বঢ়মপুৰ,6 ছেপ্তেম্বৰঃ কামপুৰ বৰক'লা গুৰুদ্বাৰত উপস্থিত খাদ্য আৰু উদ্যোগ বিভাগৰ ৰাজ্যিক কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী ৷ প্ৰধান মন্ত্ৰী আত্মনিৰ্ভৰশীল ভাৰতৰ অধীনত গ্ৰামাঞ্চলৰ লোক সকলৰ মাজত খাদ্য সামগ্ৰী তৈয়াৰ কৰা ক্ষুদ্ৰ উদ্যোগ গঢ়ি তুলাৰ মানসেৰে দেওবাৰে বৰক'লাৰ বিভিন্ন স্থান পৰিভ্ৰমণ কৰে ৷
কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে আত্মসহায়ক গোট সমূহক লৈ অসমত 12 হাজাৰ ক্ষুদ্ৰ উদ্যোগ স্থাপন কৰা হ’ব বুলি উল্লেখ কৰে ৷ প্ৰতিটো উদ্যোগৰ বিপৰীতে 20 লাখকৈ টকা চৰকাৰে ঋণ প্ৰদান কৰিব বুলিও মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷ ইফালে আগন্তুক বিধান সভা নিৰ্বাচনত কংগ্ৰেছৰ মহাজোঁট বন্ধনে কিছু অসুবিধাত পেলাব যদিও বিজেপি দলেই চৰকাৰ গঠন কৰিব বুলি মন্তব্য কৰে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰীজনে ৷ বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাজ্যত বিভিন্ন ৰাজনৈতিক দল গঠনৰ কুচকাৱাজ চলিছে । এই দলসমূহকো ৰাজনৈতিক পথাৰলৈ আদৰণি জনালে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। উল্লেখ্যযোগ্য যে, বৰক'লাৰ বিভিন্ন স্থান পৰিভ্ৰমণৰ সময়ত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীক সংগ দিয়ে প্ৰাক্তন ৰাজ্যিক ৰে'লমন্ত্ৰী ৰাজেন গোহাঁই আৰু বিধায়ক ৰূপক শৰ্মাই ৷
লগতে পঢ়কঃ গোৱালপাৰাত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত লুণ্ঠনৰ অভিযোগ