ETV Bharat / state

বটদ্ৰৱা সত্ৰ সমবায় সমিতিৰ ব্যাপক দুৰ্নীতি - দুৰ্নীতি

বটদ্ৰৱা সত্ৰ সমবায় সমিতিৰ ব্যাপক দুৰ্নীতি আৰু অনিয়মৰ তদন্তৰ বাবে হঠাৎ সমবায়খনত উপস্থিত তদন্তকাৰী দল ৷ লগতে সমবায় নিৰ্বাচনত ব্যাপক অনিয়মৰ অভিযোগৰো তদন্তৰ বাবে মঙলবাৰে উপস্থিত হয় দলটো ।

বটদ্ৰৱা সত্ৰ সমবায় সমিতিৰ ব্যাপক দুৰ্নীতি
author img

By

Published : Apr 30, 2019, 7:16 PM IST

বটদ্ৰৱা,30এপ্ৰিল: মঙলবাৰে বটদ্ৰৱাত হঠাৎ উপস্থিত হয় সমবায় বিভাগৰ উচ্চপদস্থ বিষয়াৰ দল । বটদ্ৰৱা সত্ৰ সমবায় সমিতিৰ দুৰ্নীতি আৰু হৈ যোৱা সমবায় নিৰ্বাচনত ব্যাপক অনিয়মৰ অভিযোগৰ তদন্তৰ বাবে মঙলবাৰে আহি উপস্থিত হয় দলটো । ইপিনে সমবায় পৰিচালনাৰ বাবে হৈ যোৱা নিৰ্বাচনত মৃত ব্যক্তিক জীৱিত সজাই জীৱিত ব্যক্তিক মৃত সজাই নিৰ্বাচন অনুষ্ঠিত কৰাৰ অভিযোগ উত্থাপন হৈছিল ৷ লগতে বিভিন্ন সময়ত অবাধ দুৰ্নীতি আৰু অনিয়মৰ অভিযোগ উত্থাপন হোৱা সমবায়খনত তদন্তৰ বাবে মঙলবাৰে বটদ্ৰৱাত উপস্থিত হয় সমবায় বিভাগৰ জেষ্ঠ্য পৰিদৰ্শক নব দাসৰ নেত্ৰীত্বত এটা দল । বিভাগীয় উচ্চপদস্থ বিষয়াৰ দলটো উপস্থিত হৈয়ে আৰম্ভ কৰে তদন্ত ।

বটদ্ৰৱা সত্ৰ সমবায় সমিতিৰ ব্যাপক দুৰ্নীতি

লগতে পঢ়ক- ম্যাদ উকলা শীতল পানীয়ৰে ভৰি পৰিছে কলগাছিয়াৰ বজাৰ

Intro:বটদ্ৰৱা সত্ৰ সমবায় সমিতিৰ ব্যাপক দুৰ্নীতি আৰু অনিয়মৰ তদন্তৰ হঠাৎ উপস্থিত তদন্তকাৰী দল ।Body:বটদ্ৰৱাত হঠাত উপস্হিত সমবায় বিভাগৰ উচ্চপদস্থ বিষয়াৰ দল। বটদ্ৰৱা সত্ৰ সমবায় সমিতিৰ পৰ্বতসম দূৰ্নীতিৰ আৰু হৈ যোৱা সমবায় নিৰ্বাচনীত ব্যাপক অনিয়মৰ অভিযোগৰ তদন্তৰ বাবে মংগলবাৰে আহি উপস্হিত হয় দলটো। বটদ্ৰৱা সত্ৰ সমবায় খনত কংগ্ৰেছ চৰকাৰৰ ১৫ বছৰীয়া কাৰ্যকালত সংঘটিত হৈছিল অবাধ দূৰ্নীতি আৰু অনিয়ম ।প্ৰক্তন মন্ৰী গৌতম বৰাৰ পৃষ্ঠপোষকতা ঘনিষ্টই বিভাগীয় নীতি নিয়মক বুঢ়া আঙুলি দেখুৱাই দৰিদ্ৰ লোকৰ সূলভ মূল্যৰ সামগ্ৰী লুণ্ঠনকে ধৰি মৃত ব্যক্তিক জীৱিত সজাই জীৱিত ব্যক্তিক মৃত সজাই প্ৰতি বছৰে পাতি আহিছিল নিৰ্বাচন । নিৰ্বাচনত অনিয়ম কৰাকে ধৰি দৰিদ্ৰ লোকৰ চাউল আত্মসাৎ কৰাৰ অভিযোগৰ তদন্তৰ বাবে বটদ্ৰৱাত উপস্থিত হয় সমবায় বিভাগৰ জেষ্ঠ্য পৰিদৰ্শক নব দাসৰ নেত্ৰীত্বত এটা দল । স্হানীয় ৰাইজে বিভিন্ন সময়ত বিভাগীয় কৰ্তৃপক্ষক অবগত কৰি আহিছিল যদিও কোনো ধৰণৰ ব্যৱস্থা গ্রহণ কৰা নাছিল।অৱশেষত বিধায়িকা আঙুৰলতা ডেকাৰ তৎপৰতাত বিভাগীয় উচ্চপদস্থ বিষয়াৰ দল উপস্থিত হৈ আৰাম্ভ কৰিছে তদন্ত। উল্লেখ্য যে বিভিন্ন সময়ত বাতৰিৰ শিৰোনামা দখল কৰা বটদ্ৰৱা সত্ৰ সমবায় সমিতিৰ চাউল কেইদিনমান পূৰ্বে এটা দুষ্ট চক্রই চুৰি কৰি বজাৰত বিক্ৰী কৰিবলৈ নি থকা অৱস্থাত ৰাইজে কৰায়ত্ত কৰি আৰক্ষীক চমজাইছিল ।____________________বটদ্ৰৱাৰ পৰা প্ৰাঞ্জল বৰা ই টি ভি ভাৰত ।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.