নগাঁও,13আগষ্টঃ ৰাষ্ট্ৰীয় দূৰদৰ্শনত DD 1 ত সম্প্ৰচাৰিত "শ্ৰী মন্তু শংকৰদেৱ'' ধাৰাবাহিক খনিত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ব্যক্তিত্ব বৈষ্ণৱ ধৰ্ম দৰ্শনৰ লগতে অসমৰ গৰিমামণ্ডিত সাংস্কৃতিক ঐতিহ্যক চূড়ান্ত ভাৱে ভূ-লুন্ঠিত কৰাৰ অভিযোগ উত্থাপন কৰি তীব্ৰ গৰিহনা দিয়ে শ্ৰী শ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতিয়ে ।
বৃহস্পতিবাৰে গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানত এক সংবাদ মেলৰ সম্বোধন কৰি এই সন্দৰ্ভত কেবাটাও মন্তব্য কৰে থান পৰিচালনা সমিতিৰ বিষয়ববীয়াই । বিশেষকৈ ধাৰাবাহিকখনত গুৰুজনাৰ অস্বাস্থ্যকৰ পৰিৱেশৰ বাসগৃহ, মাক আই খেৰসুতিৰ অৱয়ব , বিবাহ কাৰ্যৰ লগতে বামুনক অতি দুখলগা ধৰনে দেখুওৱা হৈছে।
ইয়াৰ উপৰিও সতী ৰাধিকাৰ স্বামীয়ে লাওপানী খোৱাৰ দৃশ্যও বিকৃত কৰাক কেন্দ্ৰ কৰি ক্ষোভিত হয় বটদ্ৰৱা থানৰ সত্ৰাধিকাৰ দেৱানন্দ দেৱ গোস্বামী । অতি শীঘ্ৰে এই ধাৰাবাহিক নিষিদ্ধ কৰিবৰ বাবে সংবাদ মেল যোগে দাবী জনাইছে বটদ্ৰৱা থান পৰিচালনা সমিতিয়ে ।
লগতে পঢ়কঃ স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত ব্ৰহ্মপুত্ৰৰ বুকুত আৰক্ষীৰ অভিযান