বটদ্ৰৱা, 2 মেঃ মৰণ ফান্দলৈ পৰিণত নগাঁও ধিং সংযোগী গড়কাপ্তানী পথ। আধাৰশিলা স্থাপন হোৱাৰ পিছতো মেৰামতি নহ'ল পথচোৱা যাৰ বাবে এতিয়া জীয়াতু ভুগিছে সমষ্টিবাসী ৰাইজে।
বিভাগীয় একাংশ বিতৰ্কিত বিষয়া কৰ্মচাৰীৰ চূড়ান্ত দায়িত্বহীনতা আৰু সংশ্লিষ্ট জন প্ৰতিনিধিৰ ৰহস্যজনক তথা উদাসীন ভূমিকাৰ বাবে নগাঁও,বটদ্ৰৱা,ধিং,ভূৰাগাঁও পথটি সম্প্রতি মৰণফান্দলৈ পৰিণত হোৱাৰ গুৰুতৰ অভিযোগ উঠিছে। ৰাইজৰ অভিযোগ নগাঁও গড়কাপ্তানী ৰাজ্যিক পথ সংমণ্ডলত কৰ্মৰত কাৰ্যবাহী অভিযন্তাৰ লগতে উক্ত পথৰ দায়িত্বত থকা অভিযন্তাৰ সৈতে একাংশ সুবিধাবাদী ঠিকাদাৰে বিগত সময়চোৱাত পথটিৰ মেৰামতিৰ নামত ব্যাপক হাৰত বিভাগীয় ধনৰ লুণ্ঠনৰাজ চলোৱাৰ পৰিণতিতে পথটোৰ অৱস্থা বিধ্বস্ত হয়।
ইফালে ২০১৮-১৯বৰ্ষৰ এচ অ পিডি শিতানত চৰকাৰী অনুমোদন নোহোৱাকৈ অসম চৰকাৰৰ নগৰ উন্নয়ন (স্বতন্ত্ৰ) বিভাগৰ মন্ত্ৰী পীয়ুষ হাজৰিকাৰ দ্বাৰা বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাৰ উপস্থিতিত যোৱা ৯ মাৰ্চত উক্ত পথ মেৰামতিৰ কামৰ আধাৰশিলা স্থাপন কৰে ৷ কিন্তু ৰহস্যজনকভাৱে বৰ্তমানলৈকে পথৰ ওপৰত নপৰিল এটাও শিলগুটি। যাক লৈ জাঙুৰ খাই উঠিছে সচেতন ৰাইজ। পথচাৰীসকলৰ ক্ষোভ আধাৰশিলা স্থাপন কৰি চমক সৃষ্টি কৰা বিধায়িকা আঙুৰলতা ডেকাই গুৰুত্ব দিয়ক সমষ্টিৰ এই গুৰুত্বপূৰ্ণ পথটোত। কদমনিৰ জামতলৰ পৰা ধিঙলৈ পথছোৱাত বৃহৎপুখুৰী সদৃশ গাঁত সৃষ্টি হোৱাৰ উপৰি পথছোৱাৰ দুয়োকাষ সম্পূৰ্ণভাৱে ভাঙি গৈছে। বাৰিষাৰ আগমণৰ লগে লগে যাতায়ত ব্যৱস্থাৰ ক্ষেত্ৰত এক ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হ'ব ই নিশ্চিত হৈ পৰিছে।