নগাঁও, 22 জানুৱাৰী : ৰাজ্যত অব্যাহত আছে গাড়ী চালকৰ উদ্ভণ্ডালি ৷ প্ৰতিদিনেই ৰাজ্যত সংঘটিত হৈ আহিছে বহু পথ দুৰ্ঘটনা ৷ আজি অৰ্থাৎ শুকুৰবাৰে নগাঁৱৰ ৰাঙলুত সংঘটিত হৈছে এক ভয়াবহ পথ দুৰ্ঘটনা ৷ এখন তীব্ৰ বেগী ট্ৰাকে মহতীয়াই নিলে এজন বাইক আৰোহীক । ৰাঙলু বজাৰৰ সমীপতে এই ভয়াৱহ পথ দুৰ্ঘটনাটো সংঘটিত হয় ৷ দুৰ্ঘটনাটোত গুৰুত্বৰ ভাৱে আহত হয় কাজল ঘোষ নামৰ এজন বাইক আৰোহী ৷ কিন্তু দুৰ্ঘটনাত গুৰুত্বৰ ভাৱে আঘাট প্ৰাপ্ত বাইক আৰোহী জনক কঠীয়াতলী চিকিৎসালয়লৈ নি থকাৰ অৱস্থাতেই আদ বাটতে মৃত্যুক সাৱতি লয় ৷ প্ৰাপ্ত তথ্য অনুসৰি, নিহত কাজল ঘোষৰ ঘৰ দূৰ্ঘটনাত গুৰুত্বৰ ভাৱে আঘাট প্ৰাপ্ত ত বুলি জানিব পৰা হৈছে ৷ কঠীয়াতলী অভিমুখে বাইকত আহি থকা সময়তেই পিছফালৰ পৰা এখন তীব্ৰ বেগী ট্ৰাকে খুন্দা মৰাৰ ফলতেই দুৰ্ঘটনাটো সংঘটিত হয় ৷ ইপিনে এই দুৰ্ঘটনাত গুৰুত্বৰ ভাৱে আঘাট প্ৰাপ্ত হয় কঠিয়াতলীৰে দিনেশ ঘোষ নামৰ আন এজন ব্যক্তিও ৷
যান-বাহন আৰক্ষী তথা প্ৰশাসনে পথ সুৰক্ষা সম্ভন্ধে বিভিন্ন সজাগতা মূলক সভা আৰু বিভিন্ন কঠোৰ নীতি-নিয়ম সংযোজন কৰিছে যদিও নাকী লগাব পৰা নাই পথত উদ্ভণ্ডালি কৰা গাড়ী চালক সকলক ৷ কেতিয়া যান-বাহন আৰক্ষীয়ে নাকী লগাব এই চালক সকলক , সেয়াহে হ'ব লক্ষণীয় ৷
লগতে পঢ়ক : ৰাইজৰ দলে উন্মোচন কৰিলে বিজেপিৰ ভুৱা প্ৰতিশ্ৰুতি