ETV Bharat / state

Batadrava PS incident: আমিনুল ইছলামক বিষবাষ্প নিবিয়পাবলৈ আহ্বান সত্ৰাধিকাৰৰ

বটদ্ৰৱা কাণ্ডক লৈ জনসাধাৰণৰ মাজত অশান্তিৰ বিষবাষ্প নিবিয়পাবলৈ আমিনুল ইছলামৰ(MLA Aminul Islam) প্ৰতি আহ্বান সত্ৰাধিকাৰৰ ৷ ওপৰৱালাৰ ওপৰত বিশ্বাস ৰাখিবলৈও বিধায়কগৰাকীৰ প্ৰতি আহ্বান জনালে সত্ৰাধিকাৰ দেৱানন্দ দেৱ গোস্বামীয়ে ৷

author img

By

Published : Jun 6, 2022, 9:42 PM IST

Batadrava PS incident
আমিনুল ইছলামক বিষবাষ্প নিবিয়পাবলৈ আহ্বান সত্ৰাধিকাৰৰ

নগাঁও, 6 জুন: গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানৰ উন্নয়নমূলক কাম-কাজক লৈ সোমবাৰে নগাঁও জিলাৰ উপায়ুক্তৰে এক আলোচনাত মিলিত হয় বটদ্ৰৱা থান পৰিচালনা সমিতি । জিলা উপায়ুক্তক সাক্ষাতৰ অন্তত সংবাদ মাধ্যমৰ সন্মুখত কেবাটাও মন্তব্য কৰে থান পৰিচালনা সমিতিৰ সভাপতি, উপ-সভাপতি তথা সত্ৰাধিকাৰে । ঐতিহ্যমণ্ডিত বৰদোৱা থান সুৰক্ষিত হৈ থকাৰ লগতে সকলোৰে মাজত শান্তি-সম্প্ৰীতি অটুট ৰাখি হিন্দু, মুছলমান সকলো একেখন মঞ্চত থকাৰ কামনা কৰে বটদ্ৰৱা থান পৰিচালনা সমিতিৰ(Batadrava than managing committee) সভাপতি তথা শলগুৰি সত্ৰৰ সত্ৰাধিকাৰ যোগেন্দ্ৰ নাৰায়ণ দেৱ মহন্তই ।

ইপিনে বটদ্ৰৱাত সংঘটিত হোৱা আৰক্ষী থানা আক্ৰমণৰ ঘটনাক নিন্দা কৰি কেইবাটাও মন্তব্য কৰে থানা পৰিচালনা সমিতিৰ উপ-সভাপতি তথা নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ দেৱানন্দ দেৱ গোস্বামীয়ে । বটদ্ৰৱা কাণ্ডক লৈ চৰকাৰ তথা প্ৰশাসনে আইনগত ব্যৱস্থা গ্ৰহণ কৰি আছে বুলি উল্লেখ কৰি বিধায়ক অমিনুল ইছলামৰ(MLA Aminul Islam) প্ৰতিও বিশেষ আহ্বান জনায় দেৱানন্দ দেৱ গোস্বামীয়ে । বটদ্ৰৱা কাণ্ডক(Batadrava PS incident) লৈ জনসাধাৰণৰ মাজত অশান্তিৰ বিষবাষ্প বিয়পাই আনন্দ কৰাৰ বিপৰীতে ওপৰৱালাৰ ওপৰত বিশ্বাস ৰখাৰ আহ্বান জনায় সত্ৰাধিকাৰগৰাকীয়ে (Salaguri Satra Satradhikar)।

বিধায়ক হিচাপে আমিনুল ইছলামে নিজৰ সমাজখনক সুৰক্ষিত কৰি ৰাখক বুলি মন্তব্য কৰে সত্ৰাধিকাৰ দেৱানন্দ দেৱ গোস্বামীয়ে । যদি কিবা আপত্তি আছে আইনৰ কাষ চাপিবলৈকো বিধায়ক আমিনুল ইছলামক আহ্বান জনায় নৰোৱা সত্ৰৰ সত্ৰাধিকাৰগৰাকীয়ে । চৰকাৰী নথিমতে যদি বটদ্ৰৱাৰ ভূমিত বেদখল হৈছে সেয়া উচ্ছেদ কৰিবলৈও দাবী জনায় সত্ৰাধিকাৰগৰাকীয়ে । বেদখল উচ্ছেদৰ বাবে বিগত তৰুণ গগৈ চৰকাৰৰ দিনৰ পৰাই দাবী জনাই অহাৰ কথাও উল্লেখ কৰে সত্ৰাধিকাৰগৰাকীয়ে ।

বটদ্ৰৱা কাণ্ডৰ যাতে পুনৰাবৃত্তি নহয় তাৰো কামনা কৰিলে সত্ৰাধিকাৰ দুগৰাকীয়ে ।

লগতে পঢ়ক: কোন প্ৰবীণ বড়ো ? ওলোটাই হাগ্ৰামাৰ প্ৰশ্ন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.