৰা হয় । এই পালনামৰ বাবে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা গুৰুজনাৰ জন্মস্থানখনলৈ আগমন ঘটে অসংখ্য লোকৰ ।

ভক্তিৰসেৰে মুখৰিত ৪৫০ বছৰীয়া বটদ্ৰৱা সত্ৰ

উল্লেখ্য যে, গুৰুজনাৰ নাতি বোৱাৰী আই কনকলতাই ১৬৫৬ খ্ৰীষ্টাব্দত বৰদোৱা থান পুনৰুদ্ধাৰ কৰাৰ পিছৰে পৰা বটদ্ৰৱা সত্ৰখনত পালনাম পালন কৰি অহা হৈছে ।

Intro:৪৫০ বছৰীয়া পৰম্পৰা ৰক্ষা কৰি বটদ্ৰৱাৰ শলগুৰি সত্ৰত পালনাম। হৰি নামৰ ধ্বনিৰে মুখৰিত গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা ।
Body:হৰি নামৰ অমৃতসৰ নিজৰা বোৱাই হৰি নাম ধ্বনিৰে মুখৰিত গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা । ঐতিহ্য পৰম্পৰা ৰক্ষা কৰি গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানত অনুষ্ঠিত হল পালনাম । বটদ্ৰৱা শলগুৰি সত্রই
একাদশী তিথিৰ পৰা ৰখা পালনামৰ সামৰণী পৰে শুক্ৰবাৰে । একাদশী তিথিৰ পৰা চতুৰ্দশী তিথিলৈকে নাম ৰখাৰ পাছত শুক্ৰবাৰে পূৰ্ণিমা উপলক্ষে দুপৰীয়া উলহ-মালহেৰে উদযাপন কৰে এই পালনাম উৎসৱ । পুৱাৰে পৰা তাল কোবোৱা, মঞ্জিৰা নাম, আইসকলৰ নাম, খোল প্রসংগ আৰু হৰি নাম কীৰ্তনেৰে মুখৰিত হৈ পৰে বটদ্ৰৱাৰ আকাশ বতাহ । অসমৰ বিভিন্ন প্রান্তৰ সহস্রাধিক ভকত বৈষ্ণৱৰ উপস্থিতিত দ্বিতীয় বৈকুণ্ঠ পুৰিলৈ পৰিণত হয় বটদ্ৰৱা থান । উল্লেখ্য যে শংকৰদেৱ গুৰুজনাৰ নাতি বোৱাৰী আইকনকলতাই ১৬৫৬ খ্ৰীষ্টাব্দত বৰদোৱা থান পুনৰুদ্ধাৰ কৰাৰ পিছৰে পৰা সম্ভৱতঃ ৪৫০ বছৰীয়া ঐতিহ্যময় পৰম্পৰাক জীপাল কৰি সত্ৰীয়া মৰ্যদা অক্ষুন্ন ৰাখি বটদ্রৱা থানত পূৰ্ণিমা (চ’তৰ পূৰ্ণিমা) ত শ্রীশ্রীশলগুৰি সত্রই আৰু ব'হাগৰ পূৰ্ণিমা
(বৌদ্ধ্ পূৰ্ণিমা)ত শ্রীশ্রী নৰোৱা সত্রই পালন কৰি আহিছে এই পালনাম উৎসৱ ভাগ ।________________বটদ্ৰৱাৰ পৰা প্ৰাঞ্জল বৰা ই টি ভি ভাৰত ।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.