ETV Bharat / state

ব্ৰইলাৰ মাংস বিক্ৰী কৰাৰ বাবেই এঘৰীয়া হ’ল বটদ্ৰৱাৰ এটা পৰিয়াল - একশৰণ ভাগৱতী সমাজ

নগাঁৱৰ বটদ্ৰৱাত ব্ৰইলাৰ মাংস বিক্ৰী কৰাৰ বাবে একশৰণ ভাগৱতী সমাজে এঘৰীয়া কৰিলে এটা পৰিয়ালক ৷ ঘটনাক লৈ বটদ্ৰৱাত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷

Batadrava family suffer due to their way of earning
ব্ৰইলাৰ মাংস বিক্ৰী কৰি একাশৰীয়া হ’ল বটদ্ৰৱাৰ এটা পৰিয়াল
author img

By

Published : Aug 22, 2020, 6:58 PM IST

নগাঁও, 22 আগষ্ট: শংকৰ সংঘৰ পাচত এইবাৰ একশৰণ ভাগৱতী সমাজৰ কাণ্ডক লৈ নগাঁৱত প্ৰতিক্ৰিয়া । লকডাউনৰ সময়ছোৱাত ব্ৰইলাৰ বিক্ৰীক জীৱিকাৰ পথ হিচাপে বাচি লৈ বিপদত পৰিল এটা দৰিদ্ৰ পৰিয়াল । ব্ৰইলাৰ মাংস বিক্ৰী কৰাৰ বাবেই ভাগৱতী সমাজৰ পৰা বহিষ্কাৰ আৰু এঘৰীয়া কৰিলে পৰিয়ালটোক ৷

জানিব পৰা মতে, নগাঁৱৰ হাতীচোঙৰ কুমাৰ গাঁৱৰ পদ্ম দাস নামৰ লোকজনে লকডাউনৰ সময়ছোৱাত জীৱিকাৰ পথ হিচাপে বাচি লৈছিল মাংস বি়ক্ৰীৰ ব্যৱসায় ৷ ব্ৰইলাৰ মাংস বিক্ৰী কৰি পৰিয়াল পোহপাল দিয়াৰ পথ হাতত লৈছিল পদ্ম দাসে ৷

ব্ৰইলাৰ মাংস বিক্ৰী কৰি একাশৰীয়া হ’ল বটদ্ৰৱাৰ এটা পৰিয়াল

কিন্তু গাঁৱৰ একশৰণ ভাগৱতী সমাজৰ বিষয়ববীয়াই এই কাৰ্যৰ বাবে পদ্ম দাসক সামাজিকভাৱে এঘৰীয়া কৰে ৷ এই ঘটনাক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে বটদ্ৰৱাত ৷ একশৰণ ভাগৱতী সমাজৰ এনে সিদ্ধান্তৰ পাচত এতিয়া মহাসংকটত পৰিছে পদ্ম দাসৰ পৰিয়ালটো ।

লগতে পঢ়ক: মাতৃৰ দাৰ ঘাপত প্ৰাণ গ'ল পুত্ৰৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.