বটদ্ৰৱা,8 জুলাইঃ হাতত চেনিটাইজাৰ আৰু মুখত মাস্ক পৰিধান কৰি গুৰুজনাৰ জন্মস্থানলৈ বুধবাৰৰ পৰা আগমন ঘটিল ভকত বৈষ্ণৱৰ । সামাজিক দূৰত্ব বজাই ৰাখি হৰি নামৰ অমল ধ্বনিত মুখৰিত হ'ল বটদ্ৰৱা থান ।
উল্লেখ্য যে, গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানৰ সমীপৰ হোটেল জয়গুৰুৰ ব্যৱসায়ী তপন বনিক নামৰ ব্যক্তিজনৰ দেহত COVID-19 পজিটিভ ধৰা পৰিছিল ২৪ জুনত । তাৰ পিছতই আতংকিত হৈ পৰিছিল সমগ্ৰ বটদ্ৰৱাবাসী । ব্যক্তিগৰাকী সংস্পৰ্শলৈ অহা গাড়ী চালক সহ আঠটাকৈ পৰিয়ালক ১৪ দিনৰ বাবে হোম কোৱাৰেণ্টাইন কৰা হৈছিল । ইফালে থানৰ সমীপৰ ব্যৱসায়ীৰ দেহতCOVID-19 পজিটিভ ধৰা পৰাৰ পিছতে বটদ্ৰৱা থান পৰিচালনা সমিতিয়ে চৈধ্য দিনৰ বাবে বটদ্ৰৱা থানৰ দুৱাৰ পুনৰ বন্ধ কৰিছিল । তীৰ্থযাত্রী তথা পৰ্যটকৰ অহাটো বাৰণ কৰিছিল । বুধবাৰে ১৪ দিনৰ অন্তত বটদ্ৰৱা থান পৰিচালনা সমিতিয়ে কিছু নীতি নিৰ্দেশনাৰ মাজেৰে তীৰ্থযাত্রী তথা ভকত বৈষ্ণৱৰ বাবে বটদ্ৰৱা থানৰ দুৱাৰ মুকলি কৰি দিয়ে । যাৰ বাবে এতিয়া উৎফুল্লিত হৈ পৰিছে ভকত বৈষ্ণৱৰ লগতে তীৰ্থযাত্ৰী সকল । বটদ্ৰৱাৰ শ্ৰীশ্ৰী নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ দেৱানন্দ দেৱগোস্বামীয়ে সকলো ভকত বৈষ্ণৱক নীতি নিৰ্দেশনা পালন কৰি সকলো নিয়ম শৃংখলা বজাই বটদ্ৰৱা থানলৈ আহিবলৈ আহ্বান জনাইছে ।
লগতে পঢ়কঃকৰ'ণাক কেৰেপ নকৰা একাংশ লোক