ETV Bharat / state

বঢ়মপুৰত বিজেপি প্ৰাৰ্থীৰ টিকট লাভৰ সম্ভাৱনা ! - বিধায়ক প্ৰফুল্ল কুমাৰ মহন্ত

পুনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বঢ়মপুৰ সমষ্টিৰ বিধায়ক প্ৰফুল্ল কুমাৰ মহন্তক উদ্দেশ্যি তীব্ৰ বাক্যবাণ প্ৰাক্তন কেন্দ্ৰীয় ৰে'ল ৰাজ্য মন্ত্ৰী ৰাজেন গোঁহাইৰ । বিগত পাঁচটা বছৰে বিধায়ক প্ৰফুল্ল কুমাৰ মহন্তৰ পৰা সমষ্টিটোৰ বিজেপি কৰ্মীয়ে কোনো ধৰণৰ সা-সুবিধা লাভ কৰা নাই বুলি অভিযোগ উত্থাপন কৰিলে ৰাজেন গোঁহাইয়ে ।

বঢ়মপুৰত এইবাৰ বিজেপিৰ প্ৰাৰ্থীক টিকট প্ৰদানৰ সম্ভাৱনা

author img

By

Published : Feb 16, 2021, 2:00 PM IST

চামগুৰি,১৬ ফেব্ৰুৱাৰী: বঢ়মপুৰত পদুম ফুলাবলৈ উঠি পৰি লাগিছে প্ৰাক্তন ৰে'ল ৰাজ্য মন্ত্ৰী ৰাজেন গোঁহাই । নগাঁৱৰ বঢ়মপুৰ সমষ্টিৰ ননৈত সোমবাৰে অনুষ্ঠিত বিজেপিৰ পৃষ্ঠা প্ৰমুখ সভাত অংশগ্ৰহণ কৰি ৰাজেন গোঁহাইয়ে পুনৰ অসন্তুষ্টি ব্যক্ত কৰিলে মিত্ৰ দলৰ বিধায়ক প্ৰফুল্ল কুমাৰ মহন্তৰ বিৰুদ্ধে । অভিযোগ মতে, বিগত পাঁচ বছৰত সমষ্টিটোৰ বিজেপি দলৰ কৰ্মকর্তাই বিধায়কগৰাকীৰ পৰা কোনো ধৰণৰ সা-সুবিধা গ্ৰহণ কৰিব নোৱাৰি কষ্টত দিন কটাবলগীয়া হৈছে ।

আগন্তুক বিধানসভা নিৰ্বাচনত বিজেপিৰ কর্মীয়ে বঢ়মপুৰ সমষ্টিত নিজ দলৰ প্ৰাৰ্থীৰ বাবে নিৰ্বাচনী প্ৰস্তুতি চলাব পাৰিব বুলি মন্তব্য কৰি সমষ্টিটোত বিজেপি প্ৰাৰ্থীয়ে টিকট লাভ কৰাৰ সম্ভাৱনা প্ৰকট কৰে প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে ৷ বঢ়মপুৰত দিনক দিনে বিজেপি দলৰ সাংগঠনিক ভেঁটি শক্তিশালী হৈছে বুলি কৈ বিজেপি দলৰ প্ৰাৰ্থীয়ে টিকট লাভ কৰিলে বিজয় নিশ্চিত বুলিও দাবী কৰে ।

বঢ়মপুৰত এইবাৰ বিজেপিৰ প্ৰাৰ্থীক টিকট প্ৰদানৰ সম্ভাৱনা

উল্লেখ্য যে, বিগত লোকসভা নিৰ্বাচনত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে স্থিতি গ্ৰহণ কৰা স্বত্বেও বঢ়মপুৰত বিজেপি দলৰ প্ৰাৰ্থীগৰাকীয়ে গৰিষ্ঠ সংখ্যক ভোট লাভ কৰিবলৈ সক্ষম হৈছিল । সেয়ে, বঢ়মপুৰত বিজেপি দলৰ জনপ্ৰিয়তা দেখি দলটোৰ পৰা প্ৰাৰ্থীত্ব বিচাৰি ৰাজ্যিক নেতৃত্বক দাবী জনাই আহিছে দলীয় কৰ্মকর্তাই । বিজেপিৰ পৃষ্ঠা প্ৰমুখ সভাত স্বাস্থ্য বিভাগৰ ৰাজ্যিক মন্ত্ৰী পীযুষ হাজৰিকা উপস্থিত থাকে ।

লগতে পঢ়ক: বিটিআৰত নিযুক্তি পত্ৰ বিতৰণ প্ৰমোদ বড়োৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.