বটদ্ৰৱা,31 জুলাই: নগাঁও জিলাৰ বটদ্ৰৱাৰ বিভিন্ন অঞ্চলত এতিয়া দিন দুপৰতে নিতৌ চলিছে মুকলিকৈ জুৱাখেল ৷ জুৱাখেলত হাত উজান দিছে ডেকা, বৃদ্ধ কিম্বা স্কুলীয়া ছাত্ৰই ৷ বটদ্ৰৱা আৰক্ষীৰ বেপেৰুৱা মনোভাৱৰ বাবেই অঞ্চলটোৰ বিভিন্ন অঞ্চলত ক্ৰমাৎ বৃদ্ধি পাব ধৰিছে অসামাজিক কাৰ্য-কলাপ ৷ বটদ্ৰৱা থানৰ নিকটবৰ্তী ধনীয়াভেটি , ৰামপুৰ, হাইডুবি গাওঁ এতিয়া পৰিণত হৈছে জুৱাৰ ঘাটিলৈ । নগাওঁ আৰু মৰিগাওঁ জিলাৰ বহু জুৱাৰীৰ আগমন ঘটে এই অঞ্চলটোত । অথচ সকলো জানি-বুজিও কাৰ্যত ধৃতৰাষ্ট্ৰৰ ভূমিকাত অৱৰ্তীণ হোৱা বটদ্ৰৱা আৰক্ষীৰ স্থিতিক লৈ সন্দেহ ব্যক্ত কৰিছে স্থানীয় সচেতন মহলে ৷ বটদ্ৰৱাত শক্তিশালী ৰূপত কাৰ্য-কলাপ চলাই থকা জুৱাৰীৰ চক্ৰৰ সৈতে কমিচনৰ অংকত মেনেজ হৈ থকা বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷ । উল্লেখ্য যে বিগত বৰ্ষত নগাঁও জিলাৰ জুৰীয়া থানাৰ অন্তৰ্গত বলিকটীয়াত জুৱাৰীৰ গুলীত অনিল দাস নামৰ এগৰাকী আৰক্ষী কনিষ্টবলৰ মৃত্যু হৈছিল । কিন্তু তাৰ পিছতো জুৱাৰীৰ বিৰুদ্ধে আৰক্ষীৰ ৰহস্যজনক নিৰৱতাই স্বাভাৱিকতে আৰক্ষীৰ ভূমিকাৰ ওপৰত সন্দেহ অধিক ঘনীভূত কৰি তুলিছে ৷
বটদ্ৰৱাত জুৱাৰীৰ দৌৰাত্ম: নিৰৱ দৰ্শকৰ ভূমিকাত আৰক্ষী প্ৰশাসন - Batadrava police station
ক্ৰমাৎ অসামাজিক কাৰ্যৰ ঘাটিত পৰিণত হৈছে নগাঁও জিলাৰ বটদ্ৰৱাৰ বিভিন্ন অঞ্চল । বটদ্ৰৱা আৰক্ষী থানাৰ আৰ্শীৰ্বাদতেই দিন দুপৰতে নিতৌ চলিছে মুকলিকৈ জুৱা খেল । নিৰ্বিকাৰ আৰক্ষী প্ৰশাসন ।
বটদ্ৰৱা,31 জুলাই: নগাঁও জিলাৰ বটদ্ৰৱাৰ বিভিন্ন অঞ্চলত এতিয়া দিন দুপৰতে নিতৌ চলিছে মুকলিকৈ জুৱাখেল ৷ জুৱাখেলত হাত উজান দিছে ডেকা, বৃদ্ধ কিম্বা স্কুলীয়া ছাত্ৰই ৷ বটদ্ৰৱা আৰক্ষীৰ বেপেৰুৱা মনোভাৱৰ বাবেই অঞ্চলটোৰ বিভিন্ন অঞ্চলত ক্ৰমাৎ বৃদ্ধি পাব ধৰিছে অসামাজিক কাৰ্য-কলাপ ৷ বটদ্ৰৱা থানৰ নিকটবৰ্তী ধনীয়াভেটি , ৰামপুৰ, হাইডুবি গাওঁ এতিয়া পৰিণত হৈছে জুৱাৰ ঘাটিলৈ । নগাওঁ আৰু মৰিগাওঁ জিলাৰ বহু জুৱাৰীৰ আগমন ঘটে এই অঞ্চলটোত । অথচ সকলো জানি-বুজিও কাৰ্যত ধৃতৰাষ্ট্ৰৰ ভূমিকাত অৱৰ্তীণ হোৱা বটদ্ৰৱা আৰক্ষীৰ স্থিতিক লৈ সন্দেহ ব্যক্ত কৰিছে স্থানীয় সচেতন মহলে ৷ বটদ্ৰৱাত শক্তিশালী ৰূপত কাৰ্য-কলাপ চলাই থকা জুৱাৰীৰ চক্ৰৰ সৈতে কমিচনৰ অংকত মেনেজ হৈ থকা বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷ । উল্লেখ্য যে বিগত বৰ্ষত নগাঁও জিলাৰ জুৰীয়া থানাৰ অন্তৰ্গত বলিকটীয়াত জুৱাৰীৰ গুলীত অনিল দাস নামৰ এগৰাকী আৰক্ষী কনিষ্টবলৰ মৃত্যু হৈছিল । কিন্তু তাৰ পিছতো জুৱাৰীৰ বিৰুদ্ধে আৰক্ষীৰ ৰহস্যজনক নিৰৱতাই স্বাভাৱিকতে আৰক্ষীৰ ভূমিকাৰ ওপৰত সন্দেহ অধিক ঘনীভূত কৰি তুলিছে ৷
Body:অপৰাধীক ৰক্ষণাবেক্ষণৰ বটদ্ৰৱা আৰক্ষী থানাৰ বিষয়াৰ । আৰক্ষীৰ আৰ্শীৰ্বাদতেই নগাঁও জিলাৰ বটদ্ৰৱাৰ বিভিন্ন অঞ্চলত এতিয়া দিন দুপৰতে নিতৌ চলিছে মুকলিকৈ জুৱা খেল এই অভিযোগ ৰাইজৰ । চাওক কেনেকৈ বান্ধিলে বান্দিলে পেলাইছে টকা । এই জুৱা খেলত অংশগ্ৰহন কৰিছে স্কুল কলেজৰ ছাত্রৰ লগতে জেষ্ঠ্য জনো । বটদ্ৰৱা আৰক্ষী নিৰব ভূমিকাৰ বাবেই বটদ্ৰৱাৰ বিভিন্ন অঞ্চলত বৃদ্ধি পাব ধৰিছে অসামাজিক কাৰ্য কলাপ। বটদ্ৰৱা থানৰ নিকটবৰ্তী ধনীয়াভেটি , ৰামপুৰ, হাইডুবি গাওঁ এতিয়া পৰিণত হৈছে জুৱাৰ ঘাটিলৈ । নগাওঁ অাৰু মৰিগাওঁ জিলাৰ বহু জুৱাৰীৰ অাগমন ঘটে এই অ্ঞ্চলতটোত । এই জুৱা খেলত নিতৌ চলে লাখ লাখ টকাৰ জুৱাৰ অাদ্দা । অঞ্চলটোৰ কেইটামান অসামাজিক তথা গুণ্ডা প্ৰকৃতিৰ লোকৰ লগত বটদ্ৰৱা আৰক্ষী থানাৰ উচ্চ পদস্থ বিষয়াৰ মিতিৰালি থকাৰ বাবেই এতিয়া চলিছে এই জুৱাৰ বেহা। দল সংগঠনৰ লগতে স্থানীয় ৰাইজৰ অভিযোগ বটদ্ৰৱা আৰক্ষী থানাৰ আৰ্শীৰ্বাদতেই এনেদৰেই এতিয়া মুকলিকৈ চলিছে জুৱা খেল । এই অসামাজিক কাৰ্যকলাপ বন্ধ কৰিবলৈ কোনো লোক অাগবাঢ়ি অাহিলেও মৃত্যুৰ ভাবুকি অাহে একাংশ গুণ্ডা প্ৰকৃতিৰ লোকৰ পৰা । সেয়ে বাধা দিবলৈ সাহস নকৰে অঞ্চলটোৰ সাধাৰন লোকে ।অানকি ভয় কৰে মুকলিকৈ সংবাদ মাধ্যমক কবলৈও । বটদ্ৰৱা আৰক্ষী থানাৰ পৰা মাত্ৰ এক কিলোমিটাৰ নিলগত এনে অসামাজিক কাৰ্য কলাপ চলি অাহিছে যদিও নীৰৱ ভূমিকা পালন কৰি অাহিছে বটদ্ৰৱা অাৰক্ষীয়ে । ইফালে জুৱাত একাংশই লাখ লাখ টকা হাৰি সৰ্ৱস্ৰান্ত হৈ নিজৰ দামী গাড়ী বিক্ৰী কৰিব লগা হৈছে জুৱাৰ অাড্ডাতে । অান কোনোৱে জুৱা খেলত হাৰি অঞ্চলটোত চুৰি দকাইতিৰ দৰে ঘটনা সংঘটিত কৰি অাহিছে । এনেধৰনৰ কাৰ্যকলাপ নিতৌ বৃদ্ধি পোৱাত এতিয়া অসামাজিক কাৰ্য কলাপৰ ঘাটিত পৰিনত হোৱাৰ উপক্ৰম ঘটিছে বটদ্ৰৱা । এনেক্ষেত্ৰত বটদ্ৰৱা অাৰক্ষীৰ ৰহস্যজনক ভূমিকাক তীব্ৰ সমালোচনা কৰিছে অঞ্চলটোৰ সচেতন মহলে । এতিয়া প্ৰশ্ন হয় অপৰাধীক ৰক্ষণাবেক্ষণৰ দি আৰক্ষীৰ খাকি পোচাকত কলংক সনা বটদ্ৰৱা আৰক্ষীৰ বিৰুদ্ধে উচ্চ পদস্থ আৰক্ষী বিষয়াই লব পাৰিনে উৎচিত ব্যৱস্থা ? নে আৰক্ষীৰ চত্ৰচায়াতেই এনেকৈ মুকলিকৈ চলি থাকিব জুৱা খেল? সেইয়া সময়তহে লক্ষণীয় হব । উল্লেখ্য যে বিগত বছৰত নগাঁও জিলাৰ জুৰিয়া থানাৰ অন্তৰ্গত বলিকটীয়াত জুৱাৰীৰ গুলীত অনিল দাস নামৰ এগৰাকী আৰক্ষী কনিষ্ঠবলৰ মৃত্যু হৈছিল । তাৰ পিছতো জুৱাৰীৰ বিৰুদ্ধে আৰক্ষীৰ ৰহস্যজনক নিৰব ভুকিকাই বটদ্ৰৱাত সূষ্টি কৰিছে তীব্র চাঞ্চল্যৰ ।____________________বটদ্ৰৱাৰ পৰা প্ৰাঞ্জল বৰা ই টি ভি ভাৰত অসম ।Conclusion: