ETV Bharat / state

চমুৱাগাঁৱত পথ দুৰ্ঘটনা : নিহত এজন

author img

By

Published : Aug 12, 2019, 9:18 AM IST

চমুৱাগাঁৱত সংঘটিত হোৱা পথ দুৰ্ঘটনাত প্ৰণৱ নাথ নামৰ এজন লোক নিহত হয়

চমুৱাগাঁৱত পথ দুৰ্ঘটনা

বটদ্ৰৱা,12আগষ্ট :

  • নগাঁও-মৰিগাঁও সংযোগী পথৰ চমুৱাগাঁৱত পথ দুৰ্ঘটনা
  • মহিন্দ্ৰা এক্স ইউ ভি আৰু স্কুটাৰৰ মাজত মুখামুখি সংঘৰ্ষ
  • সংঘৰ্ষত স্কুটাৰৰ গৰাকী প্ৰণৱ নাথ গুৰুতৰভাৱে আহত হয়
  • ভোগেশ্বৰী ফুকননী চিকিৎসালয়ত ভৰ্তি কৰা হয় আহত লোকজনক
  • কিন্তু চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় প্ৰণৱ নাথৰ
  • ঘটনা সংঘটিত কৰি আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ এক্সি ইউভি বাহনৰ গৰাকীৰ

Intro:নগাঁও-মৰিগাঁও সংযোগী পথৰ চমুৱাগাঁৱত শোকাৱহ পথ দুৰ্ঘটনা।এক্স ইউ ভি- স্কুটাৰৰ মুখামুখি সংঘৰ্ষত নিহত ১ ।Body:নগাঁও- মৰিগাঁও সংযোগী মূল পথত ভয়ংকৰ পথ দুর্ঘটনা । চমুৱাগাঁও তিনিঅালিত দেওবাৰে নিশা সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা। নগাঁৱৰ পৰা মৰিগাঁও অভিমুখে গৈ থকা এ.এছ ০১ ডি ই ৪৩৪৪ নম্বৰৰ মহিন্দ্ৰা এক্সি ইউ ভি বাহনখনে মৰিগাঁৱৰ পৰা নগাঁও অভিমুখী এ.এচ ২১ -৪০৮১ স্কুটাৰখনক মুখামুখিকৈ খুন্দিওৱাৰ ফলত স্কুটাৰচালক প্ৰণৱ নাথ গুৰুতভাৱে অাহত হয়।লগে লগে এক্সি ইউভি বাহনখনে নাথক ভোগেশ্বৰী ফুকননী চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসাধীন অৱস্থাতে কেইমিনিটমান পূৰ্বে স্কুটাৰ চালক প্ৰণৱ নাথে মৃত্যুক আঁকোৱালি লয় বুলি জানিব পৰা গৈছে। ইতিমধ্যে,ঘটনা সংঘটিত কৰা এক্সিউভি বাহনখনে অাৰক্ষীৰ ওচৰত কৰিছে অাত্মসমৰ্পণ ।উল্লেখ্য যে,নগাঁও-মৰিগাঁও সংযোগী পথৰ ব্যস্ততাপূৰ্ণ তিনিঅালি -চাৰিঅালিসমূহত আজি পৰ্যন্ত গড়কাপ্টানি বিভাগে কোনো গতিৰোধকৰ ব্যৱস্থা নকৰাৰ ফলতেই সঘনাই দুৰ্ঘটনা সংঘটিত হ'বলৈ ধৰিছে।বিগত দুমাহত চমুৱাগাঁও,জামুগুৰি আৰু নমাটি অঞ্চলত পথ দুৰ্ঘটনাই প্ৰাণ লৈছে কেইবাজনো লোকৰ। __________________বটদ্ৰৱাৰ পৰা প্ৰাঞ্জল বৰা ই টি ভি ভাৰত অসম ।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.