ETV Bharat / state

বটদ্ৰৱা থানত ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞা - ৰাজনৈতিক দল

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান পবিত্ৰ বটদ্ৰৱাত থানত উপস্থিত ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঁঞা ৷ বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান সাংসদ গৰাকীৰ ৷ সাংবাদিকৰ সৈতে হোৱা মত বিনিময়ত ৰাজনৈতিক দলত যোগদান কৰা শিল্পীক সমালোচনা ৷

Batadewa Visit MP Ajit Kumar Bhuya
বটদ্ৰৱা থানত উপস্থিত ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞা
author img

By

Published : Aug 27, 2020, 8:09 PM IST

নগাঁও, 27 আগষ্ট : অসমৰ ৰাজ্য সভাৰ সাংসদ অজিত কুমাৰ ভূঞা বৃহস্পতিবাৰে উপস্থিত হয় মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান পবিত্ৰ বটদ্ৰৱাত থানত ৷ বটদ্ৰৱাত উপস্থিত হৈ সাংসদজনে পোন প্ৰথমে বটদ্ৰৱা থানত আশীষ গ্ৰহন কৰে ৷ তাৰ পিচতেই সাংবাদিকৰে মত বিনিময় কৰে ৰাজ্যসভাৰ সাংসদ গৰাকীয়ে ৷ মন্ত্রী অতুল বৰা পুনৰ অগপৰ সভাপতি হিচাপে নিৰ্বাচিত হৈ কংগ্রেছ-এ আই ইউ ডি এফৰ মিত্রতাই অগপক লাভান্বিত কৰিব বুলি অতুল বৰাই কৰা মন্তব্য সম্পৰ্কে সাংবাদিকে কৰা প্ৰশ্ন উত্তৰত সাংসদজনে অগপক তীব্ৰভাষাৰে সমালোচনা কৰি কয় যে, যিটো দলে নিজৰ প্ৰাৰ্থীক টিকট দিয়াৰ ক্ষমতা নাই, যি দলে বিজেপিক নোসোধাকৈ একো সিদ্ধান্ত গ্ৰহন কৰিব নোৱাৰে, অসমৰ আঞ্চলিকতাবাদী জাতীয়তাবাদীক বিশ্বাসঘাতকতা কৰি বিজেপিৰ নেগুৰত ধৰি ৰাজনীতি কৰিব পাৰে সেই দলটোৰ এনে কথাক হাস্যকৰ বুলি মন্তব্য কৰে অজিত কুমাৰ ভূঞাই ।

বটদ্ৰৱা থানত উপস্থিত ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞা

আনহাতে, একাংশ ৰাজনৈতিক দলত যোগদান কৰা শিল্পীকো সাংসদ অজিত ভূঞাই সমালোচনা কৰে সাংসদ গৰাকীয়ে ৷ লগতে, ৰাজ্যসভাৰ সাংসদগৰাকীয়ে অগপ বিজেপিৰ সমান্তৰালভাবে ৰাজনীতিত অংশগ্রহণ কৰা শিল্পী সকলকো আক্ৰমনৰ লক্ষ্য কৰি লোৱা দেখিবলৈ পোৱা গ'ল বটদ্ৰৱাত ৷

উল্লেখ্য যে, সাংসদ গৰাকীৰ লগত দেখিবলৈ পোৱা গ'ল লাচিত বৰদলৈ, মেহদিআলম বৰা আৰু মীৰা বৰঠাকুৰকে আদি কৰি বহু নেতা-কৰ্মীক ।

লগতে পঢ়ক : টীয়কৰ মেলং চাহ বাগিছাত আটছাৰ ধৰ্ণা কাৰ্যসূচী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.